--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতীয় সেনাত ভুৱা নিযুক্তিৰ বাবে  উত্তৰ প্ৰদেশত ৰাহুল সিং নামৰ এজন প্ৰাক্তন সেনা জোৱানসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।সেনাবাহিনীত চাকৰি দিয়াৰ নামত জালিয়াতিৰ অভিযোগ নতুন নহয়। এইবাৰ, উত্তৰ প্ৰদেশত সেনাত ভুৱা নিযুক্তিৰ অভিযোগ সন্মুখলৈ আহিছে। সেনাবাহিনীত চাৰি মাহৰ 'সেৱা'ৰ আগবঢ়োৱাৰ পিছত, এজন যুৱকে জানিব পাৰিলে যে তেওঁক প্ৰকৃততে  নিযুক্তি দিয়া হোৱা নাই।সেয়ম  মনোজ কুমাৰে আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে। 

গাজিয়াবাদৰ বাসিন্দা মনোজে অভিযোগ কৰিছিল যে৷ তেওঁ জুলাইৰ আৰম্ভণিতে  ১৬ লাখ টকা পৰিশোধ কৰি সেনাৰ নিযুক্তি পত্ৰ লাভ কৰিছিল। ইয়াৰ পিছত, তেওঁ পাঠানকোটৰ সেনা শিবিৰত টেৰিটৰিয়েল আৰ্মীৰ ১০৮ তম ইনফেণ্ট্ৰী বেটেলিয়নত চাৰি মাহৰ বাবে প্ৰশিক্ষিত জোৱান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ দৰমহা হিচাপে প্ৰতি মাহে ১২,০০০ টকা লাভ কৰিছিল। তেওঁ সেনাৰ পোছাক আৰু পৰিচয় পত্ৰও লাভ কৰিছিল।

পাঠানকোটত টেৰিটৰিয়েল আৰ্মীৰ ট্ৰেঞ্জিট কেম্প নম্বৰ ২৭২ ত কাম কৰোঁতে, মনোজে হঠাতে গম পাইছিল যে তেওঁ প্ৰকৃততে বাহিনীৰ সদস্য নহয়! তেওঁক সেনা শিবিৰৰ অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰিবলৈ বাধ্য কৰা হৈছে। ইয়াৰ পিছত, তেওঁ বিষয়টো সম্পৰ্কে আৰক্ষীৰ কাষ চাপিছিল। ৰাহুলক সেনাৰ চোৰাংচোৱাৰ সহায়ত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক জেৰা কৰা হৈছিল আৰু আন এজন অভিযুক্ত বিট্টু সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে, ভুৱা নিযুক্তি ৰেকেটৰ পাণ্ডা ৰাজা সিং এতিয়াও সন্ধানহীন হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement