--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ এগৰাকী অভিনেতাক লৈ আৰম্ভ হৈছে বলীউড বিতৰ্ক। নিতৌ ন ন সংবাদে চুই যায়হি বলীউড এৰিণা। ইয়াৰ মাজতে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। টকাৰ বিনিময়ত বলীউডত দপদপাইছে বলীউড অভিনেতাই। ভেটি দি বলীউডত প্ৰৱেশ কৰিছিল জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে। শেহতীয়াকৈ, তেনে এক অভিযোগ উত্থাপিত হৈছে অভিনেতাগৰাকীৰ বিৰুদ্ধে। যশৰাজ ফিল্মছে ৰণবীৰ সিঙক ধনৰ বিনিময়ত বলীউডত সুযোগ দিয়া বুলি অভিনেতা তথা স্ব-ঘোষিত চলচ্চিত্ৰ সমালোচক কমল আৰ খানে দাবী কৰিছে। 'বান্টি ঔৰ বাবলি-২' ছবিখনৰ সমালোচনা কৰিবলৈ গৈ ৰণবীৰৰ প্ৰসংগ উত্থাপন কৰে কমল আৰ খানে। তেওঁ কয়, ‘আদিত্য চোপ্ৰাই ৰণবীৰক বলীউডলৈ অনা নাছিল। যশৰাজ ফিল্মছে অভিনেতাজনৰ পিতৃৰ পৰা লৈছিল ২০ কোটি টকাৰ ভেটি। ভেটিৰ বিনিময়তহে বলীউডত পুত্ৰই নিগাজী স্থান দখল কৰিছিল।’

...আদিত্য চোপ্ৰাই ৰণবীৰক বলীউডলৈ অনা নাছিল। যশৰাজ ফিল্মছে অভিনেতাজনৰ পিতৃৰ পৰা লৈছিল ২০ কোটি টকাৰ ভেটি। ভেটিৰ বিনিময়তহে বলীউডত পুত্ৰই নিগাজী স্থান দখল কৰিছিল।...

উল্লেখ্য যে, ২০১০ চনত মুক্তি পোৱা 'বেণ্ড বাজা বাৰাট'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৰণবীৰে। প্ৰাণোচ্ছল, জীৱন্ত বিট্টু শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। কিন্তু কমল খানৰ মতে, ‘প্ৰতিভাৰ বাবে নহয় বহু ধনৰ বিনিময়তহে বলীউডত অভিনয়ৰ সুযোগ পাইছিল বলীউডৰ খিলজী ৰণবীৰ সিঙে।’ স্মৰ্তব্য যে, বলীউডৰ বিভিন্ন তাৰকাৰ বিষয়ে পূৰ্বেও বিতৰ্কিত মন্তব্য কৰিছিল কমল খানে। বলীউডৰ ভাইজান ছলমান খানৰ সৈতেও বাদ-বিবাদত লিপ্ত হৈছিল কমল খানে। কেইমাহমান পূৰ্বে, কমলে ছলমান খানৰ 'ৰাধে: ইয়ৰ মোষ্ট ৱান্টেড ব্ৰাদাৰ' সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰিছিল। কিন্তু চলচ্চিত্ৰখনৰ প্ৰসংগৰ বাহিৰেও, কমলে ক’ভিড পৰিস্থিতিত ছলমানৰ স্থিতিক লৈ কৰিছিল সমালোচনা। পৰৱৰ্তী সময়ত ছলমানে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰো ৰুজু কৰিছিল। ছলমানৰ ছবিক লৈ কেতিয়াও কোনো ভিডিঅ' নিৰ্মাণ নকৰাৰো টুইটযোগে প্ৰতিশ্ৰুতি দিছিল কমলে। অৱশ্যে বিতৰ্কিত অভিনেতা কমলে ইয়াৰ পূৰ্বেও বহু অভিনেতাৰ বিৰুদ্ধে কৰিছিল স্পৰ্শকাতৰ মন্তব্য। ৰণবীৰৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ কিমান সত্য সেয়া এতিয়াই কোৱাটো টান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু