--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডালিমে তেজৰ উৎপাদন বৃদ্ধি কৰে, যাৰ বাবে ৰক্তহীনতা (Anaemia) ভোগা লোকৰ বাবে ই উত্তম পথ্য।

ডিজিটেল ডেস্ক: ডালিম(Pomegranate) এবিধ এক পুষ্টিকৰ আৰু ঔষধি গুণসমৃদ্ধ ফল। ই ৰসাল ফল। ডালিমৰ বহু স্বাস্থ্য উপকাৰিতা আছে। ডালিম এনে এবিধ ফল যিয়ে শৰীৰক সুস্থ কৰি ৰাখে বুলি জনা যায় ৷ 


ৰঙা ৰসাল গুটিৰে ভৰি থকা ডালিমে আমাক সুস্থ জীৱন প্ৰদান কৰাত সহায় কৰে। মানুহৰ দাঁত ধুনীয়া হলে ‘ডালিমগুটীয়া দাঁত’ বুলি কোৱা হয়। 


ডালিমৰ উপকাৰিতাৰ বিষয়ে জানো আহক


১) ডালিমে শৰীৰত ৰক্ত বৃদ্ধিকাৰক, হিমোগ্লোবিন বঢ়োৱা, আৰু হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে। 


২) ইয়াৰ ৰস স্মৃতিশক্তি বৃদ্ধি কৰা আৰু গৰমত দেহ শীতল ৰখাৰ লগতে, পাচন ক্ৰিয়া মজবুত কৰিবলৈ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ অত্যন্ত ফলপ্ৰসূ।


৩) ডালিমে তেজৰ উৎপাদন বৃদ্ধি কৰে, যাৰ বাবে ৰক্তহীনতা (Anaemia) ভোগা লোকৰ বাবে ই উত্তম পথ্য।


৪) এই ফলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, কলেষ্টেৰল কমায় আৰু ৰক্ত সঞ্চালন উন্নত কৰে।


৫) পেটৰ বিভিন্ন সমস্যা যেনে অৰুচি, অজীৰ্ণ, আৰু আমাশয় আদি ৰোগত ডালিমৰ ৰস উপকাৰী।


৬)শৰীৰৰ দুৰ্বলতা নাশক: শাৰীৰিক দুৰ্বলতা দূৰ কৰি স্মৃতিশক্তি বৃদ্ধি কৰাত ডালিমে সহায় কৰে।


৭) যৌৱন ধৰি ৰাখে: ডালিমৰ ৰসত থকা 'উৰোলিথিন' (Urolithin) উপাদানে পেশী শক্তিশালী কৰে আৰু বয়সৰ চাপ পৰাৰ পৰা শৰীৰক ৰক্ষা কৰে।


৮) ডায়েবেটিচ নিয়ন্ত্ৰণ: মধুমেহ বা ডায়েবেটিচ ৰোগীৰ বাবেও ডালিম উপকাৰী।  


৯) ছাল আৰু দাঁতৰ স্বাস্থ্যৰ বাবে ডালিম অতি ফলপ্ৰসূ বুলি কোৱা হৈছে ৷ ইয়াত থকা ভিটামিন চিয়ে ছালখনক সুস্থ কৰি তোলাই নহয়, উজ্জ্বল কৰি তোলে 


১০) ডালিম সেৱনে অকালতে দেখা দিয়া বলিৰেখাও দূৰ কৰে ৷ 


১১) ডালিম সেৱন কৰিলে দাঁতৰ গুৰিত হোৱা সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লগতে দাঁত মজবুত হয়।


১২) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত ডালিমে এক অগ্ৰণী ভূমিকা পালন কৰে ৷ ইয়াত থকা এন্টি অক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বাহ্যিক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে ৷


 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ