--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ এখন আদালতে এগৰাকী শিক্ষকক মৃত্যুদণ্ড প্ৰদান কৰিছে, যিয়ে এখন ইছলামিক বৰ্ডিং স্কুলত ১৩ গৰাকী ছাত্ৰীক ধৰ্ষণ কৰিছিল। শিক্ষকজনক ইয়াৰ পূৰ্বে আজীৱন কাৰাদণ্ড দিয়া হৈছিল। যিটো ভুক্তভোগীপক্ষই বিৰোধিতা কৰিছিল আৰু তেওঁৰ মৃত্যুদণ্ড দাবী কৰিছিল। 

হেৰী ৱিৰাৱান নামৰ শিক্ষকজনে কৰা জঘন্য কাণ্ডৰ পাছতে ইণ্ডোনেছিয়াৰ ধৰ্মীয় বৰ্ডিং স্কুলৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। একে সময়তে আৰু প্ৰশ্ন উঠিছে যে এনে এখন বিদ্যালয়ত এই শিশুসকলক কেনেদৰে সুৰক্ষিত ৰাখিব পাৰি।  শিক্ষক হেৰী বীৰাৱানক ফেব্ৰুৱাৰীত বাণ্ডুঙৰ এখন মহানগৰ আদালতে আজীৱন কাৰাদণ্ড প্ৰদান কৰিছিল। কিন্তু এই শাস্তিত সন্তুষ্ট নহৈ সকলোৱে এই গোচৰটোত শিক্ষকজনক মৃত্যুদণ্ড দিবৰ বাবে আবেদন কৰিছিল।

সোমবাৰে বাণ্ডুগ উচ্চ ন্যায়ালয়ে গোচৰটোৰ ৰায় প্ৰদান কৰে। ৰায় প্ৰদানত শিক্ষক হেৰী ৱিৰাৱানক মৃত্যুদণ্ড দিয়া হ'ব বুলি ঘোষণা কৰা হয়। উল্লেখ্য যে ২০১৬ আৰু ২০২১ চনৰ ভিতৰত হেৰী ৱিৰাৱানে ১২ ৰ পৰা ১৬ বছৰ বয়সৰ ছাত্ৰীসকলক ধৰ্ষণ কৰিছিল। ইয়াৰে ৮গৰাকী ছাত্ৰী গৰ্ভৱতী হৈছিল। 

ইণ্ডোনেছিয়া হৈছে বিশ্বৰ অন্যতম বৃহৎ মুছলমান ৰাষ্ট্ৰ। এই দেশত হাজাৰ হাজাৰ ইছলামিক বৰ্ডিং স্কুল আৰু অন্যান্য ধৰ্মীয় বিদ্যালয় আছে। য'ত দৰিদ্ৰ পৰিয়ালৰ পৰা অহা শিশুসকলক শিক্ষা দিয়া হয়। শিক্ষকৰ এই জঘন্য কাণ্ড পোহৰলৈ অহাৰ পাছতে ইছলামিক বৰ্ডিং স্কুলত ছাত্ৰীসকলৰ নিৰাপত্তাৰ বিষয়টোৱে বিশ্বজুৰি চৰ্চা লাভ কৰিছে। আনহাতে ইণ্ডোনেচিয়াৰ মানৱ অধিকাৰ আয়োগে শিক্ষকগৰাকীৰ মৃত্যুদণ্ডৰ বিৰোধিতা কৰিছে। আয়োগে কয় যে ''এয়া উচিত হোৱা নাই।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে