--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৯ আগষ্টত ঝাৰখণ্ডৰ হেমন্ত ছ’ৰেন চৰকাৰে এজন তৃতীয় লিংগক চৰকাৰী চাকৰি দি ইতিহাসৰ ৰচিলে। ৰাজ্যখনৰ তৃতীয় লিংগসকলৰ বাবে এইয়া আছিল এক সপোন ।তৃতীয় লিংগ আমিৰ মাহাটো সকলোৰে বাবে আদৰ্শ হৈ পৰিল আৰু মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে নিযুক্তি পত্ৰখন গতাই দিয়াত তেওঁক অতি সুখী যেন দেখা গ’ল। 

আমিৰ মাহাটো ৰাজ্যৰ পশ্চিম সিংভূম জিলাৰ বাসিন্দা। সম্বলপুৰৰ পৰা মহটোৱে নাৰ্চিং ট্ৰেইনিং কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৩৬৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। আমিৰ মহতোৱে কয় যে মাকে তেওঁক নাৰ্ছ হোৱাটো বিচাৰিছিল, কিন্তু ঘৰৰ পৰিস্থিতি অনুকূল নাছিল সেইবাবে সেই সময়ত মাকে বিচৰা বৃত্তিটো তেওঁ গ্ৰহণ কৰিব পৰা নাছিল। কিন্তু আজি তেওঁৰ মাকৰ সেই সপোন পূৰণ হ'ল।


আমিৰে কয় যে তেওঁৰ ভগৱানৰ বিৰুদ্ধে কোনো অভিযোগ নাই। সঁচাকৈয়ে তাই বৰ সুখী আৰু নিজকে সফল অনুভৱ কৰে। তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁক ঝাৰখণ্ড চি এইচ অ’ পদত নিযুক্তি দিয়া হ’ব। এই পদক্ষেপ আৰু ধাৰণাটোৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে। ইতিমধ্যে বিহাৰ, কৰ্ণাটক, পশ্চিমবংগ আৰু তামিলনাডুত তৃতীয় লিংগৰ নিযুক্তিৰ ব্যৱস্থা আছে।কিন্তু এতিয়া ঝাৰখণ্ডেও তৃতীয় লিংগৰ বাবে নিযুক্তিৰ নতুন পথ মুকলি কৰিছে। ইয়াৰ দ্বাৰা তেওঁলোকে সন্মানজনক আৰু গুণগত জীৱন যাপন কৰাত সুবিধা হ’ব।

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ঝাৰখণ্ডৰ কেবিনেটে তৃতীয় লিংগৰ বাবে আসন ৰিজাৰভেশ্যনৰ অনুমোদন জনাইছিল। ঝাৰখণ্ড চৰকাৰে শিক্ষানুষ্ঠানত ৰিজাৰভেশ্যন আৰু চৰকাৰী নিযুক্তিৰ ব্যৱস্থা কৰিছে। তৃতীয় লিংগৰ অ’বিচি কোটাৰ অধীনত ৰিজাৰভেশ্যনৰ অধিকাৰ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ