--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ ৰাজনীতিক শত্ৰুঘ্ন সিনহাই শেহতীয়াকৈ যোগদান কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত৷ ২০১৯ত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা সিনহাই ১৫ মাৰ্চত যোগদান কৰিছিল তৃণমূল কংগ্ৰেছত৷ শত্ৰুঘ্ন সিনহাই তৃণমূলত যোগদান কৰাৰ পাছৰে পৰা সলনি হৈছে কলকাতাৰ ৰাজনৈতিক প্ৰেক্ষাপট৷ শত্ৰুঘ্ন সিনহাই ভাৰতীয় জাতীয় কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ ক্ষেত্ৰত নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা৷ সিনহাই কিয় কংগ্ৰেছ এৰিছিল বুলি সোধাত শত্ৰুঘ্ন সিনহাই কয় যে, দলত তেওঁৰ বাবে কি ভুল হৈছিল সেই বিষয়ে কথা পাতিবলৈ তেওঁ নাভাবে। শেহতীয়াকৈ কংগ্ৰেছৰ পৰা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছলৈ পৰিৱৰ্তনৰ কথা প্ৰকাশ কৰা শত্ৰুঘ্ন সিনহাই আজি কয় যে, নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহাই তেওঁৰ ক্ৰছঅ’ভাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শত্ৰুঘ্ন সিনহাই কয়, মমতা বেনাৰ্জীৰ দলত যোগদান কৰাতো মোৰ বাবে এটা ডাঙৰ সন্মান আৰু সুযোগ আছিল। তেওঁৰ দলে মোক বিচাৰিছিল, তেওঁ টুইট কৰিছিল যে মই তৃণমূলত থাকিব লাগে আৰু আছানচোল সংসদীয় সমষ্টিৰ পৰা যুঁজ দিব লাগে। এইক্ষেত্ৰত মোৰ ডাঙৰ ভাইটি যশৱন্ত সিনহা আৰু প্ৰশান্ত কিশোৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, মই সংকটৰ সময়ত কংগ্ৰেছক সমালোচনা কৰিব নিবিচাৰো৷ বিগত বৰ্ষত বিজেপি ত্যাগ কৰি টিএমচিত যোগদান কৰাৰ পিছত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই আছানচোল আসনখন খালী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক