--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  লেপটপ আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। লেপটপ ব্যৱহাৰৰ সঠিক উপায় হ’ল সঠিক উচ্চতাত টেবুল এখনত ৰাখি চকীখনত সঠিক অৱস্থাত বহি চলাব লাগে। কিন্তু যোৱা কেইবছৰমানৰ পৰা Work From Home সংস্কৃতি বহুত বাঢ়িছে, গতিকে বহু কৰ্মচাৰীয়ে বিচনাত পেট পেলাই লেপটপত কাম কৰি থাকে। কিন্তু এই কামে স্বাস্থ্যৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। 
জানি লওক কি কি।

১.ডিঙিৰ বিষ- যদি আপুনি বহু সময় পেটত পেলাই থকা অৱস্থাত লেপটপটো ব্যৱহাৰ কৰে, তেন্তে ডিঙিৰ বিষ বাঢ়িব পাৰে। ঘণ্টাৰ পিছত ঘণ্টা এই অৱস্থাত থকাৰ বাবে পিঠিত তীব্ৰ বিষ হোৱাৰ সম্ভাৱনাও থাকে, কাৰণ মেৰুদণ্ডৰ ওপৰত যথেষ্ট চাপ পৰে। যদি আপুনি বহু বছৰ ধৰি এই কাম কৰি আহিছে, তেন্তে আপুনি Cervical Pain ৰ বলি হ’ব পাৰে। গতিকে ইচ্ছাকৃতভাৱে ডিঙি আৰু মেৰুদণ্ডৰ চাপ বৃদ্ধি নকৰিব।

২. মেৰুদণ্ডৰ সমস্যা- পেট পেলাই ঘণ্টাৰ পিছত ঘণ্টা লেপটপ চলোৱাৰ বাবে মেৰুদণ্ডত প্ৰভাৱ পৰে। ইয়াৰ কাৰণে পিঠিৰ পেশীবোৰ টানিবলৈ আৰম্ভ কৰে আৰু হাড়ৰ বিষ বাঢ়ি যায়। মেৰুদণ্ডৰ কিবা এটা হ’লে আমি প্ৰতিবন্ধী হ’ব পাৰো, গতিকে তাৰ যত্ন লোৱাটো আমাৰ দায়িত্ব।

৩. হজম শক্তিৰ সমস্যা- যদি পেট পেলাই আমি লেপটপত বহু সময় কাম কৰো, তেন্তে ই আমাৰ হজম শক্তিত প্ৰভাৱ পেলোৱাটো নিশ্চিত, কাৰণ এনে অৱস্থাৰ আমাৰ বিপাকীয় ক্ৰিয়াত বেয়া প্ৰভাৱ পৰে। ই কোষ্ঠকাঠিন্য আৰু গেছৰ কাৰণ হ’ব পাৰে, আনকি আপোনাৰ ভোকত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনাও থাকে।

৪. চকুত বেয়া প্ৰভাৱ- পেট পেলাই লেপটপ ব্যৱহাৰ কৰিলে আমাৰ চকুত প্ৰভাৱ পৰে। ইয়াৰ বাবে চকু আৰু এই ইলেক্ট্ৰনিক গেজেটৰ মাজৰ সঠিক দূৰত্ব বজাই ৰখা নহয় আৰু তাৰ পিছত পৰ্দাৰ পোহৰে আমাৰ চকুত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। এনেকৈ হ’লে চকুৰ দৃষ্টিশক্তি হেৰুৱাৰ আশংকা থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা