--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক প্ৰকাৰৰ বিলুপ্তপ্ৰায় দৃষ্টিনন্দন চৰায়ে সকলোৰে  মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নিউজিলেণ্ডৰ এখন অভয়াৰণ্যত বিশ্বৰ কিছুমান বিৰল চৰাইক বিলুপ্তিৰ পৰা ৰক্ষা কৰাৰ শেহতীয়া প্ৰচেষ্টাত ৱাইটা আৰু বেণ্ডিগো নামৰ দুটা উৰণহীন টাকাক মুকলি কৰি দিয়া হৈছিল।যাৰ ফটো বিয়পি পৰাৰ লগে লগে সকলোৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

যোৱা সপ্তাহত এক বিশেষ পদক্ষেপৰ অধীনত ১৮টা টাকাক দক্ষিণ দ্বীপৰ পাহাৰত পুনৰ মুকলি কৰা হয়, যাৰ লক্ষ্য হৈছে সৰু বন্য জনসংখ্যাক শক্তিশালী কৰা। যদিও এসময়ত চিকাৰীয়ে ১৯ শতিকাৰ শেষৰ ফালে টাকাক বিলুপ্তিৰ মুখলৈ লৈ গৈছিল যদিও ১৯৪৮ চনত কেইটামান চৰাইক আৱিষ্কাৰ কৰা হৈছিল।

টাকা হৈছে শকত চৰাই, ঠোঁট ৰঙা, ডাঠ ভৰি আৰু উজ্জ্বল নীলা আৰু সেউজীয়া পাখিৰ চৰাই। চৰাইটোৰ ওজন ৩ কিলোগ্ৰাম (৬.৬ পাউণ্ড) পৰ্যন্ত হ’ব পাৰে। নিউজিলেণ্ডৰ সংৰক্ষণ বিভাগে (ডক) জনোৱা মতে, ইয়াক প্ৰায়ে পুকেকো জলাশয়ৰ কুকুৰা বুলি ভুল কৰা হয় যিবোৰ দৃশ্যমানভাৱে পাতল।টাকা-এ বছৰত এবাৰহে প্ৰজনন কৰি এটাৰ পৰা দুটা পোৱালি ডাঙৰ কৰে আৰু ১৮-২২ বছৰলৈকে জীয়াই থাকে। ইহঁতে ষ্টাৰচিযুক্ত পাত আৰু গুটিৰ উচ্চ আঁহযুক্ত খাদ্য খাই জীৱন নিৰ্বাহ কৰে।

আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই দক্ষিণ দ্বীপ টাকাক বিলুপ্তপ্ৰায় বা বিলুপ্তিৰ তিনিখোজ দূৰত বুলি গণ্য কৰে। এই সংগঠনটোৱে উত্তৰ দ্বীপ টাকাক বিলুপ্ত বুলি ইতিমধ্যে চিহ্নিত কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন