--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰণবীৰ-দীপিকা যুটিয়ে পুনৰ খলকনি তুলিছে বলীউডৰ ছবিজগতত৷ ভাৰতৰ ক্ৰিকেটৰ জগতৰ এক আৱেগ কপিল দেৱ৷ ভাৰতীয় ক্ৰিকেটত প্ৰথমটো বিশ্বকাপ উপহাৰ দিয়া প্ৰাক্তন ক্ৰিকেটাৰ তথা অধিনায়ক কপিল দেৱৰ খেলুৱৈ জীৱন বৃত্তান্তসমৃদ্ধ ছবিৰ ট্ৰেইলৰ আজি মুকলি কৰা হয়৷ বলীউড তাৰকা ৰণবীৰ সিঙে অভিনয় কৰা বহু প্ৰতিক্ষিত ছবি ‘৮৩’ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাছতে ছবিখন চাবলৈ উচ্ছুকতা বৃদ্ধি পাইছে অনুৰাগী তথা ক্ৰীড়াপ্ৰেমীৰ মাজত৷


১৯৮৩ চনৰ ২৫ জুনত কপিল দেৱৰ অধিনায়কত্বত ভাৰতে প্ৰথমটো বিশ্বকাপ জয়ৰ গৌৰৱ অৰ্জন কৰিছিল৷ সমগ্ৰ ভাৰতবাসীক গৌৰাম্বান্বিত কৰা এই মধুৰ ক্ষণ পুনৰ উজলাই তোলাৰ চেষ্টাৰে নিৰ্মাণ কৰা হৈছে ‘৮৩’ ছবিখন৷ বিশ্বকাপ জয়ৰ ৩৮ বছৰৰ পাছত কবিৰ খানৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছে ‘৮৩’৷ কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে আৰু ছবিখনত কপিল দেৱৰ পত্নী ৰোমি ভাটিয়াৰ চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ ডিম্পল কুইনখ্যাত দীপিকা পাডুকনে৷ ইয়াৰ উপৰি ছবিখনত পংকজ ত্ৰিপাঠীসহ বহু কলা-কুশলীয়ে অভিনয় কৰিছে৷


৬০-৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ছবিখন ২৪ ডিচেম্বৰত ছবিগৃহলৈ আহিব৷ হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালেয়ালম ভাষাত মুক্তি লাভ কৰিব৷ আজি ‘৮৩’ৰ ট্ৰেইলৰটোত ১৯৮৩ৰ ১৮ জুনত ইংলেণ্ডৰ নেভিল খেলপথাৰত অনুষ্ঠিত হোৱা জিম্বাৱেৰ বিৰুদ্ধে ভাৰতৰ মেচখনৰ পৰা আৰম্ভ হৈছে৷ ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হৈ কপিল দেৱৰ অধিনায়কত্বত প্ৰথমটো বিশ্বকাপ দখল কৰিছিল ভাৰতে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ