--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত এটা কথা প্ৰায়ে শুনিবলৈ পোৱা যায় যে তোমাক আকাশৰ জোনটো আনি দিম। অসম্ভৱ যদিও প্ৰেমত এইষাৰ বাক্য সোণসেৰীয়া। জোনটো আনি দিব নোৱাৰিলেও জোনৰ এটুকুৰা মাটি কিনি পত্নীক উপহাৰ দিলে স্বামীয়ে। এই ঘটনা পশ্চিমবংগৰ ঝাৰগ্ৰাম জিলাৰ। 

এজন লোকে তেওঁৰ পত্নীক জন্মদিনৰ উপলক্ষে চন্দ্ৰত মাটিৰ টুকুৰা ক্ৰয় কৰি উপহাৰ দিয়ে। ১০ হাজাৰ টকাত এক একৰ মাটি ক্ৰয় কৰা সঞ্জয় মাহাটোৱে কয় যে বিয়াৰ পূৰ্বে পত্নীৰ ওচৰলৈ জোনটো আনি দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল।

মাহাটোৱে কয় যে “ভাৰতৰ চন্দ্ৰযান-৩ সফল অভিযানৰ পাছতে এনে উপহাৰ ক্ৰয় কৰাৰ প্ৰেৰণা পাইছিলোঁ। ই মোক বিশ্বাস দিছিল যে মোৰ পত্নীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সময় আহি পৰিছে। মই আৰু মোৰ পত্নীয়ে বহু দিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিলো, তাৰপাছত যোৱা এপ্ৰিল মাহত আমাৰ বিয়া হৈছিল। মই পত্নীৰ ওচৰলৈ চন্দ্ৰটো আনি দিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলোঁ। কিন্তু এতিয়া আমাৰ বিয়াৰ পাছত তেওঁৰ প্ৰথম জন্মদিনত মই ভাবিলোঁ যে তেওঁক চন্দ্ৰৰ মাটিৰ প্লট এটা উপহাৰ দিওঁ।’’
Bengal man gifts piece of land to wife
বন্ধুৰ সহায়ত তেওঁ লুনা ছ’চাইটি ইণ্টাৰনেশ্যনেলৰ জৰিয়তে মাটিখিনি ক্ৰয় কৰিছিল। গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ প্ৰায় এবছৰ সময় লাগিছিল। হাতত 'Registered claim and deed for lunar property' লিখা পঞ্জীয়ন কাগজ এখন লৈ সঞ্জয় মাহাটোৱে কয় যে, "মই পত্নীৰ বাবে চন্দ্ৰত এক একৰ মাটি কিনিলো।"

সেই টকাৰে আন কিবা আনিব পাৰিলেহেঁতেন নেকি বুলি সোধাত সঞ্জয় মাহাটোৱে কয় যে, "হয়, পাৰিলোঁহেঁতেন। কিন্তু চন্দ্ৰই আমাৰ দুয়োৰে হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। গতিকে, বিবাহিত দম্পতী হিচাপে পত্নীৰ প্ৰথম জন্মদিনত ইয়াতকৈ ভাল একো ভাবিব পৰা নাছিলো।”

সঞ্জয়ে কয় যে তেওঁ আৰু তেওঁৰ পত্নী অনামিকাই প্ৰায়ে নিজৰ বাৰীত বহি চন্দ্ৰৰ ফালে মূৰ তুলি চাই থাকে আৰু তেওঁলোকৰ প্ৰেম কাহিনীৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল চন্দ্ৰটো।

যদিও মহাকাশৰ ব্যক্তিগত মালিকীস্বত্ব কাৰ্যতঃ সম্ভৱ নহয়, উপহাৰ দিয়া ৱেবছাইটসমূহে এতিয়াও ‘চন্দ্ৰৰ মাটিৰ টুকুৰা বিক্ৰী কৰে’ আৰু সেইবোৰ ‘ক্ৰয়’ কৰিবলৈ ইচ্ছুকসকলক ‘প্ৰমাণপত্ৰ’ প্ৰদান কৰে। ভাৰতৰ ল্যাণ্ডমাৰ্ক সফলতাৰ পূৰ্বেও ভাৰতীয়সকলে চন্দ্ৰত একৰ একৰ মাটি ক্ৰয় কৰিবলৈ আগ্ৰহী হৈ আহিছে।

২০২০ চনত ৰাজস্থানৰ আজমেৰত এজন লোকে তেওঁলোকৰ বিবাহ বাৰ্ষিকীত চন্দ্ৰত তিনি একৰ মাটি উপহাৰ দিছিল পত্নীক। ধৰ্মেন্দ্ৰ অনিজা নামৰ লোকজনে কয় যে তেওঁলোকৰ অষ্টম বিবাহ বাৰ্ষিকীত পত্নী স্বপ্না অনিজাৰ বাবে বিশেষ কিবা এটা কৰিব বিচৰাৰ বাবেই তেওঁ চন্দ্ৰত মাটি ক্ৰয় কৰিছিল।

২০১৮ চনত প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতেও চন্দ্ৰৰ দূৰৈৰ ফালে থকা চন্দ্ৰৰ মাটিৰ টুকুৰা বুলি দাবী কৰা ঠাইখন ক্ৰয় কৰিছিল, যিটো অঞ্চল মাৰে মাস্কোভিয়েন্স বা "মাস্কোভিৰ সাগৰ" নামৰ অঞ্চলত আছিল।

অভিনেতা শ্বাহৰুখ খান আৰু প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ পৰা অনুপ্ৰাণিত হৈ বোধগয়াৰ বাসিন্দা নীৰজ কুমাৰেও জন্মদিনত চন্দ্ৰত এক একৰ মাটি ক্ৰয় কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস