--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বামী-স্ত্ৰীৰ কাজিয়াৰ এক চাঞ্চল্যকৰ গোচৰ পোহৰলৈ আহিছে। পত্নীগৰাকীয়ে পতিৰ বিৰুদ্ধে যৌতুক হাৰাশাস্তিৰ গোচৰ দিছিল থানাত। সেই বাবেই স্বামীয়ে পত্নীক প্ৰতিশোধ লোৱাৰ এনে এটা উপায় বিচাৰি উলিয়াই যিটো কথাই আৰক্ষীকো হতভম্ব কৰি তুলিছে।

মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে তেওঁৰ স্বামীয়ে তেওঁৰ ফোন নম্বৰটো ৩০ জন বন্ধুৰ মাজত বিতৰণ কৰি তেওঁক মানসিক নিৰ্যাতন চলাইছে। বন্ধুকেইজনে মহিলাগৰাকীক নিৰন্তৰ অশ্লীল বাৰ্তা প্ৰেৰণ কৰিছিল। কানপুৰত সংঘটিত হৈছে এই ঘটনা।

এই গোচৰটো কানপুৰৰ চাকেৰী অঞ্চলৰ। ইয়াত বাস কৰা আকাশে ২০১৯ চনত শ্যাম নগৰৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ ২ বছৰ পিছত দুয়োৰে মাজত কাজিয়া আৰম্ভ হয়। পত্নীয়ে অভিযোগ কৰে যে আকাশৰ পৰিয়ালৰ লোকে মিছা কথা কৈ এই বিয়া পাতিছিল। মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে ২০২১ চনত তেওঁক মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়া হৈছিল। কেইবাবাৰো তেওঁ স্বামীৰ পৰিয়ালৰ লোকক কথাবোৰ মিলামিছা কৰিবৰ বাবে বুজাইছিল কিন্তু একো কামত নাহিল। ২০২২ চনত আকাশ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে যৌতুক আইনৰ অধীনত গোচৰ তৰে মহিলাগৰাকীয়ে।

এই কথাত আকাশৰ ইমানেই খং উঠে যে পত্নীৰ বদনাম কৰিবলৈ তেওঁ ৩০ জন বন্ধুৰ মাজত পত্নীৰ ফোন নম্বৰ বিতৰণ কৰিলে। ইয়াৰ পিছৰে পৰা মহিলাগৰাকীয়ে অশ্লীল মেছেজ, ফটো আৰু ভিডিঅ’ পাবলৈ ধৰিলে। এইবোৰ দেখি দেখি মহিলাগৰাকীয়ে মানসিকভাৱে ভাগি পৰে। মহিলাগৰাকীয়ে কয় যে তেওঁ স্থানীয় আৰক্ষী থানাত অভিযোগ কৰিছিল যদিও আৰক্ষীয়ে গুৰুত্বসহকাৰে লোৱা নাছিল। গতিকে তেওঁ অভিযোগ লৈ কমিছনাৰৰ ওচৰলৈ যায়। ইয়াৰ পাছতেই এই ঘটনাৰ তদন্ত কৰিবলৈ মহিলা কোষৰ এচিপিক নিৰ্দেশ দিয়া হৈছে।

মহিলাগৰাকীয়ে কয় যে ''মোৰ বদনাম কৰিবৰ বাবে স্বামীয়ে বহুত মানুহ লগাই দিছে। তেওঁ ৩০ জন বন্ধুক মোৰ নম্বৰটো দি দিছে। মোবাইল খুলিলেই মই কেৱল অশ্লীল মেছেজ, অশ্লীল ফটো আৰু ভিডিঅ’ দেখিবলৈ পাওঁ। মই মানসিকভাৱে ভাগি পৰিছো। এতিয়া জীয়াই থকাটো মোৰ বাবে কঠিন হৈ পৰিছে, গতিকে মোক ন্যায় দিবৰ বাবে আৰক্ষীক অনুৰোধ জনালোঁ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী