--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কলেষ্টৰল সমস্যাত ভুগিলে কেঁচা অমিতা উপকাৰী। কেঁচা অমিতা হাৰ্টৰ বাবেও ভাল। সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে মাজে কেঁচা অমিতাৰ আঞ্জা খাব লাগে ।

ডিজিটেল ডেস্কঃ অমিতাৰ উপকাৰিতাৰ বিষয়ে আমি কম-বেছি পৰিমাণে সকলোৱে জানো। অমিতা আমি দুই ধৰণে সেৱন কৰিব পাৰো। এবিধ কেঁচাকে আৰু আনবিধ পকাকৈ। পকা অমিতা সুস্বাদু আৰু পুষ্টিকৰ ফল। আনহাতে কেঁচা অমিতা আমি পাচলি হিচাপেও ৰান্ধি খাওঁ। অমিতা দাইলত দি, ভাজি বনাই, খাৰ আদি বনাই খাব পাৰো। মাংসৰ আঞ্জাতো অমিতা দিলে সুস্বাদু হয়, বিশেষকৈ ছাগলী মাংসত। 


অমিতাত ভিটামিন, এণ্টিঅক্সিডেণ্ট, এনজাইম, ফলেট, আঁহ আদিৰে ভৰপূৰ। আপুনি হয়তো ভাবি আচৰিত হৈছে তেনেই সাধাৰণ যেন লগা এই কেঁচা অমিতাৰো আছেনে ইমান গুণ? এই কেঁচা অমিতাই আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে আহকচোন চাওঁ।


১. হজম শক্তি বৃদ্ধি কৰাত কেঁচা অমিতা অতি উপকাৰী হয়। কেঁচা অমিতাত পেপেইন, কাইম’পেপেইন আদি বিভিন্ন এনজাইম আছে যিয়ে কাৰ্বহাইড্ৰেট, স্নেহ আৰু প্ৰটিনৰ বিপাকত সহায় কৰে। মাজে মাজে কেঁচা অমিতাৰ খাৰ খালে আমাৰ পাঁচনতন্ত্ৰৰ সমস্যা দূৰ হয়।


২. কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগত কেঁচা অমিতা অতি উপকাৰী হয়। ইয়াত থকা আঁহে পেট পৰিস্কাৰ কৰে। নিয়মিতভাৱে অৰ্শ ৰোগীয়ে কেঁচা অমিতাৰ আঞ্জা খালে বহুতখিনিয়ে উপশম লাভ কৰে।


৩. আমাৰ শৰীৰত নানান ধৰণৰ বিপাকীয় কাৰ্য চলি থাকে যিবোৰত বহুতো অলাগতিয়াল বৰ্জিত পদাৰ্থ উৎপন্ন হয় শৰীৰত এইবোৰ জমা হ'লে আমাৰ এলাৰ্জি, ছালৰ সমস্যা আদি নানান ৰোগ হয়। শৰীৰ শোধন কৰাত কেঁচা অমিতা অতি উপকাৰী। 


৪. গেছ, বদহজম, বুকু জ্বলা পোৰা, আদিৰ সমস্যাতো কেঁচা অমিতা অতি উপকাৰী।


৫. কলেষ্টৰল সমস্যাত ভুগিলে কেঁচা অমিতা উপকাৰী। কেঁচা অমিতা হাৰ্টৰ বাবেও ভাল। সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে মাজে কেঁচা অমিতাৰ আঞ্জা খাব লাগে ।


৬. প্ৰসূতি স্ত্ৰীৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰাত কেঁচা অমিতা উপকাৰী। তেওঁলোকে অমিতাৰ খাৰ, অমিতা দিয়া মুৰ্গী মাংসৰ জোল বা অমিতাৰ চবজি বনাই খালে সুফল পায়।


৭. বয়সস্থ লোকৰ চকুৰ বিভিন্ন সমস্যাতো কেঁচা অমিতা উপকাৰী।


৮. হাপানী, ব্ৰংকাইটিছ, কাহ-জ্বৰ আদিত কেঁচা অমিতা বহুত উপকাৰী হয়।


৯. বিশেষকৈ মহিলাৰ মাহেকীয়া সময়ত হোৱা পেটৰ বিষত কেঁচা অমিতাৰ আঞ্জা অতি উপকাৰী।


১০. কেঁচা অমিতা খাৰ হোৱা বাবে প্ৰসাৱৰ বেক্টেৰিয়াজনিত সংক্ৰমণত ই উপকাৰী।


১১. ওজন কমোৱাতো কেঁচা অমিতাই সহায় কৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে। ডায়েট প্লেনত থকা সকলে মাজে-সময়ে কেঁচা অমিতাৰ চবজি খোৱা উচিত।


১২. ডায়েবেটিচ ৰোগীৰ বাবেও কেঁচা অমিতা উত্তম। 


১৩. কেঁচা অমিতা খালে ছাল মসৃণ আৰু উজ্জ্বল হৈ থাকে।


১৪. টনচিলাইটিছ বা ফেৰিঞ্জাইটিছৰ দৰে সমস্যাত কেঁচা অমিতাৰ খাৰ উপকাৰী। 


{বি:দ্ৰ: গৰ্ভৱতী মহিলাৰ বাবে অমিতা অপকাৰী। তেওঁলোকে অমিতা সেৱন কৰিলে গৰ্ভপাত হোৱাৰো আশংকা থাকে।}


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু