--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ বৰ্ষৰ অস্কাৰ বঁটা প্ৰদান মঞ্চত ঘটিল এক অঘটন! শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰা উইল স্মিথে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ ঘোষক তথা বিখ্যাত কমেডিয়ান ক্ৰিছ ৰকৰ গালত শোধালে প্ৰচণ্ড চৰ। এই আকস্মিক ঘটনাত উপস্থিত সকলো হতবাক হৈ পৰে। ক্ৰিছ ৰকে উইল স্মিথৰ পত্নী জেডা পিংকেট স্মিথক লৈ কৰিছিল তাচ্ছিল্যভৰা মন্তব্য। তেওঁ উইল স্মিথৰ পত্নীৰ চুলিক লৈ কৌতুক কৰিছিল। ক্ৰিছ ৰকে কয় যে পৰৱৰ্তী ‘জি আই জেন’ ছবিত জেডা স্মিথে অভিনয় কৰিব।‘জি আই জেন’ ছবিখনত ডেমি মুৰে অভিনয় কৰিছিল। ছবিখনত ডেমিৰ মুৰত চুলি নাছিল। ইপিনে, জেডাৰ মুৰতো চুলি নাই। কিন্তু সেয়া আন কাৰণত নহয়, জেডা এল’পেচিয়াত আক্ৰান্ত হোৱাৰ বাবেহে তেওঁৰ মূৰৰ চুলি নাই। এল’পেচিয়াত আক্ৰান্ত পত্নীক লৈ ক্ৰিছে কৰা এনে কৌতুকত খঙত জ্বলি উঠে উইল স্মিথ। তেওঁ মঞ্চলৈ উঠি গৈ ক্ৰিছৰ গালত শোধায় এটা পূৰ্ণহতীয়া চৰ। https://twitter.com/Variety/status/1508271453656870916?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1508271453656870916%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fnavbharattimes.indiatimes.com%2Fviral%2Ftrending%2Fwill-smith-slap-chris-rock-on-oscar-2022-netizen-are-in-shock%2Farticleshow%2F90486034.cms বহুতেই এয়া প্ৰথমতে স্ক্ৰীপ্টৰ অংশ বুলি ভাবিছিল যদিও পাছত দেখা যায় যে উইল স্মিথ সঁচাকৈয়ে খঙত অগ্নিশৰ্মা হৈ পৰিছে। তেওঁ ক্ৰিছক গালি দি কয় যে মোৰ পত্নীৰ নাম পুনৰ যাতে আপোনাৰ মুখৰ পৰা নোলায়। ক্ৰিছে তেতিয়া উত্তৰ দিছিল যে এয়া মাত্ৰ ধেমালি আছিল, আগলৈ তেওঁ এনে নকৰে। উল্লেখ্য যে উইল স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা গ্ৰহণ কৰি মঞ্চতে আৱেগিক হৈ কান্দি উঠিছিল উইল স্মিথ। উইলে ক্ৰিছ ৰকৰ গালত মৰা প্ৰচণ্ড চৰৰ ঘটনাটো বৰ্তমান টুইটাৰ ট্ৰেণ্ডিঙত আছে। আৰু পঢ়কঃ এক ধৰ্ষণকাণ্ডৰ ন্যায় বিচাৰি প্ৰিয়ংকা গান্ধীলৈ ৰে’লৰ টিকট পঠালে বিজেপিয়ে! কিন্তু কিয়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক