--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ৷ মণিপুৰৰ টেঙনৌপাল জিলাৰ পল্লেল অঞ্চলৰ পৰা শুকুৰবাৰে পুৱাৰ পৰা নিৰাপত্তা বাহিনী আৰু অস্ত্ৰধাৰীৰ মাজত গুলীচালনাৰ খবৰ আহি পৰিছে৷বিষয়াসকলৰ মতে, পুৱা প্ৰায় ৬ বজাৰ পৰা গুলীচালনা আৰম্ভ হয় আৰু মাজে মাজে গুলীচালনা অব্যাহত আছে।বৰ্তমানলৈকে কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই বুলি তেওঁলোকে জানিবলৈ দিয়ে।বৰ্তমান সমগ্ৰ পৰিস্থিতিৰ ওপৰত নিৰাপত্তা বাহিনীয়ে নিৰীক্ষণ কৰি আছে।

বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাইত বুধবাৰে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে সমবেত হৈ টৰবুঙৰ নিৰ্জন ঘৰত উপস্থিত হোৱাৰ প্ৰয়াসত সেনাৰ বেৰিকেড ভাঙিবলৈ চেষ্টা কৰাৰ দুদিন পিছতে এই গুলীচালনাৰ ঘটনা সংঘটিত হয়।অঞ্চলটোত উত্তেজনা স্পষ্ট হৈ পৰাত ৰেপিড একচন ফ’ৰ্চ (আৰ এ এফ), আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ জোৱানৰে গঠিত নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছৰ গুলী চলায় বুলি বিষয়াসকলে জনায়।

প্ৰতিবাদৰ এদিন পূৰ্বে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে মণিপুৰৰ পাঁচখন উপত্যকা জিলাৰ আটাইকেইখনতে সম্পূৰ্ণ সান্ধ্য আইন ক্লেম্প কৰা হৈছিল।

উল্লেখযোগ্য যে, যোৱা ৩ মে'ত মণিপুৰত সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছটি) মৰ্যাদা দিয়াৰ দাবীৰ প্ৰতিবাদত "জনজাতি সংহতি মাৰ্চ"ৰ আয়োজন কৰাৰ পাছতে মণিপুৰত জনগোষ্ঠীয় হিংসা সংঘটিত হৈ ১৬০ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে কেইবাশ লোক আহত হৈছে৷মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেইসকলে ইম্ফল উপত্যকাত বেছিভাগেই বাস কৰে, আনহাতে নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকলে ৪০ শতাংশ আৰু বেছিভাগেই পাহাৰীয়া জিলাসমূহত বাস কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ