--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দেশবাসীয়ে চৰকাৰৰ বিভিন্ন বিভাগ তথা বিষয়ৰ তথ্য লাভ কৰিব বুলি সকলোৰে মনত এক বদ্ধমূল ধাৰণা হৈছিল যদিও এতিয়াও হাজাৰ হাজাৰ আবেদন উত্তৰ প্ৰদান নকৰাকৈয়ে পৰি ৰোৱা কথাই বহুতকে হতাশো কৰিছে। সময়ে সময়ে এনে অভিযোগো উঠি আহিছে যে বহুতে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কোনো বিষয়ত তথ্য বিচাৰিও সেই তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। 

এনে অভিযোগ আদিৰ মাজতে আজি ৰাজ্যসভাৰ মজিয়াত কৰ্ণাটকৰ বিজেপি সাংসদ ইৰনা কাদাদীৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় কৰ্মচাৰী দপ্তৰৰ ৰাজ্যমন্ত্ৰী জীতেন্দ্ৰ সিঙে কয় যে ১৮ জুলাই, ২০২২ তাৰিখ পৰ্যন্ত তথ্য জনাৰ অধিকাৰ (আৰটিআই) আইনৰ অধীনত দাখিল কৰা ২৬,৫১৮ খন আবেদন আৰু অভিযোগ  কেন্দ্ৰীয় তথ্য আয়োগৰ (চিআইচি) ওচৰত পৰি ৰৈছে।

বিশেষকৈ কৰ্ণাটকৰ  অমীমাংসিত আবেদনসমূহৰ বিষয়ে সোধাত সিঙে কয় যে আৰটিআই আইনৰ আবেদনৰ বিষয়ত ৰাজ্য অনুসৰি তথ্য আদি সংশ্লিষ্ট ৰাজ্য চৰকাৰে প্ৰস্তুত কৰে।

চৰকাৰে আৰ.টি.আই. আৱেদন নিষ্পত্তিত পলম হোৱাৰ মূল্যাঙ্কন, ইয়াক সংশোধন কৰাৰ বাবে ল'ব লগা ব্যৱস্থাৰ বিষয়ে অৱশ্যে মন্ত্ৰীগৰাকীয়ে একো কথাই উল্লেখ নকৰিলে।

 আৰটিআই আবেদন অনলাইনত কৰিব পাৰিনে বুলি কাদাদীয়ে প্ৰশ্ন কৰাত  মন্ত্ৰীগৰাকীয়ে  কয় যে যিকোনো আবেদনকাৰীয়ে অনলাইন পৰ্টেললৈ গৈ আবেদন কৰিব পাৰে। "সকলো ৰাজ্যক অনলাইন আৰটিআই ব্যৱস্থা ৰূপায়ণৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। 

ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰক এই ক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ত অনলাইন আৰটিআই আবেদন কৰিব পৰাকৈ প্ৰয়োজনীয় ছফ্টৱেৰ আৰু  কাৰিকৰী সমৰ্থন প্ৰদান কৰিবলৈ কোৱা হৈছে বুলিও তেওঁ কয়।
উল্লেখ্য সৌসিদিনা  লোকসভাত  আৰটিআই কৰ্মীসকলৰ ওপৰত হোৱা আক্ৰমণ সম্পৰ্কে এটা প্ৰশ্নৰ উত্তৰত চৰকাৰে  কৈছিল যে চৰকাৰৰ ওচৰত আৰটিআই কৰ্মীসকলৰ ওপৰত হোৱা আক্ৰমণৰ কোনো তথ্য নাই।

গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে এক লিখিত উত্তৰত কৈছিল যে আৰটিআই আইন (২০০৫)ত আৰটিআই কৰ্মীসকলৰ কোনো কথা উল্লেখ নাই, আৰু আৰটিআই কৰ্মীসকল দেশৰ আন নাগৰিকৰ সমতুল্য। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)য়ে আৰটিআই কৰ্মীসকলৰ ওপৰত হোৱা আক্ৰমণ সম্পৰ্কে কোনো তথ্য সুকীয়াকৈ প্ৰকাশ নকৰে।

এই তথ্য প্ৰদান কৰি ৰায়ে লগতে কয়, "ভাৰতৰ সংবিধানৰ সপ্তম অনুসূচীৰ অধীনত আৰক্ষী আৰু ৰাজহুৱা আইন- শৃংখলাৰ বিষয়বোৰ ৰাজ্যৰ বিষয়৷ আৰটিআই কৰ্মীসকল দেশৰ নাগৰিক আৰু আৰ টি আই কৰ্মীসহ সকলো নাগৰিকক সুৰক্ষা প্ৰদান কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব৷

উল্লেখ্য বিগত কিছুদিনত আৰটিআই কৰ্মীসকলৰ ওপৰত আক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। কেৱল বিহাৰত যোৱা ১১ বছৰত ২০ জন আৰটিআই কৰ্মী নিহত হৈছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ  এক প্ৰতিবেদনত কোৱা হৈছিল   যে ২০০৫ চনত আৰটিআই আইন প্ৰণয়ন হোৱাৰ পিছত আৰটিআই কৰ্মীৰ ওপৰত  ১৭২ টা আক্ৰমণ আৰু ১৮৫ টা ভাবুকি প্ৰদান তথা নিৰ্যাতনৰ গোচৰ পঞ্জীয়ন কৰা হৈছে।

প্ৰতিবেদন অনুসৰি মহাৰাষ্ট্ৰত আৰটিআই কৰ্মীসকলৰ ওপৰত সৰ্বাধিক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ২০০৫ চনৰ পৰা  ৰাজ্যখনত আৰটিআই কৰ্মীক হত্যাৰ ১৬ টা গোচৰ, ৩৬ টা আক্ৰমণ আৰু ৪১ টা নিৰ্যাতন বা ভাবুকিৰ গোচৰ ৰুজু কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয়ৰ ৰূপত শুভাংশু শুক্লা
আমেৰিকাৰ গালত প্ৰচণ্ড চৰ ইৰানৰ! যুদ্ধত বিজয়ৰ দাবী সৰ্বোচ্চ ধৰ্মীয় নেতা খামেনেৰ
ঘৰৰ কোন দিশত দেৱাল ঘড়ী ৰাখিব লাগে? বাস্তুৰ বিশেষ নিয়ম জানি লওক,আপোনাৰ ভাগ্য জিলিকিব
সুগন্ধি অগৰু চুৰি! নাগালেণ্ড আৰক্ষীৰ জালত হোজাইৰ জুৱেৰ আহমেদ
তেলেংগনাত ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং ; ‘টপ’ক প্ৰতিনিধিত্ব কৰি খেলিব দুই অসম কন্যা লাভলিনা-অংকুশিতাই
সফল অস্ত্ৰোপচাৰৰ পিছত অনুৰাগীলৈ বিশেষ বাৰ্তা সূৰ্যকুমাৰ যাদৱৰ
ভাৰতত নিষিদ্ধ পাকিস্তানী ক্ৰিকেটাৰ কিন্তু ভাৰতৰ বাহিৰত আম্বানী, আদানী, শ্বাহৰুখ খানৰ হৈ খেলি আছে এইসকল ক্ৰিকেটাৰে
প্ৰেমিকাক কোলাত বহুৱাই ৰাজপথত প্ৰেমিকৰ বাইক ষ্টাণ্ট! ৫৩,৫০০ টকাৰ জৰিমনা আৰক্ষীৰ
লামডিঙত ন'বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি উত্তাল প্ৰতিবাদ
পশ্চিম কাৰ্বিআংলঙত চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে
যোৰহাটৰ পুৰণা বাছ আস্থানত গেছৰ পাইপ ফটাত তীব্ৰ আতংক
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই