--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ অৰলেণ্ডোত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। এজন ১৪ বছৰীয়া কিশোৰে এখন বিনোদন উদ্যানত প্ৰাণ হেৰুওৱা ঘটনা পোহৰলৈ আহিছে। অৰলেণ্ডো ফ্ৰী ফল ৰাইড, এই খেল আমেৰিকান আৰু বিদেশৰ পৰা অহা পৰ্যটকসকলৰ মাজত অতি জনপ্ৰিয়। যাৰ উচ্চতা বহুগুণে বেছি! উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি, মৃত কিশোৰজন টায়াৰ চেম্পচন বুলি চিনাক্ত কৰা হৈছে। তেওঁ মিছৌৰীৰ বাসিন্দা। বৃহস্পতিবাৰে, চেম্পচন লগতে পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ সৈতে ফ্লৰিডালৈ আহিছিল। তেতিয়াই টাইৰে অৰলেণ্ডো ফ্ৰী ফল ৰাইডত উঠিছিল। পাছত মুহুৰ্ততে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। অনুসন্ধানত পোহৰলৈ আহিব প্ৰকৃততে সেইয়া দুৰ্ঘটনা আছিল নে ইয়াৰ আঁৰত আন কোনো ৰহস্য। এই খেলবিধ যোৱা বছৰ ফ্লৰিডাৰ অৰলেণ্ডোৰ আইকন পাৰ্কত আৰম্ভ কৰা হৈছিল। এই খেলবিধ সোনকালেই জনসাধাৰণৰ মাজতো জনপ্ৰিয় হৈ পৰিছিল। এজন প্ৰত্যেক্ষদৰ্শীয়ে তেওঁৰ এক বিবৃতিত আৰক্ষীক কৈছিল যে যাত্ৰা আৰম্ভ হোৱাৰ আগতে সকলোৱে সুৰক্ষা বেল্টেৰে তেওঁলোকক আসনত ভালদৰে বান্ধি থোৱা হৈছিল। অৱশ্যে টাইৰৰ বেল্টত হয়তো কিছু বিসংগতি থাকিব পাৰে। ঘটনাৰ পাছতে টাইৰক ততাতৈয়াকৈ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। প্ৰত্যেক্ষদৰ্শীজনে কৈছিল যে ঘটনাটোৰ সময়ত তেওঁ এটা প্ৰচণ্ড শব্দ শুনিছিল। ঘটনাস্থলীত উপস্থিত থকা আন এগৰাকী মহিলাই কৈছিল যে টাইৰক কেৱল ওপৰৰ পৰা তললৈ বাগৰি থকাহে দেখা পাইছিলো। ইফালে, ঘটনাটোৰ পাছত টাইৰৰ দেউতাকে ছ'চিয়েল মিডিয়াৰ সহায় লৈছে। প্ৰশ্নউত্থাপন কৰিছে যে, তেওঁৰ পুত্ৰৰ সৈতে এনে কিয় হৈছিল? ইয়াৰ বাবে কোন দায়ী? ভৱিষ্যতে যাতে কোনো কাৰণতে এনে ঘটনা নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে