--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সম্ভৱতঃ এটা সম্ভাৱ্য ঘূৰ্ণীবতাহ ‘আশানী’। সোমবাৰে ঘূৰ্ণীবতাহৰ প্ৰবল কোৱত পৰিব পাৰে দেশবাসী। বতৰ বিজ্ঞানীৰ মতে, ই আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সৰ্বাধিক প্ৰভাৱ পেলাব। শুকুৰবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ এক বুলেটিন অনুসৰি, বংগোপসাগৰৰ ওপৰত হোৱা প্ৰবল চাপৰে পূব আৰু উত্তৰ-পূব দিশত গতি কৰি আছে। পুৱা ৬-৩০ বজাত, দক্ষিণ-পূব বংগোপসাগৰ আৰু দক্ষিণ আন্দামান সাগৰ আৰু পূব বিষুৱীয় ভাৰত মহাসাগৰৰ ওপৰত চাপৰ প্ৰকোপ বৃদ্ধ পাব। এই চাপ শনিবাৰে পুৱা পূব আৰু উত্তৰ-পূবলৈ গতি কৰিব আৰু দক্ষিণ-পূব বংগোপসাগৰ আৰু দক্ষিণ আন্দামান সাগৰৰ ওপৰেৰে অৱতৰণ কৰিব বুলি আশা কৰা হৈছে। দেওবাৰে পুৱালৈকে, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত গভীৰ চাপৰ সৃষ্টি হ’ব। বতৰ বিজ্ঞান কেন্দ্ৰৰ ভৱিষ্যদ্বাণী অনুসৰি, সোমবাৰে অৰ্থাৎ ২১ মাৰ্চত এই চাপৰ ফলত ঘূৰ্ণীবতাহ সৃষ্টি হ’ব পাৰে। এই ঘূৰ্নীবতাহ উত্তৰ আৰু উত্তৰ-পূবলৈ যাব পাৰে আৰু মঙলবাৰে পুৱা বাংলাদেশ আৰু উত্তৰ ম্যানমাৰত তীব্ৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰষুণৰ সম্ভাৱনা- ১৯ মাৰ্চ (শনিবাৰ): আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ বেছিভাগ ঠাইত পাতলৰ পৰা মধ্যমীয়া বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। কিছুমান ঠাইত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ২০ মাৰ্চ (দেওবাৰ): আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ বেছিভাগ ঠাইত পাতলৰ পৰা মধ্যমীয়া বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। কিছুমান ঠাইত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হ’ব পাৰে। বিভিন্ন ঠাইত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ২১ মাৰ্চ (সোমবাৰ): আন্দামান দ্বীপপুঞ্জৰ বেছিভাগ অংশত পাতলৰ পৰা মধ্যমীয়া বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। কেইটামান ঠাইত বিক্ষিপ্তভাৱে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ধুমুহাৰ গতি সোমবাৰে, প্ৰতিঘণ্টাত ৭০-৮০ কিলোমিটাৰ বতাহৰ গতিবেগ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পূব-মধ্য বংগোপসাগৰ আৰু ইয়াৰ কাষৰীয়া দক্ষিণ-পূব বংগত তীব্ৰ ঘূৰ্ণী বতাহৰ সম্ভাৱনা আছে। বতাহৰ গতিবেগ প্ৰতিঘণ্টাত ৯০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা থাকে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি