--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতীয় সেনাত ভুৱা নিযুক্তিৰ বাবে  উত্তৰ প্ৰদেশত ৰাহুল সিং নামৰ এজন প্ৰাক্তন সেনা জোৱানসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।সেনাবাহিনীত চাকৰি দিয়াৰ নামত জালিয়াতিৰ অভিযোগ নতুন নহয়। এইবাৰ, উত্তৰ প্ৰদেশত সেনাত ভুৱা নিযুক্তিৰ অভিযোগ সন্মুখলৈ আহিছে। সেনাবাহিনীত চাৰি মাহৰ 'সেৱা'ৰ আগবঢ়োৱাৰ পিছত, এজন যুৱকে জানিব পাৰিলে যে তেওঁক প্ৰকৃততে  নিযুক্তি দিয়া হোৱা নাই।সেয়ম  মনোজ কুমাৰে আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে। 

গাজিয়াবাদৰ বাসিন্দা মনোজে অভিযোগ কৰিছিল যে৷ তেওঁ জুলাইৰ আৰম্ভণিতে  ১৬ লাখ টকা পৰিশোধ কৰি সেনাৰ নিযুক্তি পত্ৰ লাভ কৰিছিল। ইয়াৰ পিছত, তেওঁ পাঠানকোটৰ সেনা শিবিৰত টেৰিটৰিয়েল আৰ্মীৰ ১০৮ তম ইনফেণ্ট্ৰী বেটেলিয়নত চাৰি মাহৰ বাবে প্ৰশিক্ষিত জোৱান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দৰমহা হিচাপে প্ৰতি মাহে ১২,০০০ টকা লাভ কৰিছিল। তেওঁ সেনাৰ পোছাক আৰু পৰিচয় পত্ৰও লাভ কৰিছিল।

পাঠানকোটত টেৰিটৰিয়েল আৰ্মীৰ ট্ৰেঞ্জিট কেম্প নম্বৰ ২৭২ ত কাম কৰোঁতে, মনোজে হঠাতে গম পাইছিল যে তেওঁ প্ৰকৃততে বাহিনীৰ সদস্য নহয়! তেওঁক সেনা শিবিৰৰ অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰিবলৈ বাধ্য কৰা হৈছে। ইয়াৰ পিছত, তেওঁ বিষয়টো সম্পৰ্কে আৰক্ষীৰ কাষ চাপিছিল। ৰাহুলক সেনাৰ চোৰাংচোৱাৰ সহায়ত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক জেৰা কৰা হৈছিল আৰু আন এজন অভিযুক্ত বিট্টু সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে, ভুৱা নিযুক্তি ৰেকেটৰ পাণ্ডা ৰাজা সিং এতিয়াও সন্ধানহীন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন