--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কলেষ্টৰল সমস্যাত ভুগিলে কেঁচা অমিতা উপকাৰী। কেঁচা অমিতা হাৰ্টৰ বাবেও ভাল। সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে মাজে কেঁচা অমিতাৰ আঞ্জা খাব লাগে ।

ডিজিটেল ডেস্কঃ অমিতাৰ উপকাৰিতাৰ বিষয়ে আমি কম-বেছি পৰিমাণে সকলোৱে জানো। অমিতা আমি দুই ধৰণে সেৱন কৰিব পাৰো। এবিধ কেঁচাকে আৰু আনবিধ পকাকৈ। পকা অমিতা সুস্বাদু আৰু পুষ্টিকৰ ফল। আনহাতে কেঁচা অমিতা আমি পাচলি হিচাপেও ৰান্ধি খাওঁ। অমিতা দাইলত দি, ভাজি বনাই, খাৰ আদি বনাই খাব পাৰো। মাংসৰ আঞ্জাতো অমিতা দিলে সুস্বাদু হয়, বিশেষকৈ ছাগলী মাংসত। 


অমিতাত ভিটামিন, এণ্টিঅক্সিডেণ্ট, এনজাইম, ফলেট, আঁহ আদিৰে ভৰপূৰ। আপুনি হয়তো ভাবি আচৰিত হৈছে তেনেই সাধাৰণ যেন লগা এই কেঁচা অমিতাৰো আছেনে ইমান গুণ? এই কেঁচা অমিতাই আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে আহকচোন চাওঁ।


১. হজম শক্তি বৃদ্ধি কৰাত কেঁচা অমিতা অতি উপকাৰী হয়। কেঁচা অমিতাত পেপেইন, কাইম’পেপেইন আদি বিভিন্ন এনজাইম আছে যিয়ে কাৰ্বহাইড্ৰেট, স্নেহ আৰু প্ৰটিনৰ বিপাকত সহায় কৰে। মাজে মাজে কেঁচা অমিতাৰ খাৰ খালে আমাৰ পাঁচনতন্ত্ৰৰ সমস্যা দূৰ হয়।


২. কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগত কেঁচা অমিতা অতি উপকাৰী হয়। ইয়াত থকা আঁহে পেট পৰিস্কাৰ কৰে। নিয়মিতভাৱে অৰ্শ ৰোগীয়ে কেঁচা অমিতাৰ আঞ্জা খালে বহুতখিনিয়ে উপশম লাভ কৰে।


৩. আমাৰ শৰীৰত নানান ধৰণৰ বিপাকীয় কাৰ্য চলি থাকে যিবোৰত বহুতো অলাগতিয়াল বৰ্জিত পদাৰ্থ উৎপন্ন হয় শৰীৰত এইবোৰ জমা হ'লে আমাৰ এলাৰ্জি, ছালৰ সমস্যা আদি নানান ৰোগ হয়। শৰীৰ শোধন কৰাত কেঁচা অমিতা অতি উপকাৰী। 


৪. গেছ, বদহজম, বুকু জ্বলা পোৰা, আদিৰ সমস্যাতো কেঁচা অমিতা অতি উপকাৰী।


৫. কলেষ্টৰল সমস্যাত ভুগিলে কেঁচা অমিতা উপকাৰী। কেঁচা অমিতা হাৰ্টৰ বাবেও ভাল। সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে মাজে কেঁচা অমিতাৰ আঞ্জা খাব লাগে ।


৬. প্ৰসূতি স্ত্ৰীৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰাত কেঁচা অমিতা উপকাৰী। তেওঁলোকে অমিতাৰ খাৰ, অমিতা দিয়া মুৰ্গী মাংসৰ জোল বা অমিতাৰ চবজি বনাই খালে সুফল পায়।


৭. বয়সস্থ লোকৰ চকুৰ বিভিন্ন সমস্যাতো কেঁচা অমিতা উপকাৰী।


৮. হাপানী, ব্ৰংকাইটিছ, কাহ-জ্বৰ আদিত কেঁচা অমিতা বহুত উপকাৰী হয়।


৯. বিশেষকৈ মহিলাৰ মাহেকীয়া সময়ত হোৱা পেটৰ বিষত কেঁচা অমিতাৰ আঞ্জা অতি উপকাৰী।


১০. কেঁচা অমিতা খাৰ হোৱা বাবে প্ৰসাৱৰ বেক্টেৰিয়াজনিত সংক্ৰমণত ই উপকাৰী।


১১. ওজন কমোৱাতো কেঁচা অমিতাই সহায় কৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে। ডায়েট প্লেনত থকা সকলে মাজে-সময়ে কেঁচা অমিতাৰ চবজি খোৱা উচিত।


১২. ডায়েবেটিচ ৰোগীৰ বাবেও কেঁচা অমিতা উত্তম। 


১৩. কেঁচা অমিতা খালে ছাল মসৃণ আৰু উজ্জ্বল হৈ থাকে।


১৪. টনচিলাইটিছ বা ফেৰিঞ্জাইটিছৰ দৰে সমস্যাত কেঁচা অমিতাৰ খাৰ উপকাৰী। 


{বি:দ্ৰ: গৰ্ভৱতী মহিলাৰ বাবে অমিতা অপকাৰী। তেওঁলোকে অমিতা সেৱন কৰিলে গৰ্ভপাত হোৱাৰো আশংকা থাকে।}


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ