--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ এখন আদালতে এগৰাকী শিক্ষকক মৃত্যুদণ্ড প্ৰদান কৰিছে, যিয়ে এখন ইছলামিক বৰ্ডিং স্কুলত ১৩ গৰাকী ছাত্ৰীক ধৰ্ষণ কৰিছিল। শিক্ষকজনক ইয়াৰ পূৰ্বে আজীৱন কাৰাদণ্ড দিয়া হৈছিল। যিটো ভুক্তভোগীপক্ষই বিৰোধিতা কৰিছিল আৰু তেওঁৰ মৃত্যুদণ্ড দাবী কৰিছিল। 

হেৰী ৱিৰাৱান নামৰ শিক্ষকজনে কৰা জঘন্য কাণ্ডৰ পাছতে ইণ্ডোনেছিয়াৰ ধৰ্মীয় বৰ্ডিং স্কুলৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। একে সময়তে আৰু প্ৰশ্ন উঠিছে যে এনে এখন বিদ্যালয়ত এই শিশুসকলক কেনেদৰে সুৰক্ষিত ৰাখিব পাৰি।  শিক্ষক হেৰী বীৰাৱানক ফেব্ৰুৱাৰীত বাণ্ডুঙৰ এখন মহানগৰ আদালতে আজীৱন কাৰাদণ্ড প্ৰদান কৰিছিল। কিন্তু এই শাস্তিত সন্তুষ্ট নহৈ সকলোৱে এই গোচৰটোত শিক্ষকজনক মৃত্যুদণ্ড দিবৰ বাবে আবেদন কৰিছিল।

সোমবাৰে বাণ্ডুগ উচ্চ ন্যায়ালয়ে গোচৰটোৰ ৰায় প্ৰদান কৰে। ৰায় প্ৰদানত শিক্ষক হেৰী ৱিৰাৱানক মৃত্যুদণ্ড দিয়া হ'ব বুলি ঘোষণা কৰা হয়। উল্লেখ্য যে ২০১৬ আৰু ২০২১ চনৰ ভিতৰত হেৰী ৱিৰাৱানে ১২ ৰ পৰা ১৬ বছৰ বয়সৰ ছাত্ৰীসকলক ধৰ্ষণ কৰিছিল। ইয়াৰে ৮গৰাকী ছাত্ৰী গৰ্ভৱতী হৈছিল। 

ইণ্ডোনেছিয়া হৈছে বিশ্বৰ অন্যতম বৃহৎ মুছলমান ৰাষ্ট্ৰ। এই দেশত হাজাৰ হাজাৰ ইছলামিক বৰ্ডিং স্কুল আৰু অন্যান্য ধৰ্মীয় বিদ্যালয় আছে। য'ত দৰিদ্ৰ পৰিয়ালৰ পৰা অহা শিশুসকলক শিক্ষা দিয়া হয়। শিক্ষকৰ এই জঘন্য কাণ্ড পোহৰলৈ অহাৰ পাছতে ইছলামিক বৰ্ডিং স্কুলত ছাত্ৰীসকলৰ নিৰাপত্তাৰ বিষয়টোৱে বিশ্বজুৰি চৰ্চা লাভ কৰিছে। আনহাতে ইণ্ডোনেচিয়াৰ মানৱ অধিকাৰ আয়োগে শিক্ষকগৰাকীৰ মৃত্যুদণ্ডৰ বিৰোধিতা কৰিছে। আয়োগে কয় যে ''এয়া উচিত হোৱা নাই।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ