--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানৰ চিকাৰ চহৰত চৰাইপ্ৰেমৰ এক অনন্য ঘটনা পোহৰলৈ আহিছে৷ এটি পোহনীয়া চৰাইৰ বিৰহত কান্দিছে এটি পৰিয়াল৷ যিকোনো উপায়েৰে বিচাৰি আনিব লাগে সেই চৰাইটো৷ আনকি চৰাইটো বিচৰাৰ বাবে পৰিয়ালটোৱে ঘোষণা কৰিছে ১ লাখ টকাৰ পুৰস্কাৰো৷ এই ঘটনাটো ৰাজস্থানৰ৷ এটি পৰিয়ালে তেওঁলোকৰ সন্ধানহীন আফ্ৰিকান ভাটৌ চৰাই, বিচাৰি উলিওৱাজনলৈ ঘোষণা কৰিছে ১ লাখ টকাৰ পুৰস্কাৰ৷ চৰাইটোৰ নাম ক'ক' বুলি উল্লেখ্য কৰে গৰাকী ডাঃ ভি কে জৈনে৷ আনহাতে, জানিব পৰা মতে ১ হাজাৰ টা শব্দও ক'ব পাৰে ক'ক'ই৷ জানিব পৰা মতে, তেওঁলোকৰ চাদত আহাৰ খুৱাই আছিল ভাটৌজনীক আৰু তেনে অৱস্থাতে চাদৰ পৰা উৰি গৈছিল চৰাইটো। তেওঁলোকৰ পোহনীয়া ভাটৌটো বিচাৰি উলিওৱাৰ বহু চেষ্টা কৰিছিল৷ আৰু প্ৰত্যকবাৰে বিফল হৈছিল৷ যাৰ বাবে পৰিয়ালটোৱে পুৰস্কাৰ ঘোষণা কৰে। উল্লেখ্য যে, ভাটৌজনী বিচাৰি তেওঁলোকে অঞ্চলটোত পত্ৰিকাও বিতৰণ কৰিছিল পৰিয়ালটোৱে৷ তাতো বিফল হৈছিল তেওঁলোক৷ চৰাইটো বিচাৰিবলৈ সামাজিক মাধ্যম আৰু অন্যান্য প্লেটফৰ্মৰো সহায় লয় পৰিয়ালটোৱে৷ পোহনীয়া জন্তুৰ গৰাকী ডাঃ ভি কে জৈন,তেওঁ এজন চিকাৰ চহৰৰ শল্য চিকিৎসক, তেওঁ কৈছিল, 'আমি প্ৰায় দুবছৰ আগতে ৮০হাজাৰ টকাত ভাটৌ ক্ৰয় কৰিছিলো। আমি তেতিয়াৰ পৰা ভাটৌজনী আমাৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰিছো।' তেওঁ লগতে এইবুলিও কয় যে,' কিন্তু মঙলবাৰে যেতিয়া মোৰ পত্নীয়ে ভাটৌটোক এটা আপেল খুৱাই আছিল, ই উৰি গৈছিল।' তেতিয়াৰ পৰা জৈনৰ পত্নীয়ে খোৱা-লোৱাও বন্ধ কৰি দিয়ে৷ ভাটৌৰ বিৰহত কান্দি দিন ৰাতি কটাইছে পৰিয়ালটো৷ ভাটৌজনী বিচাৰাৰ ক্ষেত্ৰত তেওঁ কয়, 'আৰম্ভণিতে মই ছ'চিয়েল নেটৱৰ্কিং প্লেটফৰ্ম ব্যৱহাৰ কৰিছিলো, বন্ধু বৰ্গ আৰু পৰিয়ালৰ সদস্যসকলক কল কৰিছিলো। আমি আনকি আৰক্ষীৰ সৈতেও যোগাযোগ কৰিছিলো। বৃহস্পতিবাৰে সন্ধিয়ালৈকে আমি আমাৰ ভাটৌজনীক বিচাৰি পোৱা নাই।' পুৰষ্কাৰৰ ধনৰ বিষয়ে ডাঃ জৈনে কয়, 'ধন-সম্পত্তি অপ্ৰয়োজনীয়। যিসকলে আমাৰ ক'ক'ক বিচাৰি পায় আমি তেওঁলোকক ১ লাখ টকা দিম। মই বহুত কৃতজ্ঞ হ'ম। আমাৰ ভাটৌজনী বহুত বুদ্ধিমান আৰু মই পত্ৰিকাও বিতৰণ কৰিছো আৰু মোৰ নম্বৰবোৰ ভাগ-বতৰা কৰিছো।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক