--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাজত মাথোঁ চৈধ্য দিন৷ ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ কৰিছে দেশৰ ৰাজনৈতিক দলসমূহে৷ ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমতো আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা৷ অসমত দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷ কংগ্ৰেছৰ ৰিপুণ বৰা আৰু ৰাণী নৰহে প্ৰতিনিধিত্ব কৰি থকা ৰাজ্যসভাৰ দুখন আসনৰ কাৰ্যকাল অন্ত পৰিব ২ এপ্ৰিলত৷ খালী হ’বলগীয়া এই দুখন আসনৰ বাবেই অসমত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷ এইবেলি ৰাজ্যসভাৰ দুয়োখন আসন দখল কৰাৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে৷ ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে ইতিমধ্যে ৰাজ্যসভাৰ দলীয় প্ৰাৰ্থীতালিকা প্ৰেৰণ কৰিছে দিল্লীলৈ। কালি নিশা অনুষ্ঠিত হৈছিল বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক। দীঘলীয়া বৈঠকৰ অন্তত এখন আসনত বিজেপি আৰু আনখন এখনত ইউপিপিএল-এ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম ৰাজ্যিক বিজেপিয়ে৷ কেন্দ্ৰীয় সমিতিৰ অনুমোদনৰ পাছতেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে৷ কালি অনুষ্ঠিত বৈঠকত বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত নোহোৱাত আৱেদন কৰা সকলো প্ৰাৰ্থীৰ নাম দিল্লীলৈ প্ৰেৰণৰ সিদ্ধান্ত কৰে ৰাজ্যিক সমিতিয়ে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি, বিজেপিৰ অসম ৰাজ্যিক সমিতিয়ে প্ৰেৰণ কৰা তালিকাত নাম আছে পুলক গোহাঁই, সুভাষ দত্ত, পৱিত্ৰ মাৰ্ঘেৰিটা, ৰমেন ডেকা, শান্তনু গগৈ, বিজয় গুপ্তা, ঋতুপৰ্ণ শৰ্মা আৰু মিছন ৰঞ্জন দাসৰ৷ একেদৰে, আনখন আসনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াবলগীয়া ইউপিপিএলৰ সম্ভাৱ্য প্ৰাৰ্থীগৰাকী হৈছে ৰণগৌড়া নাৰ্জাৰী৷ বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰামতে, বিজেপিৰ তালিকাত নাম থকাসকলৰ ভিতৰত দুগৰাকী জ্যেষ্ঠ বিজেপি নেতাৰ নাম ৰাজ্যসভাৰ এখন আসনৰ বাবে চৰ্চিত হৈছে৷ তাৰ ভিতৰত দুই জ্যেষ্ঠ বিজেপি নেতা সুভাষ দত্ত আৰু পৱিত্ৰ মাৰ্ঘেৰিটাৰ নাম চৰ্চালৈ আহিছে৷ ইয়াৰে, সুভাষ দত্ত এগৰাকী জ্যেষ্ঠ বিজেপি নেতা৷ দীৰ্ঘকাল বিজেপিৰ সৈতে জড়িত হৈ থকা সুভাষ দত্তক প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতিকৈ ঘনিষ্ঠ বুলি জনা যায়৷ সোণোৱালৰ ঘনিষ্ঠ হোৱাৰ সূত্ৰে দত্তই উজনি অসমত বিজেপিত এক প্ৰভাৱ বিস্তাৰ কৰি আহিছে৷ ৰাজ্যসভাত সৰ্বানন্দ সোণোৱালৰ প্ৰথম পচন্দ হৈছে সুভাষ দত্ত৷ সেয়ে দিল্লীস্থ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কেন্দ্ৰীয় সমিতিক সুভাষ দত্তক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷ আনহাতে, আজি চৰ্চালৈ আহিছে পৱিত্ৰ মাৰ্ঘেৰিটাৰ নাম৷ ৰাজ্যসভাৰ এখন আসনৰ বাবে পৱিত্ৰ মাৰ্ঘেৰিটাই টিকট পোৱাতো প্ৰায় নিশ্চিত বুলি জানিব পৰা গৈছে৷ একেদৰে, কংগ্ৰেছেও প্ৰাৰ্থিত্ব আগবঢ়াব ৰাজ্যসভা নিৰ্বাচনৰ বাবে৷ ইতিমধ্যে, ৰিপুণ বৰাই সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ৷ ৰাজ্যসভা নিৰ্বাচন প্ৰসংগত ইতিমধ্যে এআইইউডিএফ নেতৃত্বয়ো কংগ্ৰেছ হাইকমাণ্ডক সাক্ষাৎ কৰিছে৷ ৰাজ্যসভা নিৰ্বাচনত এআইইউডিএফে সমৰ্থন আগবঢ়াব কংগ্ৰেছক৷ অলপতে, কংগ্ৰেছ নেতৃত্বই সাক্ষাৎ কৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক৷ ৰাজ্যসভাৰ এখন আসনত কংগ্ৰেছৰ বিজয় প্ৰায় নিশ্চিত৷ কিন্তু, বিজেপিৰ প্ৰলোভনৰ ৰাজনীতিত যদি কোনো বিৰোধী বিধায়কে নিজৰ ভোট নষ্ট নকৰে, তেন্তে ৰাজ্যসভাৰ এখন আসনত অনায়াসে জয়লাভ কৰিব বিৰোধী প্ৰাৰ্থীয়ে৷ সেয়ে হৰ্ছ ট্ৰেডিঙৰ অভিযোগ থকা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীক ভাল মানুহ হ’বলৈ পৰামৰ্শ আগবঢ়াই কটাক্ষ কৰিছিল৷ এতিয়া লক্ষ্যণীয় হ’ব ৰাজ্যসভাৰ আনখন আসনত বিৰোধীৰ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব৷ আৰু, আনখন আসনত বিজেপিয়ে কাক প্ৰাৰ্থিত্ব আগবঢ়াই, তাৰ ওপৰত নিৰ্ভৰ কৰিছে বিজেপিৰ আভ্যন্তৰীণ ৰাজনীতিৰ গতিবিধি৷  
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ