--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘অগ্নিপথ’ৰ বাবেই আজি বিহাৰ বন্ধ ঘোষণা কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ ‘অগ্নিপথ’ যোজনাক মানি ল’ব পৰা নাই দেশৰ একাংশ যুৱক-যুৱতীয়ে৷ প্ৰতিৰক্ষা বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ প্ৰসংগক লৈ বিগত তিনি-চাৰিদিন উত্তাল হৈ আছে উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাব, বিহাৰকে ধৰি ভাৰতৰ কেইবাখনো ৰাজ্য৷

কালিৰ দিনটোত এইকেইখন ৰাজ্যৰ পৰিস্থিতি আছিল অতি উদ্বেগজনক৷ ৰে’ল জ্বলোৱা, বাছ ভঙা, ষ্টেচনত আক্ৰমণ কৰা আদি কেইবাটাও বিক্ষিপ্ত ঘটনাৰ মাজেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সেনাৰ চাকৰিপ্ৰত্যাশী কেইবাসহস্ৰাধিক যুৱক-যুৱতীয়ে৷ 
বিহাৰৰ পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰিছে যে বাৰখনকৈ জিলাত ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কালি ৰাজ্যখনৰ ছাত্ৰ সংগঠনসমূহে সশস্ত্ৰ বাহিনীৰ বাবে কেন্দ্ৰই নতুনকৈ প্ৰৱৰ্তন কৰা 'অগ্নিপথ' নিযুক্তি আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ২৪ ঘণ্টীয়া বিহাৰ বন্ধ কাৰ্যসূচী ঘোষণা কৰিছিল৷

বন্ধ আহ্বান কৰা সংগঠনসমূহে বিৰোধী আৰজেডিৰো সমৰ্থন লাভ কৰিছে৷ বিহাৰৰ ছাত্ৰ সংগঠনসমূহে 
অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েশ্যন (এআইএছএ)ৰ নেতৃত্বত আঁচনিখন তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে৷ 
বন্ধৰ আহ্বানত আৰজেডিৰ সমৰ্থন ঘোষণা কৰি দলটোৰ বিহাৰ ৰাজ্যিক সমিতিৰ সভাপতি জগদানন্দ সিঙে কয় যে হ্ৰস্বম্যাদী নিযুক্তি আঁচনিখন দেশৰ যুৱপ্ৰজন্মৰ স্বাৰ্থৰ বাবে ক্ষতিকাৰক। ‘অগ্নিপথ’ নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদত ৰাজপথত আন্দোলন কৰি থকা সকলক আমি সমৰ্থন জনাইছোঁ। সশস্ত্ৰ বাহিনীত নতুন হ্ৰস্বম্যাদী নিযুক্তি আঁচনি দেশৰ যুৱসকলৰ স্বাৰ্থত নহয়৷ 

ইফালে, লোক জনশক্তি পাৰ্টিৰ (ৰাম বিলাস) সভাপতি চিৰাগ পাছোৱানে কয় যে তেওঁ দলীয় কৰ্মীসকলৰ সৈতে আজি ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰিব আৰু আঁচনিখন প্ৰত্যাহাৰ কৰিবলৈ এখন স্মাৰকপত্ৰ দাখিল কৰিব। শুকুৰবাৰে ইয়াত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি পাছৱানে কয়, অগ্নিপথ আঁচনিয়ে দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিব। আঁচনিখনে যুৱক-যুৱতীসকলৰ মাজত অসন্তুষ্টি বিয়পাই দিব। পাছোৱানে বৃহস্পতিবাৰে একেধৰণৰ উদ্বেগ প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙলৈও পত্ৰ লিখিছিল৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু