--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি দেশৰ পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ল৷ পাঁচখন ৰাজ্যৰ চাৰিখনতে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল৷ আৰু, কালি সন্ধিয়াই বিজেপিৰ বিজয় উৎসৱত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপস্থিত হৈছিল বিজেপিৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত৷ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ মোদীয়ে কালিৰ ফলাফলকে ২০২৪ৰ লোকসভাৰ সম্ভাৱ্য ফলাফল বুলি প্ৰতিপন্ন কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হ’ল৷   পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল আৰু মোদীৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰশান্ত কিশোৰে কয়, ভাৰতৰ বাবে যুঁজ দিয়া হ’ব আৰু ২০২৪ত সিদ্ধান্ত লোৱা হ’ব৷ আৰু কোনো ৰাজ্যিক নিৰ্বাচনে তাক প্ৰভাৱিত নকৰে৷ আওপকীয়াকৈ নৰেন্দ্ৰ মোদীকে উদ্দেশ্য কৰি কিশোৰে কয়, চাহেবে সেই কথা ভালকৈয়ে জানে! সেয়েহে বিৰোধীৰ ওপৰত এক মানসিক প্ৰভাৱ পেলাই, দেশবাসীৰ মাজত এক অদৃশ্য স্নায়ুযুঁজৰ সৃষ্টি কৰি প্ৰধানমন্ত্ৰীয়ে ২২ৰ নিৰ্বাচনী ফলাফললকে ২৪ৰ নিৰ্বাচনী ফলাফল বুলি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে৷   প্ৰধানমন্ত্ৰী মোদীয়ে কালি কৈছিল এনেদৰে, বহুলোকে কৈছিল যে ২০১৭ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সময়ত ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ ভাগ্য নিৰ্ণয় কৰা হৈছিল। মই কেৱল এয়াই ক’ব পাৰোঁ যে একেই চিন্তা এতিয়াও প্ৰযোজ্য৷ ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ২০২২ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ ফলাফলতে দেখা গৈছে৷ দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক বিজয় সমাৱেশত প্ৰধানমন্ত্ৰীয়ে সেই মন্তব্য কৰে৷   বিজেপিয়ে উত্তৰ প্ৰদেশত দ্বিতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিব পৰাকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজয় সাব্যস্ত কৰিছিল৷ অৱশ্যে, অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে পঞ্জাবত বিজেপিক ধৰাশায়ী কৰে৷   ৮০খন লোকসভা আসনৰ সৈতে ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য উত্তৰ প্ৰদেশক ৰাষ্ট্ৰীয় নিৰ্বাচনৰ ‘বেলৱেথাৰ’ বুলি গণ্য কৰা হয়। বিজেপি নেতাসকলে কালি কৈছিল যে উত্তৰ প্ৰদেশৰ বিজয়ে ভাৰতক শাসন কৰা মন্তব্যক শক্তিশালী কৰিছে।   প্ৰশান্ত কিশোৰে ২০১৪ত যেতিয়া চৰ্চালৈ আহিছিল, তেতিয়া তেওঁ বিজেপিৰ চমৎকাৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী প্ৰচাৰ নীতি তৈয়াৰ কৰাত সহায় কৰিছিল। বিগত বছৰবোৰত প্ৰশান্ত কিশোৰে এগৰাকী বিৰোধী খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে৷ মমতা বেনাৰ্জী আৰু এম.কে. ষ্টেলিনৰ দৰে নেতাৰ সৈতে কাম কৰি প্ৰশান্ত কিশোৰে ইতিমধ্যে দেশৰ ৰাজনীতিত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক