--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ, ই জীৱনৰ আৰম্ভণিৰ পৰা শেষ উশাহলৈকে ধপধপাই থাকে। যদি ইয়াৰ যত্ন লোৱা নহয়, তেন্তে হাৰ্ট এটেক, ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ দৰে বিপদজনক আৰু মাৰাত্মক ৰোগৰ আশংকা থাকে। 

এনে পৰিস্থিতিত আমি দৈনন্দিন খাদ্যৰ পৰা তেলীয়া খাদ্য বাদ দি কেৱল স্বাস্থ্যকৰ বস্তুহে খোৱাটো জৰুৰী। গ্ৰেটাৰ নয়ডাৰ জিমছ হাস্পতালত কৰ্মৰত বিখ্যাত খাদ্য বিশেষজ্ঞ ডাঃ আয়ুষী যাদৱৰ মতে কিছু হালধীয়া ফল-মূল খালে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰি।

এই হালধীয়া ফল খালে হাৰ্ট এটেকৰ পৰা ৰক্ষা পৰিব

১) আমঃ আম হৈছে ফলৰ ৰজা। ই অতি স্বাস্থ্যকৰ ফল। আম হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। সেয়েহে স্বাস্থ্য ভালে ৰাখিবলৈ আম খোৱা উচিত।

২) নেমুঃ নেমু ঔষধি গুণেৰে সমৃদ্ধ এবিধ টেঙা ফল। যিটো চালাডৰ পৰা আৰম্ভ কৰি চৰ্বতলৈকে সকলোতে ব্যৱহাৰ কৰা হয়, ই হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰে।

৩) কলঃ কল যিমান খোৱা যায় সিমানেই ইয়াৰ উপকাৰিতা বেছি। পৰিমিতভাৱে কল খালে ওজন কমোৱাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উপকাৰ হয়।

৪) আনাৰসঃ আনাৰস খালে হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। কিন্তু বেছিকৈও খাব নালাগে কাৰণ ইয়াৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়।

৫) হালধীয়া কেপচিকামঃ কেপচিকাম আমি পাচলি বুলি খাও যদিও উদ্ভিদ বিজ্ঞানৰ মতে ই একপ্ৰকাৰৰ ফলহে। এই খাদ্যত আঁহ, আইৰণ আৰু ফ’লেট প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ বাবে শৰীৰে যথেষ্ট শক্তি লাভ কৰে আৰু একে সময়তে শৰীৰত তেজৰ অভাৱ নহয় আৰু হৃদযন্ত্ৰও সুস্থ হৈ থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ