--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানৰ চিকাৰ চহৰত চৰাইপ্ৰেমৰ এক অনন্য ঘটনা পোহৰলৈ আহিছে৷ এটি পোহনীয়া চৰাইৰ বিৰহত কান্দিছে এটি পৰিয়াল৷ যিকোনো উপায়েৰে বিচাৰি আনিব লাগে সেই চৰাইটো৷ আনকি চৰাইটো বিচৰাৰ বাবে পৰিয়ালটোৱে ঘোষণা কৰিছে ১ লাখ টকাৰ পুৰস্কাৰো৷ এই ঘটনাটো ৰাজস্থানৰ৷ এটি পৰিয়ালে তেওঁলোকৰ সন্ধানহীন আফ্ৰিকান ভাটৌ চৰাই, বিচাৰি উলিওৱাজনলৈ ঘোষণা কৰিছে ১ লাখ টকাৰ পুৰস্কাৰ৷ চৰাইটোৰ নাম ক'ক' বুলি উল্লেখ্য কৰে গৰাকী ডাঃ ভি কে জৈনে৷ আনহাতে, জানিব পৰা মতে ১ হাজাৰ টা শব্দও ক'ব পাৰে ক'ক'ই৷ জানিব পৰা মতে, তেওঁলোকৰ চাদত আহাৰ খুৱাই আছিল ভাটৌজনীক আৰু তেনে অৱস্থাতে চাদৰ পৰা উৰি গৈছিল চৰাইটো। তেওঁলোকৰ পোহনীয়া ভাটৌটো বিচাৰি উলিওৱাৰ বহু চেষ্টা কৰিছিল৷ আৰু প্ৰত্যকবাৰে বিফল হৈছিল৷ যাৰ বাবে পৰিয়ালটোৱে পুৰস্কাৰ ঘোষণা কৰে। উল্লেখ্য যে, ভাটৌজনী বিচাৰি তেওঁলোকে অঞ্চলটোত পত্ৰিকাও বিতৰণ কৰিছিল পৰিয়ালটোৱে৷ তাতো বিফল হৈছিল তেওঁলোক৷ চৰাইটো বিচাৰিবলৈ সামাজিক মাধ্যম আৰু অন্যান্য প্লেটফৰ্মৰো সহায় লয় পৰিয়ালটোৱে৷ পোহনীয়া জন্তুৰ গৰাকী ডাঃ ভি কে জৈন,তেওঁ এজন চিকাৰ চহৰৰ শল্য চিকিৎসক, তেওঁ কৈছিল, 'আমি প্ৰায় দুবছৰ আগতে ৮০হাজাৰ টকাত ভাটৌ ক্ৰয় কৰিছিলো। আমি তেতিয়াৰ পৰা ভাটৌজনী আমাৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰিছো।' তেওঁ লগতে এইবুলিও কয় যে,' কিন্তু মঙলবাৰে যেতিয়া মোৰ পত্নীয়ে ভাটৌটোক এটা আপেল খুৱাই আছিল, ই উৰি গৈছিল।' তেতিয়াৰ পৰা জৈনৰ পত্নীয়ে খোৱা-লোৱাও বন্ধ কৰি দিয়ে৷ ভাটৌৰ বিৰহত কান্দি দিন ৰাতি কটাইছে পৰিয়ালটো৷ ভাটৌজনী বিচাৰাৰ ক্ষেত্ৰত তেওঁ কয়, 'আৰম্ভণিতে মই ছ'চিয়েল নেটৱৰ্কিং প্লেটফৰ্ম ব্যৱহাৰ কৰিছিলো, বন্ধু বৰ্গ আৰু পৰিয়ালৰ সদস্যসকলক কল কৰিছিলো। আমি আনকি আৰক্ষীৰ সৈতেও যোগাযোগ কৰিছিলো। বৃহস্পতিবাৰে সন্ধিয়ালৈকে আমি আমাৰ ভাটৌজনীক বিচাৰি পোৱা নাই।' পুৰষ্কাৰৰ ধনৰ বিষয়ে ডাঃ জৈনে কয়, 'ধন-সম্পত্তি অপ্ৰয়োজনীয়। যিসকলে আমাৰ ক'ক'ক বিচাৰি পায় আমি তেওঁলোকক ১ লাখ টকা দিম। মই বহুত কৃতজ্ঞ হ'ম। আমাৰ ভাটৌজনী বহুত বুদ্ধিমান আৰু মই পত্ৰিকাও বিতৰণ কৰিছো আৰু মোৰ নম্বৰবোৰ ভাগ-বতৰা কৰিছো।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি