--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ ৰাজনীতিক শত্ৰুঘ্ন সিনহাই শেহতীয়াকৈ যোগদান কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত৷ ২০১৯ত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা সিনহাই ১৫ মাৰ্চত যোগদান কৰিছিল তৃণমূল কংগ্ৰেছত৷ শত্ৰুঘ্ন সিনহাই তৃণমূলত যোগদান কৰাৰ পাছৰে পৰা সলনি হৈছে কলকাতাৰ ৰাজনৈতিক প্ৰেক্ষাপট৷ শত্ৰুঘ্ন সিনহাই ভাৰতীয় জাতীয় কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ ক্ষেত্ৰত নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা৷ সিনহাই কিয় কংগ্ৰেছ এৰিছিল বুলি সোধাত শত্ৰুঘ্ন সিনহাই কয় যে, দলত তেওঁৰ বাবে কি ভুল হৈছিল সেই বিষয়ে কথা পাতিবলৈ তেওঁ নাভাবে। শেহতীয়াকৈ কংগ্ৰেছৰ পৰা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছলৈ পৰিৱৰ্তনৰ কথা প্ৰকাশ কৰা শত্ৰুঘ্ন সিনহাই আজি কয় যে, নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিনহাই তেওঁৰ ক্ৰছঅ’ভাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শত্ৰুঘ্ন সিনহাই কয়, মমতা বেনাৰ্জীৰ দলত যোগদান কৰাতো মোৰ বাবে এটা ডাঙৰ সন্মান আৰু সুযোগ আছিল। তেওঁৰ দলে মোক বিচাৰিছিল, তেওঁ টুইট কৰিছিল যে মই তৃণমূলত থাকিব লাগে আৰু আছানচোল সংসদীয় সমষ্টিৰ পৰা যুঁজ দিব লাগে। এইক্ষেত্ৰত মোৰ ডাঙৰ ভাইটি যশৱন্ত সিনহা আৰু প্ৰশান্ত কিশোৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, মই সংকটৰ সময়ত কংগ্ৰেছক সমালোচনা কৰিব নিবিচাৰো৷ বিগত বৰ্ষত বিজেপি ত্যাগ কৰি টিএমচিত যোগদান কৰাৰ পিছত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই আছানচোল আসনখন খালী কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু