--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ এগৰাকী অভিনেতাক লৈ আৰম্ভ হৈছে বলীউড বিতৰ্ক। নিতৌ ন ন সংবাদে চুই যায়হি বলীউড এৰিণা। ইয়াৰ মাজতে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। টকাৰ বিনিময়ত বলীউডত দপদপাইছে বলীউড অভিনেতাই। ভেটি দি বলীউডত প্ৰৱেশ কৰিছিল জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে। শেহতীয়াকৈ, তেনে এক অভিযোগ উত্থাপিত হৈছে অভিনেতাগৰাকীৰ বিৰুদ্ধে। যশৰাজ ফিল্মছে ৰণবীৰ সিঙক ধনৰ বিনিময়ত বলীউডত সুযোগ দিয়া বুলি অভিনেতা তথা স্ব-ঘোষিত চলচ্চিত্ৰ সমালোচক কমল আৰ খানে দাবী কৰিছে। 'বান্টি ঔৰ বাবলি-২' ছবিখনৰ সমালোচনা কৰিবলৈ গৈ ৰণবীৰৰ প্ৰসংগ উত্থাপন কৰে কমল আৰ খানে। তেওঁ কয়, ‘আদিত্য চোপ্ৰাই ৰণবীৰক বলীউডলৈ অনা নাছিল। যশৰাজ ফিল্মছে অভিনেতাজনৰ পিতৃৰ পৰা লৈছিল ২০ কোটি টকাৰ ভেটি। ভেটিৰ বিনিময়তহে বলীউডত পুত্ৰই নিগাজী স্থান দখল কৰিছিল।’

...আদিত্য চোপ্ৰাই ৰণবীৰক বলীউডলৈ অনা নাছিল। যশৰাজ ফিল্মছে অভিনেতাজনৰ পিতৃৰ পৰা লৈছিল ২০ কোটি টকাৰ ভেটি। ভেটিৰ বিনিময়তহে বলীউডত পুত্ৰই নিগাজী স্থান দখল কৰিছিল।...

উল্লেখ্য যে, ২০১০ চনত মুক্তি পোৱা 'বেণ্ড বাজা বাৰাট'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৰণবীৰে। প্ৰাণোচ্ছল, জীৱন্ত বিট্টু শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। কিন্তু কমল খানৰ মতে, ‘প্ৰতিভাৰ বাবে নহয় বহু ধনৰ বিনিময়তহে বলীউডত অভিনয়ৰ সুযোগ পাইছিল বলীউডৰ খিলজী ৰণবীৰ সিঙে।’ স্মৰ্তব্য যে, বলীউডৰ বিভিন্ন তাৰকাৰ বিষয়ে পূৰ্বেও বিতৰ্কিত মন্তব্য কৰিছিল কমল খানে। বলীউডৰ ভাইজান ছলমান খানৰ সৈতেও বাদ-বিবাদত লিপ্ত হৈছিল কমল খানে। কেইমাহমান পূৰ্বে, কমলে ছলমান খানৰ 'ৰাধে: ইয়ৰ মোষ্ট ৱান্টেড ব্ৰাদাৰ' সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰিছিল। কিন্তু চলচ্চিত্ৰখনৰ প্ৰসংগৰ বাহিৰেও, কমলে ক’ভিড পৰিস্থিতিত ছলমানৰ স্থিতিক লৈ কৰিছিল সমালোচনা। পৰৱৰ্তী সময়ত ছলমানে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰো ৰুজু কৰিছিল। ছলমানৰ ছবিক লৈ কেতিয়াও কোনো ভিডিঅ' নিৰ্মাণ নকৰাৰো টুইটযোগে প্ৰতিশ্ৰুতি দিছিল কমলে। অৱশ্যে বিতৰ্কিত অভিনেতা কমলে ইয়াৰ পূৰ্বেও বহু অভিনেতাৰ বিৰুদ্ধে কৰিছিল স্পৰ্শকাতৰ মন্তব্য। ৰণবীৰৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ কিমান সত্য সেয়া এতিয়াই কোৱাটো টান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ