--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: গুজৰাটৰ ঘৰখনত আজিও পুত্ৰৰ অপেক্ষাত ৰৈ থাকে নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীয়ে৷ তেওঁৰ আশা, পুত্ৰ আহিব, আহি এখন্তেক জিৰাব তেওঁৰ আঁচলৰ ছাঁত৷ এগৰাকী গৰ্বিত মাতৃ তেওঁ৷ শতায়ুৰ পদচিহ্ন ৰাখি তেওঁ উভতি চাইছে এৰি অহা জীৱন৷ দেশলৈ আগবঢ়াইছে দিছে তেওঁৰ বুকুৰ ধন৷ পুত্ৰ দেশৰ প্ৰধানমন্ত্ৰী৷ প্ৰধানমন্ত্ৰী হ’লেও মাতৃৰ প্ৰতি তেওঁৰো হৃদয় মমতাৰে সিক্ত৷

আজি শতায়ু গৰকিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীয়ে৷ আজি এই বিশেষ দিনটোত পুৱাতে মাতৃৰ কাষত দেখা গ’ল প্ৰধানমন্ত্ৰী মোদীক৷ প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মাতৃ হীৰাবেন মোদীক তেওঁৰ জন্মদিন উপলক্ষ্যে গুজৰাটৰ গান্ধীনগৰত থকা তেওঁৰ বাসভৱনত সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মাতৃৰ আশীৰ্বাদ বিচাৰিছিল আৰু দুভৰি ধুৱাই দিছিল৷

১৯২৩ চনৰ ১৮ জুনত জন্মগ্ৰহণ কৰা হীৰাবেন মোদীয়ে আজি তেওঁৰ জীৱনৰ ১০০সংখ্যক বৰ্ষত প্ৰৱেশ কৰে। আজিৰ এই দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মাতৃৰ বাবে লিখা এখন আৱেগিক পত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত তেওঁৰ ৱেবছাইটৰ লিংক শ্বেয়াৰ কৰি লিখিছে-

‘আজি মই অত্যন্ত সুখী আৰু সৌভাগ্যৱান অনুভৱ কৰিছোঁ যে মোৰ মা হীৰাবায়ে তেওঁৰ শততম বৰ্ষত প্ৰৱেশ কৰিছে। এইটো তেওঁৰ জন্ম শতবাৰ্ষিকী বৰ্ষ হ’বলৈ গৈ আছে। যদি মোৰ দেউতা জীয়াই থাকিলহেঁতেন, তেন্তে তেৱোঁ যোৱা সপ্তাহত তেওঁৰ ১০০সংখ্যক জন্মদিন উদযাপন কৰিলেহেঁতেন। ২০২২ বৰ্ষটো এটা বিশেষ বছৰ, যিহেতু মোৰ মাতৃৰ শতবাৰ্ষিকী বৰ্ষ আৰম্ভ হৈছে, আৰু মোৰ দেউতায়ো তেওঁৰ শতবৰ্ষ সম্পূৰ্ণ কৰিলেহেঁতেন৷

সম্প্ৰতি প্ৰধানমন্ত্ৰী মোদী এদিনৰ ভ্ৰমণৰ বাবে গুজৰাটত আছে, য’ত তেওঁ বদোদৰাত এখন ৰেলী সম্বোধন কৰাৰ আগতে পাৱাগড় মন্দিৰ দৰ্শন কৰিব। প্ৰধানমন্ত্ৰীৰ গৃহচহৰ ভাদনগৰত তেওঁৰ মাতৃৰ জন্মদিন উপলক্ষে ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মোদী পৰিয়ালে আহমেদাবাদৰ জগন্নাথ মন্দিৰত এটা সামূহিক আহাৰৰ পৰিকল্পনা কৰিছে।

হীৰাবেন মোদীয়ে প্ৰধানমন্ত্ৰীৰ কনিষ্ঠ ভাতৃ পংকজ মোদীৰ সৈতে গান্ধীনগৰৰ উপকণ্ঠৰ ৰশ্বান গাঁৱত বাস কৰে। তেওঁৰ ১০০সংখ্যক জন্মদিনৰ পূৰ্বে এই সপ্তাহৰ আৰম্ভণিতে ৰায়চান অঞ্চলৰ এটা ৮০ মিটাৰ দীঘল পথ তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল৷

গান্ধীনগৰৰ মেয়ৰ হিতেশ মাকৱানাই পিটিআইৰ উদ্ধৃতি অনুসৰি ঘোষণা কৰিছিল, যেতিয়া হীৰাবায়ে তেওঁৰ ১০০সংখ্যক বছৰত প্ৰৱেশ কৰিছে, আমি ৰায়চান অঞ্চলৰ এটা ৮০ মিটাৰ দৈৰ্ঘৰ পথৰ নাম ‘পূজ্য হীৰাবা মাৰ্গ’ হিচাপে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ, যাতে পৰৱৰ্তী প্ৰজন্মই তেওঁৰ জীৱনৰ পৰা অনুপ্ৰেৰণা লয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু