--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ সৰ্বোচ্চ আদালত উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ৮২,৮৩১টা গোচৰ।বৰ্তমান এইটোৱেই সৰ্বাধিক সংখ্যক বিচাৰাধীন গোচৰ। যোৱা এবছৰৰ ভিতৰত প্ৰায় ২৭,৬০৪টা বিচাৰাধীন গোচৰ ৰুজু হৈছে। 

এক প্ৰতিবেদন অনুসৰি ২০২৪ চনত উচ্চতম ন্যায়ালয়ত ৩৮,৯৯৫টা নতুন গোচৰ ৰুজু হৈছিল। ইয়াৰে ৩৭,১৫৮টা গোচৰ মীমাংসা হয়। যোৱা ১০ বছৰত ৮ গুণ বৃদ্ধি পাইছে বিচাৰাধীন গোচৰৰ সংখ্যা। ২০১৫ আৰু ২০১৭ চনত হ্ৰাস পাইছিল বিচাৰাধীন গোচৰ।

উল্লেখ্য যে, ২০১৪ চনত উচ্চ ন্যায়ালয়ত মুঠ ৪১ লাখ গোচৰ ৰুজু হৈ আছিল, যি এতিয়া ৫৯ লাখলৈ বৃদ্ধি পাইছে। যোৱা ১০ বছৰত এবাৰহে হ্ৰাস পাইছে বিচাৰাধীন গোচৰ। ২০১৪ চনত বিচাৰ আদালতত ২.৬ কোটি গোচৰ চলি আছিল, কিন্তু এতিয়া ৪.৫ কোটি।

২০১৩ চনত উচ্চতম ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ সংখ্যা ৫০ হাজাৰৰ পৰা ৬৬ হাজাৰলৈ বৃদ্ধি পাইছিল। কিন্তু পিছৰ বছৰ ২০১৪ চনত মুখ্য ন্যায়াধীশ পি সথাশিৱম আৰু আৰ এম লোধাৰ কাৰ্যকালত বিচাৰাধীন গোচৰৰ সংখ্যা ৬৩ হাজাৰলৈ হ্ৰাস পায়। ইয়াৰ পিছৰ এবছৰত ৪ হাজাৰ হ্ৰাস হৈ গোচৰৰ সংখ্যা ৫৯ হাজাৰ হয়।

২০১৭ চনত ন্যায়াধীশ জে এছ খেহাৰে গোচৰ ব্যৱস্থাপনাত কাগজবিহীন আদালতৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ বাবে গোচৰসমূহ ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰা হয় আৰু বিচাৰাধীন গোচৰৰ সংখ্যা ৫৬ হাজাৰলৈ হ্ৰাস পায়। কিন্তু ২০১৮ চনত পুনৰ ৫৭ হাজাৰলৈ বৃদ্ধি পালে বিচাৰাধীন গোচৰ।

২০০৯ চনত উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ২৬ৰ পৰা ৩১ জনলৈ বৃদ্ধি কৰা হয়। ইয়াৰ পিছতো বিচাৰধীন গোচৰৰ সংখ্যা হ্ৰাস পোৱা নাছিল। ২০১৯ চনত চি জে আই ন্যায়াধীশ ৰঞ্জন গগৈৰ কাৰ্যকালত চৰকাৰে সংসদীয় আইনৰ অধীনত ন্যায়াধীশৰ সংখ্যা ৩১ৰ পৰা ৩৪লৈ বৃদ্ধি কৰে। ইয়াৰ পিছতো গোচৰৰ সংখ্যা ৫৭ হাজাৰৰ পৰা ৬০ হাজাৰলৈ বৃদ্ধি পালে।


২০২০ চনত ক’ভিড মহামাৰীয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায় প্ৰদান ব্যৱস্থাতো প্ৰভাৱ পেলাইছিল। সেই সময়ত ন্যায়াধীশ এছ এ ববডে চি জে আই আছিল। কিন্তু কিছু সময়ৰ পাছত ভাৰ্চুৱেল প্ৰক্ৰিয়া চলিল যদিও বিচাৰধীন গোচৰৰ সংখ্যা ৬৫ হাজাৰলৈ বৃদ্ধি পালে। আনকি ২০২১ চনতো ক’ভিডৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাৰ্য্যবিধিত প্ৰভাৱ পৰিছিল ৷ ইয়াৰ বাবে বিচাৰাধীন গোচৰ ৭০ হাজাৰলৈ বৃদ্ধি পায় আৰু ২০২২ চনৰ শেষৰ ফালে এই সংখ্যা ৭৯ হাজাৰলৈ বৃদ্ধি পালে। এই সময়ছোৱাতে  চি জে আই ৰমনা আৰু ইউ ইউ ললিতে অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ চি জে আই হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু