--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডালিমে তেজৰ উৎপাদন বৃদ্ধি কৰে, যাৰ বাবে ৰক্তহীনতা (Anaemia) ভোগা লোকৰ বাবে ই উত্তম পথ্য।

ডিজিটেল ডেস্ক: ডালিম(Pomegranate) এবিধ এক পুষ্টিকৰ আৰু ঔষধি গুণসমৃদ্ধ ফল। ই ৰসাল ফল। ডালিমৰ বহু স্বাস্থ্য উপকাৰিতা আছে। ডালিম এনে এবিধ ফল যিয়ে শৰীৰক সুস্থ কৰি ৰাখে বুলি জনা যায় ৷ 


ৰঙা ৰসাল গুটিৰে ভৰি থকা ডালিমে আমাক সুস্থ জীৱন প্ৰদান কৰাত সহায় কৰে। মানুহৰ দাঁত ধুনীয়া হলে ‘ডালিমগুটীয়া দাঁত’ বুলি কোৱা হয়। 


ডালিমৰ উপকাৰিতাৰ বিষয়ে জানো আহক


১) ডালিমে শৰীৰত ৰক্ত বৃদ্ধিকাৰক, হিমোগ্লোবিন বঢ়োৱা, আৰু হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে। 


২) ইয়াৰ ৰস স্মৃতিশক্তি বৃদ্ধি কৰা আৰু গৰমত দেহ শীতল ৰখাৰ লগতে, পাচন ক্ৰিয়া মজবুত কৰিবলৈ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ অত্যন্ত ফলপ্ৰসূ।


৩) ডালিমে তেজৰ উৎপাদন বৃদ্ধি কৰে, যাৰ বাবে ৰক্তহীনতা (Anaemia) ভোগা লোকৰ বাবে ই উত্তম পথ্য।


৪) এই ফলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, কলেষ্টেৰল কমায় আৰু ৰক্ত সঞ্চালন উন্নত কৰে।


৫) পেটৰ বিভিন্ন সমস্যা যেনে অৰুচি, অজীৰ্ণ, আৰু আমাশয় আদি ৰোগত ডালিমৰ ৰস উপকাৰী।


৬)শৰীৰৰ দুৰ্বলতা নাশক: শাৰীৰিক দুৰ্বলতা দূৰ কৰি স্মৃতিশক্তি বৃদ্ধি কৰাত ডালিমে সহায় কৰে।


৭) যৌৱন ধৰি ৰাখে: ডালিমৰ ৰসত থকা 'উৰোলিথিন' (Urolithin) উপাদানে পেশী শক্তিশালী কৰে আৰু বয়সৰ চাপ পৰাৰ পৰা শৰীৰক ৰক্ষা কৰে।


৮) ডায়েবেটিচ নিয়ন্ত্ৰণ: মধুমেহ বা ডায়েবেটিচ ৰোগীৰ বাবেও ডালিম উপকাৰী।  


৯) ছাল আৰু দাঁতৰ স্বাস্থ্যৰ বাবে ডালিম অতি ফলপ্ৰসূ বুলি কোৱা হৈছে ৷ ইয়াত থকা ভিটামিন চিয়ে ছালখনক সুস্থ কৰি তোলাই নহয়, উজ্জ্বল কৰি তোলে 


১০) ডালিম সেৱনে অকালতে দেখা দিয়া বলিৰেখাও দূৰ কৰে ৷ 


১১) ডালিম সেৱন কৰিলে দাঁতৰ গুৰিত হোৱা সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লগতে দাঁত মজবুত হয়।


১২) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত ডালিমে এক অগ্ৰণী ভূমিকা পালন কৰে ৷ ইয়াত থকা এন্টি অক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বাহ্যিক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে ৷


 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু