--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিপৰীত লিংগৰ মালিচ সেৱাৰ ওপৰত নিষেধাজ্ঞা স্থগিত ৰাখিছে দিল্লী উচ্চ ন্যায়ালয়ে৷ স্পা আৰু ইউনিছেক্স পাৰ্লাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰু পতিতাবৃত্তি প্ৰতিৰোধৰ মাজত কোনো ‘যুক্তিসংগত সম্পৰ্ক’ নাই বুলি মন্তব্য কৰি দিল্লী উচ্চ ন্যায়ালয়ে নগৰখনত বিপৰীত লিংগৰ মালিচ সেৱাৰ ওপৰত জাৰি হোৱা নিষেধাজ্ঞা স্থগিত ৰাখিছে। দিল্লী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত চলি থকা ব্যক্তিগত স্পা আৰু সুস্থতাকেন্দ্ৰত বিপৰীত লিংগৰ মালিচ সেৱাৰ ওপৰত নিষেধাজ্ঞা স্থগিত ৰাখিছে।

স্পা আৰু ইউনিছেক্স পাৰ্লাৰৰ বিপৰীতমুখী মালিচ সেৱা নিষিদ্ধ কৰিবলৈ দিল্লী চৰকাৰে নিৰ্দেশনাৰ জাৰি কৰিছিল৷ সেই নিৰ্দেশনাৰ বিৰুদ্ধে স্পা কেন্দ্ৰ আৰু চিকিৎসকসকলে দাখিল কৰা এক আৱেদন আৰু পৌৰ নিগমসমূহে প্ৰদান কৰা নিৰ্দেশনাৰ বিৰুদ্ধে শুনানি গ্ৰহণ কৰাৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰেখা পল্লীয়ে কয় যে প্ৰাথমিকভাৱে নিৰ্দেশনাটো প্ৰস্তুত কৰাৰ আগতে উদ্যোগটোত কাম কৰা পেছাদাৰীসকলৰ মতামত বিবেচনা কৰা হোৱা নাছিল। ন্যায়াধীশ পল্লীয়ে লগতে কয় যে হঠাতে ঘোষিত নিষিদ্ধকৰণে স্পা উদ্যোগত নিয়োজিত লোকসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব৷ ন্যায়াধীশগৰাকীয়ে কয়, নিষেধাজ্ঞাৰ উদ্দেশ্য আছিল স্পাবোৰৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা আৰু চহৰখনত যাতে কোনো অবৈধ সৰবৰাহ বা পতিতাবৃত্তি সংঘটিত নহয় সেয়া নিশ্চিত কৰা৷


আদালতে এই যুক্তিত উদ্বেগ প্ৰকাশ কৰিছিল যে ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰায় ৫,০০০ অবৈধ স্পা চলি আছে আৰু মাত্ৰ ৪০০ জনৰ অনুজ্ঞাপত্ৰ আছে। আৰক্ষী আৰু নিগমসমূহে নগৰখনত কোনো অবৈধ স্পা যাতে অনুমোদিত নহয় আৰু অনুজ্ঞাপত্ৰ লাভ কৰাসকলে যাতে কোনো অবৈধ কাৰ্যকলাপত লিপ্ত নহয় তাৰ বাবে কাৰ্যকৰী পদক্ষেপ ল’বলৈ সক্ষম হোৱা নাই, সেয়াই নিষেধাজ্ঞা আৰোপ কৰাৰ ভিত্তি হ’ব নোৱাৰে বুলি ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে৷

লগতে, জানুৱাৰীত হ’বলগীয়া পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে নিষেধাজ্ঞাৰ কাৰ্যকলাপ স্থগিত ৰাখি উচ্চ ন্যায়ালয়ে তিনিওখন পৌৰ নিগম আৰু দিল্লী আৰক্ষীক এসপ্তাহৰ ভিতৰত তেওঁলোকৰ নিজ নিজ এলেকা পৰিদৰ্শন কৰি চহৰখনত চলি থকা অবৈধ স্পা সেৱাসমূহ বন্ধ কৰাৰ বাবে পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি