--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিজেপি চৰকাৰ কেন্দ্ৰত শাসনত অধীষ্ঠিত হোৱাৰ পাছতে দেশৰ বিভিন্ন স্বতন্ত্ৰ সংস্থাৰ স্বকীয়তা নাইকিয়া কৰি তোলাৰ অভিযোগ উত্থাপন হৈ আহিছে। বিভিন্ন কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ পৰা আৰম্ভ কৰি নিৰ্বাচন আয়োগলৈকে সকলোতে কেন্দ্ৰৰ অবাঞ্চিত হস্তক্ষেপে দেশৰ গণতান্ত্ৰিক গাঁঠনি সোলোক-ঢোলোক কৰি তোলা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে।

প্ৰায়বোৰ নিৰ্বাচনতে শাসকীয় দলে বিজেপিৰ সহায় হোৱাকৈ কাম কৰা বুলি উঠা অভিযোগো সৰ্বজনবিদিত। নিৰ্বাচন আয়োগৰ পূ্ৰ্বে বিজেপি নেতাই দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰা তথা পশ্চিমবংগৰ দৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দীঘলীয়া নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে কেন্দ্ৰৰ শাসনাধীষ্ঠ দলক সহায় কৰাৰ চেষ্টা নিৰ্বাচন আয়োগে কৰি অহা বুলিও অভিযোগ উত্থাপন হৈ আহিছে। বিভিন্ন বিৰোধী দলে অভিযোগ কৰি আহিছে যে, নিৰ্বাচন আয়োগে বিভিন্ন নিৰ্বাচনত বিজেপিৰ সহযোগীৰ দৰে কাম কৰি আহিছে।

শেহতীয়াকৈ অনুৰূপ অভিযোগ উত্থাপন হৈছে আৰু ইয়াকৈ লৈ দেশজুৰি বিতৰ্কৰ সূত্ৰপাত হৈছে। দেশে উত্তৰ প্ৰদেশ, পঞ্জাবকে ধৰি পাঁচখনকৈ গুৰুত্বপূৰ্ণ ৰাজ্যৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। সকলো দল ব্যস্ত হৈ পৰিছে প্ৰচাৰত। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে দেশৰ নিৰ্বাচন আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰি বৈঠকৰ বাবে নিমন্ত্ৰণ কৰাক লৈ চলিছে ব্যাপক বিতৰ্ক। এই কাৰ্যৰ জৰিয়তে নিৰ্বাচন আয়োগৰ দৰে স্বতন্ত্ৰ আৰু গুৰুত্বপূৰ্ণ সংস্থাৰ স্বতন্ত্ৰতাত আঘাত হনা বুলি অভিযোগ কৰিছে বিভিন্ন ৰাজনৈতিক দলে। ইয়াকে লৈ এতিয়া বিতৰ্ক চলিছে দেশৰ ৰাজনীতিত।


দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত (চিইচি)ক চৰকাৰী পত্ৰ প্ৰেৰণ কৰি বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱাক লৈ দেশজুৰি বিতৰ্ক অব্যাহত আছে। এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে। এই স্পষ্টীকৰণৰ আইন মন্ত্ৰণালয়ে প্ৰকাস কৰিছে যে, চিইচিলৈ প্ৰেৰণ কৰা পত্ৰ নিৰ্বাচন আয়োগৰ সচিব বা চিইচিৰ কোনো প্ৰতিনিধিক আমন্ত্ৰণ জনোৱাৰ বাবে আছিল আৰু এই বৈঠকৰ পাছত চিইচি আৰু আন দুগৰাকী নিৰ্বাচন আয়ুক্তৰ মাজৰ টেলিফোনিক বৈঠক নিৰ্বাচন সম্পৰ্কীয় সংস্কাৰ বিষয়ত মতভেদ আঁতৰ কৰাৰ বাবে আছিল।

এক বিজ্ঞপ্তিৰ জৰিয়তে নিৰ্বাচন আয়োগে প্ৰকাশ কৰে যে, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কেবিনেট সচিব, বিধি সচিবৱ আৰু বিধায়ী সচিবলৈ পত্ৰ প্ৰেৰণ কৰি ১৬ নৱেম্বৰত এক ‘সমান মতদাতা সূচী’ সম্পৰ্কীয় বিষয়ত বৈঠক অনুষ্ঠিত কৰা হৈছিল। এই পত্ৰ দেশৰ নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰা হোৱা নাছিল। কিন্তু এই স্পষ্টীকৰণে বিৰোধী দলসমূহক আশ্বস্ত কৰি তুলিব পৰা নাই।

কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী ৰাজনৈতিক দলে চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা নাইকিয়া কৰাৰ চেষ্টা চলাই থকা বুলি অভিযোগ কৰিছে। এই বিষয় সন্দৰ্ভত কংগ্ৰেছে লোকসভাত ‘কাৰ্যস্থগন’ নটিচ জাৰি কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ এই বিতৰ্কৰ খুব সোনকালে অৱসান হোৱাৰ সম্ভাৱনা নাই। ই দেশৰ নিৰ্বাচনী ব্যৱস্থাত সৃষ্টি হোৱা কেৰোণক প্ৰতিফলিত কৰা বুলিও তুমুল চৰ্চা চলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু