--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৯ আগষ্টত ঝাৰখণ্ডৰ হেমন্ত ছ’ৰেন চৰকাৰে এজন তৃতীয় লিংগক চৰকাৰী চাকৰি দি ইতিহাসৰ ৰচিলে। ৰাজ্যখনৰ তৃতীয় লিংগসকলৰ বাবে এইয়া আছিল এক সপোন ।তৃতীয় লিংগ আমিৰ মাহাটো সকলোৰে বাবে আদৰ্শ হৈ পৰিল আৰু মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে নিযুক্তি পত্ৰখন গতাই দিয়াত তেওঁক অতি সুখী যেন দেখা গ’ল। 

আমিৰ মাহাটো ৰাজ্যৰ পশ্চিম সিংভূম জিলাৰ বাসিন্দা। সম্বলপুৰৰ পৰা মহটোৱে নাৰ্চিং ট্ৰেইনিং কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৩৬৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। আমিৰ মহতোৱে কয় যে মাকে তেওঁক নাৰ্ছ হোৱাটো বিচাৰিছিল, কিন্তু ঘৰৰ পৰিস্থিতি অনুকূল নাছিল সেইবাবে সেই সময়ত মাকে বিচৰা বৃত্তিটো তেওঁ গ্ৰহণ কৰিব পৰা নাছিল। কিন্তু আজি তেওঁৰ মাকৰ সেই সপোন পূৰণ হ'ল।


আমিৰে কয় যে তেওঁৰ ভগৱানৰ বিৰুদ্ধে কোনো অভিযোগ নাই। সঁচাকৈয়ে তাই বৰ সুখী আৰু নিজকে সফল অনুভৱ কৰে। তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁক ঝাৰখণ্ড চি এইচ অ’ পদত নিযুক্তি দিয়া হ’ব। এই পদক্ষেপ আৰু ধাৰণাটোৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে। ইতিমধ্যে বিহাৰ, কৰ্ণাটক, পশ্চিমবংগ আৰু তামিলনাডুত তৃতীয় লিংগৰ নিযুক্তিৰ ব্যৱস্থা আছে।কিন্তু এতিয়া ঝাৰখণ্ডেও তৃতীয় লিংগৰ বাবে নিযুক্তিৰ নতুন পথ মুকলি কৰিছে। ইয়াৰ দ্বাৰা তেওঁলোকে সন্মানজনক আৰু গুণগত জীৱন যাপন কৰাত সুবিধা হ’ব।

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ঝাৰখণ্ডৰ কেবিনেটে তৃতীয় লিংগৰ বাবে আসন ৰিজাৰভেশ্যনৰ অনুমোদন জনাইছিল। ঝাৰখণ্ড চৰকাৰে শিক্ষানুষ্ঠানত ৰিজাৰভেশ্যন আৰু চৰকাৰী নিযুক্তিৰ ব্যৱস্থা কৰিছে। তৃতীয় লিংগৰ অ’বিচি কোটাৰ অধীনত ৰিজাৰভেশ্যনৰ অধিকাৰ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু