--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত ঘটিছে এক অঘটন। দিল্লীৰ অমৰোহাৰ বাসিন্দা শ্বাহ আলম নামৰ দৰ্জীজনে নিজৰ গাড়ীখনৰ সৈতে গংগা নদীত জপিয়াই দিয়ে। গাড়ীখনত শ্বাহ আলমৰ লগতে আছিল তেওঁৰ নৱবিবাহিত পত্নী নাজিয়া। তথ্য পোৱাৰ লগে লগে আমৰোহা আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। ১২ ঘন্টাৰ অন্তত নদীত উদ্ধাৰ হয় শ্বাহ আলমৰ মৃতদেহ। একে সময়তে নাজিয়াৰ সন্ধান এতিয়াও চলি আছে। 

শ্বাহ আলমে কিছু দিনৰ পূৰ্বে নাজিয়াক বিয়া কৰাইছিল। শ্বাহ আলমে দিল্লীত টেইলাৰিঙৰ কাম কৰিছিল। শ্বাহ আলমে বিচাৰিছিল নাজিয়া তেওঁৰ লগত আহিব। কিন্তু শ্বাহ আলমৰ পৰিয়ালৰ লোকে নাজিয়াক লগত পঠিয়াই দিয়া নাছিল। শনিবাৰে পুৱা শ্বাহ আলমৰ পৰিয়ালৰ লোকৰ সৈতে এই বিষয়ক লৈ বিবাদ হৈছিল।

শ্বাহ আলমে জোৰকৈ নাজিয়াক গাড়ীত বহিবলৈ দিলে। গাড়ী ষ্টাৰ্ট কৰাৰ লগে লগে শ্বাহ আলমৰ দেউতাক ছাকিৰ আহি গাড়ীৰ সন্মুখত থিয় হ’ল। শ্বাহ আলমে তেওঁক গাড়ীৰে খুন্দা মাৰে, যাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। তেনেতে শ্বাহ আলমৰ ভনীয়েক গাড়ীৰ সন্মুখত আহিল। লগতে শ্বাহ আলমে তেওঁক আঘাত কৰি আহত কৰি তাৰ পৰাই গুচি যায়।

বাটত গৈ থাকোঁতে হঠাৎ মাজতে এজন বাইক আৰোহী আহিল। শ্বাহ আলমে তেওঁকো আঘাত কৰি আগবাঢ়ি গ’ল। তাৰ পাছত বাটৰ মাজতে হঠাৎ গাড়ীখনৰ সৈতে গংগা নদীত জপিয়াই দিলে। গাড়ীখন নদীত পৰি যোৱা থকা দেখি তাত উপস্থিত থকা লোকসকলে লগে লগে আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষীয়ে স্বামী-স্ত্ৰীক উদ্ধাৰৰ কাম আৰম্ভ কৰে। ১২ ঘন্টাৰ অন্তত আৰক্ষীয়ে উদ্ধাৰ কৰে শ্বাহ আলমৰ মৃতদেহ। আনহাতে, নাজিয়াৰ অনুসন্ধান এতিয়াও চলি আছে।

শ্বাহ আলমৰ পিতৃৰ অৱস্থা সংকটজনক হৈয়ে আছে। চিকিৎসালয়ত তেওঁৰ চিকিৎসা অব্যাহত আছে। ভগ্নীগৰাকীও সামান্য আঘাতপ্ৰাপ্ত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা