--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ অৰলেণ্ডোত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। এজন ১৪ বছৰীয়া কিশোৰে এখন বিনোদন উদ্যানত প্ৰাণ হেৰুওৱা ঘটনা পোহৰলৈ আহিছে। অৰলেণ্ডো ফ্ৰী ফল ৰাইড, এই খেল আমেৰিকান আৰু বিদেশৰ পৰা অহা পৰ্যটকসকলৰ মাজত অতি জনপ্ৰিয়। যাৰ উচ্চতা বহুগুণে বেছি! উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি, মৃত কিশোৰজন টায়াৰ চেম্পচন বুলি চিনাক্ত কৰা হৈছে। তেওঁ মিছৌৰীৰ বাসিন্দা। বৃহস্পতিবাৰে, চেম্পচন লগতে পৰিয়ালৰ সদস্য আৰু বন্ধুবৰ্গৰ সৈতে ফ্লৰিডালৈ আহিছিল। তেতিয়াই টাইৰে অৰলেণ্ডো ফ্ৰী ফল ৰাইডত উঠিছিল। পাছত মুহুৰ্ততে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। অনুসন্ধানত পোহৰলৈ আহিব প্ৰকৃততে সেইয়া দুৰ্ঘটনা আছিল নে ইয়াৰ আঁৰত আন কোনো ৰহস্য। এই খেলবিধ যোৱা বছৰ ফ্লৰিডাৰ অৰলেণ্ডোৰ আইকন পাৰ্কত আৰম্ভ কৰা হৈছিল। এই খেলবিধ সোনকালেই জনসাধাৰণৰ মাজতো জনপ্ৰিয় হৈ পৰিছিল। এজন প্ৰত্যেক্ষদৰ্শীয়ে তেওঁৰ এক বিবৃতিত আৰক্ষীক কৈছিল যে যাত্ৰা আৰম্ভ হোৱাৰ আগতে সকলোৱে সুৰক্ষা বেল্টেৰে তেওঁলোকক আসনত ভালদৰে বান্ধি থোৱা হৈছিল। অৱশ্যে টাইৰৰ বেল্টত হয়তো কিছু বিসংগতি থাকিব পাৰে। ঘটনাৰ পাছতে টাইৰক ততাতৈয়াকৈ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। প্ৰত্যেক্ষদৰ্শীজনে কৈছিল যে ঘটনাটোৰ সময়ত তেওঁ এটা প্ৰচণ্ড শব্দ শুনিছিল। ঘটনাস্থলীত উপস্থিত থকা আন এগৰাকী মহিলাই কৈছিল যে টাইৰক কেৱল ওপৰৰ পৰা তললৈ বাগৰি থকাহে দেখা পাইছিলো। ইফালে, ঘটনাটোৰ পাছত টাইৰৰ দেউতাকে ছ'চিয়েল মিডিয়াৰ সহায় লৈছে। প্ৰশ্নউত্থাপন কৰিছে যে, তেওঁৰ পুত্ৰৰ সৈতে এনে কিয় হৈছিল? ইয়াৰ বাবে কোন দায়ী? ভৱিষ্যতে যাতে কোনো কাৰণতে এনে ঘটনা নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক