--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ সৰ্বোচ্চ আদালত উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ৮২,৮৩১টা গোচৰ।বৰ্তমান এইটোৱেই সৰ্বাধিক সংখ্যক বিচাৰাধীন গোচৰ। যোৱা এবছৰৰ ভিতৰত প্ৰায় ২৭,৬০৪টা বিচাৰাধীন গোচৰ ৰুজু হৈছে। 

এক প্ৰতিবেদন অনুসৰি ২০২৪ চনত উচ্চতম ন্যায়ালয়ত ৩৮,৯৯৫টা নতুন গোচৰ ৰুজু হৈছিল। ইয়াৰে ৩৭,১৫৮টা গোচৰ মীমাংসা হয়। যোৱা ১০ বছৰত ৮ গুণ বৃদ্ধি পাইছে বিচাৰাধীন গোচৰৰ সংখ্যা। ২০১৫ আৰু ২০১৭ চনত হ্ৰাস পাইছিল বিচাৰাধীন গোচৰ।

উল্লেখ্য যে, ২০১৪ চনত উচ্চ ন্যায়ালয়ত মুঠ ৪১ লাখ গোচৰ ৰুজু হৈ আছিল, যি এতিয়া ৫৯ লাখলৈ বৃদ্ধি পাইছে। যোৱা ১০ বছৰত এবাৰহে হ্ৰাস পাইছে বিচাৰাধীন গোচৰ। ২০১৪ চনত বিচাৰ আদালতত ২.৬ কোটি গোচৰ চলি আছিল, কিন্তু এতিয়া ৪.৫ কোটি।

২০১৩ চনত উচ্চতম ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ সংখ্যা ৫০ হাজাৰৰ পৰা ৬৬ হাজাৰলৈ বৃদ্ধি পাইছিল। কিন্তু পিছৰ বছৰ ২০১৪ চনত মুখ্য ন্যায়াধীশ পি সথাশিৱম আৰু আৰ এম লোধাৰ কাৰ্যকালত বিচাৰাধীন গোচৰৰ সংখ্যা ৬৩ হাজাৰলৈ হ্ৰাস পায়। ইয়াৰ পিছৰ এবছৰত ৪ হাজাৰ হ্ৰাস হৈ গোচৰৰ সংখ্যা ৫৯ হাজাৰ হয়।

২০১৭ চনত ন্যায়াধীশ জে এছ খেহাৰে গোচৰ ব্যৱস্থাপনাত কাগজবিহীন আদালতৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ বাবে গোচৰসমূহ ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰা হয় আৰু বিচাৰাধীন গোচৰৰ সংখ্যা ৫৬ হাজাৰলৈ হ্ৰাস পায়। কিন্তু ২০১৮ চনত পুনৰ ৫৭ হাজাৰলৈ বৃদ্ধি পালে বিচাৰাধীন গোচৰ।

২০০৯ চনত উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ২৬ৰ পৰা ৩১ জনলৈ বৃদ্ধি কৰা হয়। ইয়াৰ পিছতো বিচাৰধীন গোচৰৰ সংখ্যা হ্ৰাস পোৱা নাছিল। ২০১৯ চনত চি জে আই ন্যায়াধীশ ৰঞ্জন গগৈৰ কাৰ্যকালত চৰকাৰে সংসদীয় আইনৰ অধীনত ন্যায়াধীশৰ সংখ্যা ৩১ৰ পৰা ৩৪লৈ বৃদ্ধি কৰে। ইয়াৰ পিছতো গোচৰৰ সংখ্যা ৫৭ হাজাৰৰ পৰা ৬০ হাজাৰলৈ বৃদ্ধি পালে।


২০২০ চনত ক’ভিড মহামাৰীয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায় প্ৰদান ব্যৱস্থাতো প্ৰভাৱ পেলাইছিল। সেই সময়ত ন্যায়াধীশ এছ এ ববডে চি জে আই আছিল। কিন্তু কিছু সময়ৰ পাছত ভাৰ্চুৱেল প্ৰক্ৰিয়া চলিল যদিও বিচাৰধীন গোচৰৰ সংখ্যা ৬৫ হাজাৰলৈ বৃদ্ধি পালে। আনকি ২০২১ চনতো ক’ভিডৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাৰ্য্যবিধিত প্ৰভাৱ পৰিছিল ৷ ইয়াৰ বাবে বিচাৰাধীন গোচৰ ৭০ হাজাৰলৈ বৃদ্ধি পায় আৰু ২০২২ চনৰ শেষৰ ফালে এই সংখ্যা ৭৯ হাজাৰলৈ বৃদ্ধি পালে। এই সময়ছোৱাতে  চি জে আই ৰমনা আৰু ইউ ইউ ললিতে অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ চি জে আই হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ