--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত ঘটিছে এক অঘটন। দিল্লীৰ অমৰোহাৰ বাসিন্দা শ্বাহ আলম নামৰ দৰ্জীজনে নিজৰ গাড়ীখনৰ সৈতে গংগা নদীত জপিয়াই দিয়ে। গাড়ীখনত শ্বাহ আলমৰ লগতে আছিল তেওঁৰ নৱবিবাহিত পত্নী নাজিয়া। তথ্য পোৱাৰ লগে লগে আমৰোহা আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। ১২ ঘন্টাৰ অন্তত নদীত উদ্ধাৰ হয় শ্বাহ আলমৰ মৃতদেহ। একে সময়তে নাজিয়াৰ সন্ধান এতিয়াও চলি আছে। 

শ্বাহ আলমে কিছু দিনৰ পূৰ্বে নাজিয়াক বিয়া কৰাইছিল। শ্বাহ আলমে দিল্লীত টেইলাৰিঙৰ কাম কৰিছিল। শ্বাহ আলমে বিচাৰিছিল নাজিয়া তেওঁৰ লগত আহিব। কিন্তু শ্বাহ আলমৰ পৰিয়ালৰ লোকে নাজিয়াক লগত পঠিয়াই দিয়া নাছিল। শনিবাৰে পুৱা শ্বাহ আলমৰ পৰিয়ালৰ লোকৰ সৈতে এই বিষয়ক লৈ বিবাদ হৈছিল।

শ্বাহ আলমে জোৰকৈ নাজিয়াক গাড়ীত বহিবলৈ দিলে। গাড়ী ষ্টাৰ্ট কৰাৰ লগে লগে শ্বাহ আলমৰ দেউতাক ছাকিৰ আহি গাড়ীৰ সন্মুখত থিয় হ’ল। শ্বাহ আলমে তেওঁক গাড়ীৰে খুন্দা মাৰে, যাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। তেনেতে শ্বাহ আলমৰ ভনীয়েক গাড়ীৰ সন্মুখত আহিল। লগতে শ্বাহ আলমে তেওঁক আঘাত কৰি আহত কৰি তাৰ পৰাই গুচি যায়।

বাটত গৈ থাকোঁতে হঠাৎ মাজতে এজন বাইক আৰোহী আহিল। শ্বাহ আলমে তেওঁকো আঘাত কৰি আগবাঢ়ি গ’ল। তাৰ পাছত বাটৰ মাজতে হঠাৎ গাড়ীখনৰ সৈতে গংগা নদীত জপিয়াই দিলে। গাড়ীখন নদীত পৰি যোৱা থকা দেখি তাত উপস্থিত থকা লোকসকলে লগে লগে আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষীয়ে স্বামী-স্ত্ৰীক উদ্ধাৰৰ কাম আৰম্ভ কৰে। ১২ ঘন্টাৰ অন্তত আৰক্ষীয়ে উদ্ধাৰ কৰে শ্বাহ আলমৰ মৃতদেহ। আনহাতে, নাজিয়াৰ অনুসন্ধান এতিয়াও চলি আছে।

শ্বাহ আলমৰ পিতৃৰ অৱস্থা সংকটজনক হৈয়ে আছে। চিকিৎসালয়ত তেওঁৰ চিকিৎসা অব্যাহত আছে। ভগ্নীগৰাকীও সামান্য আঘাতপ্ৰাপ্ত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল