--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শুই থাকোতে আমি সকলোৱে কিবা নহয় কিবা এটা সপোন দেখিবলৈ পাওঁ। কি ধৰণৰ সপোন মানুহে বেছিকৈ দেখে সেই কথা বিশেষজ্ঞসকলে ব্যাখ্যা কৰিছে। প্ৰত্যেকটো সপোনৰে বিভিন্ন অৰ্থও আছে। সপোনত কি আহে আৰু ইয়াৰ অৰ্থ কি হয় জানো আহক

 বিশেষজ্ঞৰ মতে, মানুহে গুগল বা গুগোলত (Googol)  আটাইতকৈ বেছি সন্ধান কৰা বিষয় হৈছে সাপৰ সপোন দেখাৰ অৰ্থ আৰু কাৰণ। অৰ্থাৎ এই ধৰণৰ অনুসন্ধান পৰা এয়া নিশ্চিত যে পৃথিৱীৰ বেছিভাগ মানুহেই সাপৰ সপোন দেখে। প্ৰথম আহে সাপৰ সপোন ,তাৰ পাছত গৰ্ভৱতী হোৱাৰ সপোন, বেছিভাগ ছোৱালীয়ে এই সপোন দেখা পায় আৰু তৃতীয় স্থানত আছে কুকুৰ-মেকুৰীৰ সপোন। মানুহে মূলতঃ নিজৰ পোহনীয়া জন্তুৰ সপোন দেখে। বহু সময়ত প্ৰয়াত পোহনীয়া জন্তুটোও সপোনত আহে।

১) সাপৰ সপোন দেখাৰ অৰ্থ : সাপৰ সপোন দেখাৰ অৰ্থ কি জানেনে? বিশেষজ্ঞসকলৰ মতে ই ইতিবাচক বা নেতিবাচক হ’ব পাৰে। কেতিয়াবা সৌভাগ্যৰ ইংগিত দিয়ে আৰু কেতিয়াবা বেয়া সময়ৰ ইংগিত দিয়ে। এই সপোনত নতুন সদস্যৰ জন্মৰ বাৰ্তাও আছে। ইয়াৰ উপৰিও ই ছালৰ ৰোগ, প্ৰত্যাহ্বান আৰু বিৰক্তিকৰ সময়ৰ ইংগিত দিয়ে।

২) গৰ্ভৱতী হোৱাৰ সপোন: গৰ্ভৱতী হোৱাৰ সপোন মানে কিন্তু সদায় শিশুটিৰ আগমনৰ খবৰ নহয়। ইয়াৰ উপৰিও ই কেৰিয়াৰৰ গুৰুত্ব বহন কৰে, সুযোগ গ্ৰহণ কৰা আৰু নতুন আৰম্ভণিৰ ইংগিত দিয়ে। বহুতে গৰ্ভৱতী নহোৱাৰো সপোন দেখে।

৩) কুকুৰ বা মেকুৰীৰ সপোন‌ : কুকুৰ বা মেকুৰীৰ সপোনৰ অৰ্থ হৈছে মেকুৰী প্ৰেম, সৃষ্টিশীলতা, শক্তি, উৎসাহ আৰু স্বাধীনতাৰ প্ৰতীক। কুকুৰৰ সপোনে আত্মবিশ্বাস, অহংকাৰ আৰু কথা-বতৰাৰ ইংগিত দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ