--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰণবীৰ-দীপিকা যুটিয়ে পুনৰ খলকনি তুলিছে বলীউডৰ ছবিজগতত৷ ভাৰতৰ ক্ৰিকেটৰ জগতৰ এক আৱেগ কপিল দেৱ৷ ভাৰতীয় ক্ৰিকেটত প্ৰথমটো বিশ্বকাপ উপহাৰ দিয়া প্ৰাক্তন ক্ৰিকেটাৰ তথা অধিনায়ক কপিল দেৱৰ খেলুৱৈ জীৱন বৃত্তান্তসমৃদ্ধ ছবিৰ ট্ৰেইলৰ আজি মুকলি কৰা হয়৷ বলীউড তাৰকা ৰণবীৰ সিঙে অভিনয় কৰা বহু প্ৰতিক্ষিত ছবি ‘৮৩’ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাছতে ছবিখন চাবলৈ উচ্ছুকতা বৃদ্ধি পাইছে অনুৰাগী তথা ক্ৰীড়াপ্ৰেমীৰ মাজত৷


১৯৮৩ চনৰ ২৫ জুনত কপিল দেৱৰ অধিনায়কত্বত ভাৰতে প্ৰথমটো বিশ্বকাপ জয়ৰ গৌৰৱ অৰ্জন কৰিছিল৷ সমগ্ৰ ভাৰতবাসীক গৌৰাম্বান্বিত কৰা এই মধুৰ ক্ষণ পুনৰ উজলাই তোলাৰ চেষ্টাৰে নিৰ্মাণ কৰা হৈছে ‘৮৩’ ছবিখন৷ বিশ্বকাপ জয়ৰ ৩৮ বছৰৰ পাছত কবিৰ খানৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছে ‘৮৩’৷ কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে আৰু ছবিখনত কপিল দেৱৰ পত্নী ৰোমি ভাটিয়াৰ চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ ডিম্পল কুইনখ্যাত দীপিকা পাডুকনে৷ ইয়াৰ উপৰি ছবিখনত পংকজ ত্ৰিপাঠীসহ বহু কলা-কুশলীয়ে অভিনয় কৰিছে৷


৬০-৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ছবিখন ২৪ ডিচেম্বৰত ছবিগৃহলৈ আহিব৷ হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালেয়ালম ভাষাত মুক্তি লাভ কৰিব৷ আজি ‘৮৩’ৰ ট্ৰেইলৰটোত ১৯৮৩ৰ ১৮ জুনত ইংলেণ্ডৰ নেভিল খেলপথাৰত অনুষ্ঠিত হোৱা জিম্বাৱেৰ বিৰুদ্ধে ভাৰতৰ মেচখনৰ পৰা আৰম্ভ হৈছে৷ ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হৈ কপিল দেৱৰ অধিনায়কত্বত প্ৰথমটো বিশ্বকাপ দখল কৰিছিল ভাৰতে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু