--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘অগ্নিপথ’ৰ বাবেই আজি বিহাৰ বন্ধ ঘোষণা কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ ‘অগ্নিপথ’ যোজনাক মানি ল’ব পৰা নাই দেশৰ একাংশ যুৱক-যুৱতীয়ে৷ প্ৰতিৰক্ষা বিভাগত ঠিকাভিত্তিক নিযুক্তিৰ প্ৰসংগক লৈ বিগত তিনি-চাৰিদিন উত্তাল হৈ আছে উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাব, বিহাৰকে ধৰি ভাৰতৰ কেইবাখনো ৰাজ্য৷

কালিৰ দিনটোত এইকেইখন ৰাজ্যৰ পৰিস্থিতি আছিল অতি উদ্বেগজনক৷ ৰে’ল জ্বলোৱা, বাছ ভঙা, ষ্টেচনত আক্ৰমণ কৰা আদি কেইবাটাও বিক্ষিপ্ত ঘটনাৰ মাজেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সেনাৰ চাকৰিপ্ৰত্যাশী কেইবাসহস্ৰাধিক যুৱক-যুৱতীয়ে৷ 
বিহাৰৰ পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰিছে যে বাৰখনকৈ জিলাত ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কালি ৰাজ্যখনৰ ছাত্ৰ সংগঠনসমূহে সশস্ত্ৰ বাহিনীৰ বাবে কেন্দ্ৰই নতুনকৈ প্ৰৱৰ্তন কৰা 'অগ্নিপথ' নিযুক্তি আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ২৪ ঘণ্টীয়া বিহাৰ বন্ধ কাৰ্যসূচী ঘোষণা কৰিছিল৷

বন্ধ আহ্বান কৰা সংগঠনসমূহে বিৰোধী আৰজেডিৰো সমৰ্থন লাভ কৰিছে৷ বিহাৰৰ ছাত্ৰ সংগঠনসমূহে 
অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েশ্যন (এআইএছএ)ৰ নেতৃত্বত আঁচনিখন তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে৷ 
বন্ধৰ আহ্বানত আৰজেডিৰ সমৰ্থন ঘোষণা কৰি দলটোৰ বিহাৰ ৰাজ্যিক সমিতিৰ সভাপতি জগদানন্দ সিঙে কয় যে হ্ৰস্বম্যাদী নিযুক্তি আঁচনিখন দেশৰ যুৱপ্ৰজন্মৰ স্বাৰ্থৰ বাবে ক্ষতিকাৰক। ‘অগ্নিপথ’ নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদত ৰাজপথত আন্দোলন কৰি থকা সকলক আমি সমৰ্থন জনাইছোঁ। সশস্ত্ৰ বাহিনীত নতুন হ্ৰস্বম্যাদী নিযুক্তি আঁচনি দেশৰ যুৱসকলৰ স্বাৰ্থত নহয়৷ 

ইফালে, লোক জনশক্তি পাৰ্টিৰ (ৰাম বিলাস) সভাপতি চিৰাগ পাছোৱানে কয় যে তেওঁ দলীয় কৰ্মীসকলৰ সৈতে আজি ৰাজ্যপাল ফাগু চৌহানক সাক্ষাৎ কৰিব আৰু আঁচনিখন প্ৰত্যাহাৰ কৰিবলৈ এখন স্মাৰকপত্ৰ দাখিল কৰিব। শুকুৰবাৰে ইয়াত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি পাছৱানে কয়, অগ্নিপথ আঁচনিয়ে দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিব। আঁচনিখনে যুৱক-যুৱতীসকলৰ মাজত অসন্তুষ্টি বিয়পাই দিব। পাছোৱানে বৃহস্পতিবাৰে একেধৰণৰ উদ্বেগ প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙলৈও পত্ৰ লিখিছিল৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ