--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত এতিয়া নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক লৈ চলিছে ব্যাপক চৰ্চা৷ ভাৰতবৰ্ষৰ ইতিহাসত দ্ৰৌপদী মুৰ্মু হৈছে আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰপতি৷ সমান্তৰালভাৱে তেওঁ স্বাধীনতাৰ পিছত জন্ম হোৱা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি৷ ১৩৮ কোটি ভাৰতীয়ক প্ৰতিনিধিত্ব কৰা এইগৰাকী নাৰীৰ প্ৰতি আকৰ্ষিত  হৈ পৰিছে প্ৰায় সকলো ভাৰতীয়৷

কিন্তু, বহুতেই নাজানে এইগৰাকীৰ নাৰীৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ বিষয়ে। পৌৰ নিগমৰ উপাধ্যক্ষৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱালৈ দ্ৰৌপদী মু্ৰ্মুৰ এই যাত্ৰা আছিল সংঘাত আৰু অভিজ্ঞতাৰে ভৰা।  ১৯৫৮ চনত ওড়িশাৰ উপাৰবেদাত জন্ম লাভ কৰে দ্ৰৌপদী মুৰ্মুৱে৷ ৰাজনৈতিক জগতত ভৰি থোৱাৰ পূৰ্বে শিক্ষাক্ষেত্ৰতো এইগৰাকী নাৰী আছিল যথেষ্ট সফল৷

ভুবনেশ্বৰৰ ইউনিট টু হাইস্কুল আৰু পৰৱৰ্তী সময়ত ৰমা দেৱী কলেজ (বিশ্ববিদ্যালয়ত) তেওঁ শিক্ষা গ্ৰহণ কৰিছিল৷ ১৯৭৯ চনৰ পৰা ১৯৮৯ চনলৈ তেওঁ ওড়িশাৰ শক্তি আৰু জলসিঞ্চন বিভাগত এগৰাকী কনিষ্ঠ অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ইয়াৰোপৰি ময়ূৰভঞ্জৰ ৰায়ৰংপুৰৰ শ্ৰী অৰবিন্দ ইন্টিগ্ৰেল এডুকেশ্য চেন্টাৰত এগৰাকী শিক্ষয়ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল৷

সেই সময়ছোৱাতেই দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জগতখনৰ প্ৰতি আকৰ্ষিত হয়৷ এই আকৰ্ষণৰ ফলতেই তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে৷ ১৯৯৭ চনত তেওঁ ৰায়ৰংপুৰ পৌৰ নিগমলৈ নিৰ্বাচিত হয় আৰু উক্ত পৌৰ নিগমৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ৰাজনৈতিক জগতত সেয়াই আছিল তেওঁৰ প্ৰথম খোজ৷

সেই সময়ত হয়তো দ্ৰৌপদী মুৰ্মুৱে ভাবিবও পৰা নাছিল যে ৰায়ৰংপুৰত আৰম্ভ হোৱা সেই যাত্ৰাই ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনলৈকে দীঘলীয়া হ’ব৷ ২০০০ চনত দ্ৰৌপদী মুৰ্মুৰ ৰায়ৰংপুৰৰ পৰা পোন প্ৰথমবাৰৰ বাবে বিধান সভালৈ নিৰ্বাচিত হয় মুৰ্মু৷ বিধানসভাৰ সদস্য হিচাপে তেওঁ প্ৰথমে পৰিবহণ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়৷ পিছলৈ তেওঁ মীন আৰু পশুপালন বিভাগৰো মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছিল৷ উল্লেখযোগ্য যে, তেওঁক স্বতন্ত্ৰ বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছিল আৰু প্ৰথম কাৰ্যকালতে স্বতন্ত্ৰ বিভাগৰ দায়িত্ব লাভ কৰাৰ অভিজ্ঞতা বিৰল।

ইয়াতেই উমান পোৱা যায় দ্ৰৌপদী মুৰ্মুৰ কৰ্মস্পৃহা আৰু একাগ্ৰতাৰ বিষয়ে৷ ২০০৭ চনত তেওঁ ওড়িশাৰ শ্ৰেষ্ঠ বিধায়ক হিচাপে নীলকন্ঠ বঁটা লাভ কৰিছিল৷ এটা চাওতাল পৰিয়ালত জন্ম লাভ কৰা দ্ৰৌপদী মুৰ্মুৱে নিজ অঞ্চলৰ উন্নয়নৰ অহোপুৰুষাৰ্থ কৰিছিল৷ ২০০০ চনৰ পৰা ২০০০৪ চনলৈকে গঠিত বিজেডি আৰু বিজেপিৰ মৰ্চা চৰকাৰখনৰ তেওঁ মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল৷ এই মৰ্চা চৰকাৰ ভংগ হোৱাৰ পিছতো নিজ সমষ্টিলৈ পিঠি দিয়া নাছিল দ্ৰৌপদী মুৰ্মুৰে৷ এই একাগ্ৰতাৰ বাবেই ২০০৯ চনত শক্তিশালী প্ৰতিদ্বন্দ্বী নবীন পাটনায়কক পৰাজিত কৰি তেওঁ পুনৰ ৰায়ৰংপুৰৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয়৷

ব্যক্তিগত জীৱনতো অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল দ্ৰৌপদী মুৰ্মুৰ। অথচ এই প্ৰত্যাহ্বানক হেলাৰঙে অতিক্ৰম কৰি গৈছিল তেওঁ৷ তেখেতৰ প্ৰথম পুত্ৰৰ মাত্ৰ ২৫ বছৰতে মৃত্যু হৈছিল৷ ২০১৩ চনত কম বয়সতেই তেওঁৰ দ্বিতীয় পুত্ৰৰো মৃত্যু হয় । ২০১৪ চনত স্বামী শ্যাম চৰণ মুৰ্মুকো হেৰুৱাইছিল তেওঁ৷ স্বামীৰ মৃত্যুৰ পিছত তেওঁ ব্ৰহ্মকুমাৰী আন্দোলনত যোগদান কৰে আৰু তেওঁৰ কন্যা ইতিশ্ৰীয়ে ওড়িশাৰ এটা বেংকত চাকৰি কৰে৷ ইটোৰ পিছত সিটো সংঘাতে ৰাজনৈতিক জগতখনৰ পৰা আঁতৰাই ৰাখিব পৰা নাছিল দ্ৰৌপদী মুৰ্মুক

 সেই সময়ছোৱাতেই জনজাতীয় সম্প্ৰদায়ৰসমূহৰ প্ৰতি সংবেদনশীল ব্যক্তি হিচাপে তেওঁ সুনাম অৰ্জন কৰিছিল৷ ২০১৫ চনত তেওঁ ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিৰ্বাচিত হয়। সেই সময়ছোৱাত ঝাৰখণ্ডৰ ৰাজনৈতিক ক্ষেত্ৰখন যথেষ্ট অস্থিৰ হৈ পৰিছিল৷ চৰকাৰ সঘনে সলনি হৈছিল আৰু বিধায়কসকলে প্ৰায়েই দলত্যাগ কৰিছিল৷ আশ্চৰ্যজনকভাৱে , কাৰ্যকাল সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ৰাজ্যপাল হিচাপে দ্ৰৌপদী মুৰ্মুৱে গঢ়িছিল অভিলেখ৷ আৰু তেওঁৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হৈছিল৷

ৰাজ্যপাল হিচাপে কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক বিজেপি দলে ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত কৰে৷ আৰু অৱশেষত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় দ্ৰৌপদী মুৰ্মু৷ আন পদবীসমূহত দ্ৰৌপদী মুৰ্মুৱে যথেষ্ট সফলতাৰে কাৰ্যনিৰ্বাহ কৰালৈ চাই আশা কৰা হৈছে যে তেওঁ ৰাষ্ট্ৰপতি পদতো সুকলমে কাৰ্যনিৰ্বাহ কৰিব৷ ভাৰতবৰ্ষত নতুন দিগন্তৰ সূচনা হওক দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলগীয়া সময়ছোৱাত৷ এই আশা এতিয়া দেশবাসীৰ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে