--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গ্ৰেপ্তাৰ কৰা হৈছে এজন বিশেষ অভিযুক্তক। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ গোমতিৰ পাৰত অৱস্থিত লেটে হনুমান মন্দিৰত তৌফিক আহমেদ নামৰ এজন ব্যক্তিয়ে মূৰ্তি ভাঙি মন্দিৰৰ পতাকাখন ফালি পেলায়।কপালত মন্দিৰৰ তিলক লগাই মন্দিৰত প্ৰৱেশ কৰা তৌফিকে‌ অত্যধিক মদ্যপানৰ বাবে তেনে নিকৃষ্ট কাম কৰে বুলি জানিব পাৰি।তেওঁ প্ৰথমে জয় শ্ৰী ৰাম শ্লোগান উত্থাপন কৰিছিল আৰু তাৰ পিছত ইটা লৈ মূৰ্তি ভাঙিবলৈ আৰম্ভ কৰিছিল। হনুমান জীৰ মন্দিৰত উপস্থিত থকা পুৰোহিতগৰাকীয়ে কয় যে মন্দিৰটো সকলোৰে বাবে খোলা থাকে। প্ৰথমে তৌফিকে তিলক লগাই মন্দিৰৰ ভিতৰৰ অংশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ নাম তৌফিক আহমেদ বুলি কয়।

এই  ঘটনা সংঘটিত হৈছে লক্ষ্ণৌৰ চৌক থানা এলেকত,  য’ত মদ্যপান কৰা তৌফিকে হনুমান জীৰ মন্দিৰত থকা হনুমানৰ মূৰ্তি ভাঙিছিল। আৰক্ষীয়ে তৌফিকক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰি পৰৱৰ্তী কাৰ্য্যসূচীত নিয়োজিত হৈ আছে। উল্লেখযোগ্য যে এচিপি নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তক। শিৱৰ ৰূপ লৈ তৌফিকে মন্দিৰত প্ৰৱেশ কৰিছিল। ইয়াৰ পাছত তেওঁ মন্দিৰত ৰখা মূৰ্তি দুটা ভাঙি পেলালে। এই মন্দিৰটো মাউণ্ড ৱালী মছজিদৰ সন্মুখত অৱস্থিত।

মানুহে যেতিয়া তেওঁৰ বিৰোধিতা কৰিছিল তেতিয়া তেওঁ অশ্লীলতা সীমা অতিক্ৰম  কৰিবলৈ আৰম্ভ কৰিছিল। মন্দিৰ চৌহদত উপস্থিত থকা লোকসকলে তেওঁক ধৰি মাৰপিট কৰে। তাৰ পাছত মন্দিৰৰ সভাপতি ডাঃ বিবেক টাংগ্ৰীও তাত উপস্থিত হৈ ভিৰৰ মাজৰ পৰা অভিযুক্তক উদ্ধাৰ কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। পুৰোহিত গৰাকীৰ মতে, যোৱা নিশা মন্দিৰৰ ভিতৰলৈ আহিছিল যুৱকজন। তেওঁ নিজৰ নাম শিৱ বুলি উল্লেখ কৰিছিল। তেওঁ মন্দিৰটো চাবলৈ অহা বুলি জানিব দিয়ে। ইয়াৰ পাছত তেওঁ ইটাৰ সহায়ত  তাত অৱস্থিত হনুমান জীৰ মূৰ্তি ভাঙি পেলালে। এই ঘটনাৰ পাছত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয়। নিখিল ভাৰত হিন্দু মহাসভাৰ মুখপাত্ৰ শিশিৰ চতুৰ্বেদীয়েও এই ঘটনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত অভিযুক্ত যুৱকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাব বুলিও মন্তব্য কৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement