--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গ্ৰেপ্তাৰ কৰা হৈছে এজন বিশেষ অভিযুক্তক। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ গোমতিৰ পাৰত অৱস্থিত লেটে হনুমান মন্দিৰত তৌফিক আহমেদ নামৰ এজন ব্যক্তিয়ে মূৰ্তি ভাঙি মন্দিৰৰ পতাকাখন ফালি পেলায়।কপালত মন্দিৰৰ তিলক লগাই মন্দিৰত প্ৰৱেশ কৰা তৌফিকে‌ অত্যধিক মদ্যপানৰ বাবে তেনে নিকৃষ্ট কাম কৰে বুলি জানিব পাৰি।তেওঁ প্ৰথমে জয় শ্ৰী ৰাম শ্লোগান উত্থাপন কৰিছিল আৰু তাৰ পিছত ইটা লৈ মূৰ্তি ভাঙিবলৈ আৰম্ভ কৰিছিল। হনুমান জীৰ মন্দিৰত উপস্থিত থকা পুৰোহিতগৰাকীয়ে কয় যে মন্দিৰটো সকলোৰে বাবে খোলা থাকে। প্ৰথমে তৌফিকে তিলক লগাই মন্দিৰৰ ভিতৰৰ অংশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ নাম তৌফিক আহমেদ বুলি কয়।

এই  ঘটনা সংঘটিত হৈছে লক্ষ্ণৌৰ চৌক থানা এলেকত,  য’ত মদ্যপান কৰা তৌফিকে হনুমান জীৰ মন্দিৰত থকা হনুমানৰ মূৰ্তি ভাঙিছিল। আৰক্ষীয়ে তৌফিকক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰি পৰৱৰ্তী কাৰ্য্যসূচীত নিয়োজিত হৈ আছে। উল্লেখযোগ্য যে এচিপি নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তক। শিৱৰ ৰূপ লৈ তৌফিকে মন্দিৰত প্ৰৱেশ কৰিছিল। ইয়াৰ পাছত তেওঁ মন্দিৰত ৰখা মূৰ্তি দুটা ভাঙি পেলালে। এই মন্দিৰটো মাউণ্ড ৱালী মছজিদৰ সন্মুখত অৱস্থিত।

মানুহে যেতিয়া তেওঁৰ বিৰোধিতা কৰিছিল তেতিয়া তেওঁ অশ্লীলতা সীমা অতিক্ৰম  কৰিবলৈ আৰম্ভ কৰিছিল। মন্দিৰ চৌহদত উপস্থিত থকা লোকসকলে তেওঁক ধৰি মাৰপিট কৰে। তাৰ পাছত মন্দিৰৰ সভাপতি ডাঃ বিবেক টাংগ্ৰীও তাত উপস্থিত হৈ ভিৰৰ মাজৰ পৰা অভিযুক্তক উদ্ধাৰ কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। পুৰোহিত গৰাকীৰ মতে, যোৱা নিশা মন্দিৰৰ ভিতৰলৈ আহিছিল যুৱকজন। তেওঁ নিজৰ নাম শিৱ বুলি উল্লেখ কৰিছিল। তেওঁ মন্দিৰটো চাবলৈ অহা বুলি জানিব দিয়ে। ইয়াৰ পাছত তেওঁ ইটাৰ সহায়ত  তাত অৱস্থিত হনুমান জীৰ মূৰ্তি ভাঙি পেলালে। এই ঘটনাৰ পাছত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয়। নিখিল ভাৰত হিন্দু মহাসভাৰ মুখপাত্ৰ শিশিৰ চতুৰ্বেদীয়েও এই ঘটনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত অভিযুক্ত যুৱকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাব বুলিও মন্তব্য কৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু