--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ বৰ্ষৰ অস্কাৰ বঁটা প্ৰদান মঞ্চত ঘটিল এক অঘটন! শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰা উইল স্মিথে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানৰ ঘোষক তথা বিখ্যাত কমেডিয়ান ক্ৰিছ ৰকৰ গালত শোধালে প্ৰচণ্ড চৰ। এই আকস্মিক ঘটনাত উপস্থিত সকলো হতবাক হৈ পৰে। ক্ৰিছ ৰকে উইল স্মিথৰ পত্নী জেডা পিংকেট স্মিথক লৈ কৰিছিল তাচ্ছিল্যভৰা মন্তব্য। তেওঁ উইল স্মিথৰ পত্নীৰ চুলিক লৈ কৌতুক কৰিছিল। ক্ৰিছ ৰকে কয় যে পৰৱৰ্তী ‘জি আই জেন’ ছবিত জেডা স্মিথে অভিনয় কৰিব।‘জি আই জেন’ ছবিখনত ডেমি মুৰে অভিনয় কৰিছিল। ছবিখনত ডেমিৰ মুৰত চুলি নাছিল। ইপিনে, জেডাৰ মুৰতো চুলি নাই। কিন্তু সেয়া আন কাৰণত নহয়, জেডা এল’পেচিয়াত আক্ৰান্ত হোৱাৰ বাবেহে তেওঁৰ মূৰৰ চুলি নাই। এল’পেচিয়াত আক্ৰান্ত পত্নীক লৈ ক্ৰিছে কৰা এনে কৌতুকত খঙত জ্বলি উঠে উইল স্মিথ। তেওঁ মঞ্চলৈ উঠি গৈ ক্ৰিছৰ গালত শোধায় এটা পূৰ্ণহতীয়া চৰ। https://twitter.com/Variety/status/1508271453656870916?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1508271453656870916%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fnavbharattimes.indiatimes.com%2Fviral%2Ftrending%2Fwill-smith-slap-chris-rock-on-oscar-2022-netizen-are-in-shock%2Farticleshow%2F90486034.cms বহুতেই এয়া প্ৰথমতে স্ক্ৰীপ্টৰ অংশ বুলি ভাবিছিল যদিও পাছত দেখা যায় যে উইল স্মিথ সঁচাকৈয়ে খঙত অগ্নিশৰ্মা হৈ পৰিছে। তেওঁ ক্ৰিছক গালি দি কয় যে মোৰ পত্নীৰ নাম পুনৰ যাতে আপোনাৰ মুখৰ পৰা নোলায়। ক্ৰিছে তেতিয়া উত্তৰ দিছিল যে এয়া মাত্ৰ ধেমালি আছিল, আগলৈ তেওঁ এনে নকৰে। উল্লেখ্য যে উইল স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা গ্ৰহণ কৰি মঞ্চতে আৱেগিক হৈ কান্দি উঠিছিল উইল স্মিথ। উইলে ক্ৰিছ ৰকৰ গালত মৰা প্ৰচণ্ড চৰৰ ঘটনাটো বৰ্তমান টুইটাৰ ট্ৰেণ্ডিঙত আছে। আৰু পঢ়কঃ এক ধৰ্ষণকাণ্ডৰ ন্যায় বিচাৰি প্ৰিয়ংকা গান্ধীলৈ ৰে’লৰ টিকট পঠালে বিজেপিয়ে! কিন্তু কিয়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে