--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামী-স্ত্ৰীৰ কাজিয়াৰ এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে। পত্নীগৰাকীয়ে পতিৰ বিৰুদ্ধে যৌতুক হাৰাশাস্তিৰ গোচৰ দিছিল থানাত। সেই বাবেই স্বামীয়ে পত্নীক প্ৰতিশোধ লোৱাৰ এনে এটা উপায় বিচাৰি উলিয়াই যিটো কথাই আৰক্ষীকো হতভম্ব কৰি তুলিছে।

মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে তেওঁৰ স্বামীয়ে তেওঁৰ ফোন নম্বৰটো ৩০ জন বন্ধুৰ মাজত বিতৰণ কৰি তেওঁক মানসিক নিৰ্যাতন চলাইছে। বন্ধুকেইজনে মহিলাগৰাকীক নিৰন্তৰ অশ্লীল বাৰ্তা প্ৰেৰণ কৰিছিল। কানপুৰত সংঘটিত হৈছে এই ঘটনা।

এই গোচৰটো কানপুৰৰ চাকেৰী অঞ্চলৰ। ইয়াত বাস কৰা আকাশে ২০১৯ চনত শ্যাম নগৰৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ ২ বছৰ পিছত দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়। পত্নীয়ে অভিযোগ কৰে যে আকাশৰ পৰিয়ালৰ লোকে মিছা কথা কৈ এই বিয়া পাতিছিল। মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে ২০২১ চনত তেওঁক মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়া হৈছিল। কেইবাবাৰো তেওঁ স্বামীৰ পৰিয়ালৰ লোকক কথাবোৰ মিলামিছা কৰিবৰ বাবে বুজাইছিল কিন্তু একো কামত নাহিল। ২০২২ চনত আকাশ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে যৌতুক আইনৰ অধীনত গোচৰ তৰে মহিলাগৰাকীয়ে।

এই কথাত আকাশৰ ইমানেই খং উঠে যে পত্নীৰ বদনাম কৰিবলৈ তেওঁ ৩০ জন বন্ধুৰ মাজত পত্নীৰ ফোন নম্বৰ বিতৰণ কৰিলে। ইয়াৰ পিছৰে পৰা মহিলাগৰাকীয়ে অশ্লীল মেছেজ, ফটো আৰু ভিডিঅ’ পাবলৈ ধৰিলে। এইবোৰ দেখি দেখি মহিলাগৰাকীয়ে মানসিকভাৱে ভাগি পৰে। মহিলাগৰাকীয়ে কয় যে তেওঁ স্থানীয় আৰক্ষী থানাত অভিযোগ কৰিছিল যদিও আৰক্ষীয়ে গুৰুত্বসহকাৰে লোৱা নাছিল। গতিকে তেওঁ অভিযোগ লৈ কমিছনাৰৰ ওচৰলৈ যায়। ইয়াৰ পাছতেই এই ঘটনাৰ তদন্ত কৰিবলৈ মহিলা কোষৰ এচিপিক নিৰ্দেশ দিয়া হৈছে।

মহিলাগৰাকীয়ে কয় যে ''মোৰ বদনাম কৰিবৰ বাবে স্বামীয়ে বহুত মানুহ লগাই দিছে। তেওঁ ৩০ জন বন্ধুক মোৰ নম্বৰটো দি দিছে। মোবাইল খুলিলেই মই কেৱল অশ্লীল মেছেজ, অশ্লীল ফটো আৰু ভিডিঅ’ দেখিবলৈ পাওঁ। মই মানসিকভাৱে ভাগি পৰিছো। এতিয়া জীয়াই থকাটো মোৰ বাবে কঠিন হৈ পৰিছে, গতিকে মোক ন্যায় দিবৰ বাবে আৰক্ষীক অনুৰোধ জনালোঁ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু