--°C
Loading...
Listen to Article
2 min read
80%
গ্ৰীণ হাউছ গেছ নিৰ্গমন হ্ৰাস কৰাৰ আন্তঃৰাষ্ট্রীয় সকলো অভিযান ব্যৰ্থ হ’ল নেকি? বতৰৰ অগতানুগতিক ব্যৱহাৰ আৰু আচৰণৰ পাছত এই প্ৰশ্নৰ উদ্ৰেগ হৈছে। গোলকীয় উষ্ণতাই সভ্যতালৈ অশনি সংকেত কঢ়িয়াই আনিছে। কিন্তু এতিয়া বিশ্ব সম্প্ৰদায় নিৰ্লিপ্ত আৰু নিৰ্বিকাৰ। কিন্তু ধৰিত্ৰী বিপদাপন্ন হোৱাৰ মাজতো এতিয়া দৃষ্টকটূ সংঘাতত লিপ্ত হৈছে উন্নত আৰু উন্নয়নশীল দেশ। স্মৰণযোগ্য যে প্ৰাকৃতিক পৰিৱেশ আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰখাৰ বাবে ১৯৯০ পৰাই বিশ্বৰ দেশসমূহে ইখনৰ পাছত সিখনকৈ চুক্তি সম্পাদন কৰিছে। তৎসত্ত্বেও সম্পাদিত এই চুক্তিসমূহে আশানুৰূপ ফল দিয়াত ব্যৰ্থ হৈছে। এই সময়ছোৱা গোলকীয় উষ্ণতাৰ প্ৰত্যাহ্বানৰ মুখামুখী হোৱাৰ বাবে অনুষ্ঠিত হৈছে এখনৰ পাছত আন এখন আন্তঃৰাষ্ট্রীয় শীৰ্ষ সন্মিলন। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অংশগ্ৰহণ কৰা দেখা গৈছে এই সন্মিলনীসমূহত। সকলো দেশে বুজি উঠিছে পৰিৱেশ সলনিৰ আঁৰৰ বিজ্ঞান। কিন্তু সেউজ গেছ নিৰ্গমন হ্ৰাস কৰাৰ ক্ষেত্ৰত গ্ৰহণ নকৰে কোনো কাৰ্যকৰী ব্যৱস্থা। KYOTO PROTOCOL আৰু পেৰিছ চুক্তিও বিফল হোৱাৰ দুৱাৰদলিত। এই দুয়োখন চুক্তিতে গ্ৰীণ হাউছ গেছ নিৰ্গমন হ্ৰাস কৰিবলৈ সন্মত হৈছিল বিশ্বৰ প্ৰায় সকলো দেশ। কিন্তু এই চুক্তি সম্পাদন হোৱাৰ পাছতো যিটো হাৰত পৰিৱেশত এৰি দিয়া হৈছে কাৰ্বন-ডাই-অক্সাইড। সেই গেছে উত্তাপ ভয়ংকৰভাৱে বৃদ্ধি কৰিছে ধৰিত্ৰীৰ। বিপদজনকভাৱে বৃদ্ধি কৰিছে সাগৰপৃষ্ঠ। বিশ্ববাসী সাক্ষী হৈছে অভিলেখ খৰাং আৰু বানৰ। বিগত বৰ্ষৰ নৱেম্বৰত ৰাষ্ট্রসংঘৰ পৰিৱেশ সন্মিলন COP-26 অনুষ্ঠিত হৈছিল। ইয়াতো কেইবাখনো দেশে দিছিল নতুন নতুন প্ৰতিশ্ৰুতি। কিন্তু কাৰ্যক্ষেত্ৰত কোনোও প্ৰদূষণ হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। ১৯৯৭ চনৰ KYOTO PROTOCOL ২০০৫ত বলবৎ হৈছিল। এইখনেই সকলো দেশৰ বাবে বাধ্যতামূলক চুক্তি আছিল। এই চুক্তিমতে উন্নত দেশসমূহে গঢ়ে ৫ শতাংশ গ্ৰীণ হাউছ গেছ নিৰ্গমন হ্ৰাস কৰিবলৈ বাধ্য। দেশসমূহে কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ তদাৰক কৰাৰ বাবেও স্থাপন কৰা হৈছিল এক কৰ্তৃপক্ষ। কিন্তু এই চুক্তি ভাৰত-চীনকে ধৰি উন্নয়নশীল দেশসমূহক বাধ্য কৰিব পৰা নাছিল। আমেৰিকাই এই চুক্তি ১৯৯৮ত স্বাক্ষৰ কৰিছিল। কিন্তু তাৰ পাছত চুক্তিখনক কেতিয়াও অনুমোদন দিয়া নাছিল। পৰিশেষত আমেৰিকাই চুক্তিৰ পৰা স্বাক্ষৰ প্ৰত্যাহাৰ কৰিছিল। স্বাভাৱিকতে আমেৰিকা আঁতৰি অহাৰ পাছত KYOTO PROTOCOL কাৰ্যতঃ ব্যৰ্থ হৈছিল। পৰিৱেশ সন্দৰ্ভত এই পৰ্যন্ত সম্পাদিত আটাইতকৈ গুৰুত্বপূৰ্ণ চুক্তিখনেই হৈছে পেৰিছ চুক্তি। এই চুক্তি উদ্যোগীকৰণৰ পূৰ্বৰ তাপমাত্ৰা ১.৫ ডিগ্ৰীলৈ অৱনমিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু চুক্তিৰ পৰা আঁতৰি থাকে বিশ্বৰ দ্বিতীয় সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰা দেশ আমেৰিকা। ২০২০ত ৰাষ্ট্রপতি ট্ৰাম্পে এই চুক্তি প্ৰত্যাহাৰ কৰিছিল যদিও এতিয়া ৰাষ্ট্রপতি বাইডেনে কাৰ্যভাৰ লোৱাৰ ৫ মাহৰ ভিতৰতে চুক্তিৰ অংশিদাৰ হয়। পেৰিছ চুক্তিৰ পৰা আঁতৰি আছে ইৰান, ইৰাক, লিবিয়া আৰু ইয়েমেন। কাৰ্বন গেছ নিৰ্গমন ৰোধৰ বাবে কেইবাখনো আন্তঃৰাষ্ট্রীয় চুক্তি সম্পাদিত হৈছে সঁচা। কিন্তু উন্নত আৰু উন্নয়নশীল দেশসমূহৰ বাবে এই চুক্তি ব্যৰ্থ হৈছে। উন্নত দেশসমূহে অধীক গ্ৰীণ হাউছ নিৰ্গমন কৰা বুলি উন্নয়নশীল দেশসমূহে অভিযোগ কৰিছে। উন্নত দেশসমূহে গ্ৰীণ হাউছ নিৰ্গমন কৰি ইতিমধ্যে উন্নতিৰ জখলাৰ শীৰ্ষত আৰোহণ কৰিছে। ইউৰোপীয়ান ইউনিয়নৰ পাছত আমেৰিকাই সৰ্বাধিক গেছ নিৰ্গমন কৰিছে। গতিকে আমেৰিকাকে ধৰি উন্নত দেশে অধিক হাৰত গ্ৰীণ হাউছ নিৰ্গমন হ্ৰাস কৰাটো বিচাৰিছে উন্নয়নশীল দেশসমূহে। উন্নয়নশীল দেশ চীন আৰু ভাৰতো এতিয়া বিশ্বৰ অন্যতম গ্ৰীণ হাউছ নিৰ্গমন কৰা দেশত পৰিণত হৈছে। আমেৰিকাকে ধৰি উন্নত দেশসমূহে ভাৰত-চীনে অধিক হাৰত গ্ৰীণ হাউছ নিৰ্গমন হ্ৰাস কৰাটো বিচাৰিছে। কিন্তু এনে কৰিলে দেশৰ উন্নয়নত বিৰূপ প্ৰভাৱ পৰিব বুলি চীন-ভাৰতে মানি লোৱা নাই এই প্ৰস্তাৱ। KYOTO PROTOCOL মতে অকল উন্নত দেশসমূহে নিৰ্গমন হ্ৰাস কৰাটো বাধ্যতামূলক। কিন্তু পেৰিছ চুক্তিয়ে গ্ৰীণ হাউছ নিৰ্গমন হ্ৰাসৰ দায়িত্ব সকলো দেশে সমানে লোৱাটো বিচাৰিছে। আৰু তাতেই আৰম্ভ হৈছে সংঘাত। মুঠতে আমেৰিকাকে ধৰি উন্নত আৰু ভাৰত-চীনৰ দৰে উন্নয়নশীল দেশৰ অৰ্থপূৰ্ণ নীতিৰ অভাৱত বিগত বৰ্ষৰ COP26 শীৰ্ষ সন্মিলন সফল কাৰ্যত নহল । পেৰিছ জলবায়ু চুক্তিৰ মূল্য লক্ষ্য আছিল কয়লা, খাৰুৱা তেল আৰু গেছৰ ব্যৱহাৰ হ্ৰাস কৰা ।পৰৱৰ্তী দশকত ইয়াৰ ব্যৱহাৰ শূন্যলৈ নিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল পেৰিছ জলবায়ু চুক্তিয়ে । কিন্তু চীনে এতিয়াও কয়লা খনিতে নতুন নতুন প্ৰকল্পত বিনিয়োগ কৰি আছে ।ভাৰতেও দুখনলৈ বৃদ্ধি কৰিছে কয়লাৰ ব্যৱহাৰ ।ৰাছিয়াও গ্ৰীণ হাউছ গেছ নিৰ্গমন হ্ৰাসৰ বাবে একো কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?