--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : লাইবেৰিয়াৰ এটা শ্ৰেণীকোঠাত আকাশী নীলা চাৰ্ট আৰু নেভী শ্বৰ্ট পৰিধান কৰা এজন ছাত্ৰই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ ছাত্ৰজনে তেওঁতকৈ কমেও ছয় বছৰ সৰু শিক্ষাৰ্থীৰ সৈতে শিক্ষাগ্ৰহণ কৰে। অলপতে তেওঁৰ এখন আলোকচিত্ৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

কিন্তু এই দৃশ্যটোৰ আঁৰৰ কাহিনীটোৱে এক আলোড়নৰ সৃষ্টি কৰিছে। 'অনেষ্টি ইজ দ্য বেষ্ট পলিচী'- এই ফটোখনৰ আঁৰৰ এয়াই যেন মূল নীতি৷ আফ্ৰিকান টেক্সিচালক হিচাপে কৰ্মৰত তেওঁ৷ তেওঁৰ সততাক সমগ্ৰ বিশ্বই এতিয়া শলাগিছে৷ সকলোতে লাভ কৰিছে তেওঁ প্ৰশংসা। দৰাচলতে, বিগত বৰ্ষত, তেওঁ ৰাস্তাৰ কাষত প্লাষ্টিকৰ মোনাত মেৰিয়াই থোৱা আমেৰিকান আৰু লাইবেৰিয়ান নোটত প্ৰায় ৩৮ লাখ টকা লাভ কৰিছিল। 

১৯ বছৰীয়া যুৱকজনৰ নাম হৈছে ইমানুৱেল টুলো৷ তেওঁ পশ্চিম আফ্ৰিকাৰ দেশ লাইবেৰিয়াত টেক্সিচালক হিচাপে কৰ্মৰত। তেওঁ হেৰোৱা টকাখিনি পোৱাৰ পাছত টকাখিনি ঘূৰাই দিবলৈ বহু কষ্ট কৰিছিল, তেওঁ বিজ্ঞাপন দিছিল যে, যদি কোনোবাই চৰকাৰী ৰেডিঅ'ত টকাখিনিৰ বাবে আবেদন কৰে, তেন্তে তেওঁ সেইটো তেওঁক ঘূৰাই দিব।

ইমানুৱেলৰ জীৱনত পৰিৱৰ্তন আনিবলৈ সেই পৰিমাণৰ ধন যথেষ্ট আছিল, আনকি তেওঁ সেই টকাখিনিৰে লাহ বিলাসিতাৰে জীৱন কটাব পাৰে। কিন্তু তেওঁ ধনৰ সঠিক গৰাকী বিচাৰি উলিওৱাত সহায়ৰ বাবে ৰাষ্ট্ৰীয় ৰেডিঅ'ত আবেদন কৰিছিল। তেওঁৰ সততাৰ বাবে বঁটা লাভ কৰে৷ তেওঁ কিহেৰে পুৰস্কৃত কৰিব বুলি সোধাত তেওঁ কৈছিল যে, তেওঁক শিক্ষাগত অৰ্হতা সম্পূৰ্ণ কৰিবলৈ এখন ভাল মহাবিদ্যায়ললৈ যাব বিচাৰে৷

যাৰ পাছত ইমানুৱেলক লাইবেৰিয়াৰ অন্যতম প্ৰখ্যাত বিদ্যালয় ৰিক্স ইনষ্টিটিউটত ভৰ্তি কৰোঁৱা হয়। ৰাষ্ট্ৰপতি জৰ্জ ব্যাই ইমানুৱেলক প্ৰায় ৮ লাখ টকাৰেও পুৰস্কৃত কৰিছিল। এজন স্থানীয় সংবাদ মাধ্যমৰ মালিকে তেওঁক দৰ্শক আৰু দৰ্শকৰ পৰা লাভ কৰিছিল নগধ ধনেৰে ইমানুৱেলে ১ লাখ টকাৰ অধিক মূল্যৰ কিতাপ উপহাৰ হিচাপে দিছিল। ইয়াৰ উপৰি, এখন আমেৰিকান মহাবিদ্যালয়ে মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁক সম্পূৰ্ণ বৃত্তি প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে