--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ৷ মণিপুৰৰ টেঙনৌপাল জিলাৰ পল্লেল অঞ্চলৰ পৰা শুকুৰবাৰে পুৱাৰ পৰা নিৰাপত্তা বাহিনী আৰু অস্ত্ৰধাৰীৰ মাজত গুলীচালনাৰ খবৰ আহি পৰিছে৷বিষয়াসকলৰ মতে, পুৱা প্ৰায় ৬ বজাৰ পৰা গুলীচালনা আৰম্ভ হয় আৰু মাজে মাজে গুলীচালনা অব্যাহত আছে।বৰ্তমানলৈকে কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই বুলি তেওঁলোকে জানিবলৈ দিয়ে।বৰ্তমান সমগ্ৰ পৰিস্থিতিৰ ওপৰত নিৰাপত্তা বাহিনীয়ে নিৰীক্ষণ কৰি আছে।

বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাইত বুধবাৰে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে সমবেত হৈ টৰবুঙৰ নিৰ্জন ঘৰত উপস্থিত হোৱাৰ প্ৰয়াসত সেনাৰ বেৰিকেড ভাঙিবলৈ চেষ্টা কৰাৰ দুদিন পিছতে এই গুলীচালনাৰ ঘটনা সংঘটিত হয়।অঞ্চলটোত উত্তেজনা স্পষ্ট হৈ পৰাত ৰেপিড একচন ফ’ৰ্চ (আৰ এ এফ), আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ জোৱানৰে গঠিত নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছৰ গুলী চলায় বুলি বিষয়াসকলে জনায়।

প্ৰতিবাদৰ এদিন পূৰ্বে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে মণিপুৰৰ পাঁচখন উপত্যকা জিলাৰ আটাইকেইখনতে সম্পূৰ্ণ সান্ধ্য আইন ক্লেম্প কৰা হৈছিল।

উল্লেখযোগ্য যে, যোৱা ৩ মে'ত মণিপুৰত সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছটি) মৰ্যাদা দিয়াৰ দাবীৰ প্ৰতিবাদত "জনজাতি সংহতি মাৰ্চ"ৰ আয়োজন কৰাৰ পাছতে মণিপুৰত জনগোষ্ঠীয় হিংসা সংঘটিত হৈ ১৬০ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে কেইবাশ লোক আহত হৈছে৷মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেইসকলে ইম্ফল উপত্যকাত বেছিভাগেই বাস কৰে, আনহাতে নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকলে ৪০ শতাংশ আৰু বেছিভাগেই পাহাৰীয়া জিলাসমূহত বাস কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ