--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ্গিল বিজয় দিৱসৰ ২৫ বছৰীয়া জয়ন্তীত পাকিস্তানক পোনপটীয়াকৈ সকীয়নি  দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ড্ৰাছত পাকিস্তানক সকিয়াই মোদীয়ে কয়-  সন্ত্ৰাসৰ পৃষ্ঠপোষকসকলক সকিয়াই দিব বিচাৰিছো  যে তেওঁলোকৰ জঘন্য ষড়যন্ত্ৰ কেতিয়াও সফল নহ’ব। আমাৰ সেনাই সন্ত্ৰাসবাদীক চেপি ধৰিব। শত্ৰুক  যোগ্য উত্তৰ দিব। উল্লেখযোগ্য যে কাৰ্গিলত শ্বহীদ হোৱা জোৱানক শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰধানমন্ত্ৰীয়ে ড্ৰাছত থকা যুদ্ধ স্মৃতিসৌধলৈ গৈ নিহত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি  জ্ঞাপন কৰে। 

বিজয় দিৱসৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে কাৰ্গিলৰ ড্ৰাছ  ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আজিৰ পৰা ২৫ বছৰ পূৰ্বে  ভাৰতে কেৱল যুদ্ধতেই জয়ী হোৱা নাছিল। লগতে সত্য, প্ৰতিৰোধ আৰু শক্তিৰ এক অসাধাৰণ উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছিল। এই পবিত্ৰ ভূমি লাডাখত আজি কাৰ্গিল বিজয় দিৱসৰ ২৫ বছৰ সম্পূৰ্ণ হ'ল। দেশৰ বাবে প্ৰাণ আহুতি দিয়া সকলে আজি আমাক সোঁৱৰাই দিয়ে যে দেশৰ ইতিহাসে তেওঁলোকক অমৰ কৰি ৰাখিব।"
ভাষণত পাকিস্তানক পোনপটীয়াকৈ আক্ৰমণ কৰি মোদীয়ে কয় যে তেওঁলোকে এতিয়াও  ছাঁয়া যুদ্ধ অব্যাহত ৰাখিছে। ইতিহাসৰ পৰা শিকিব পৰা নাই পাকিস্তানে।  মোদীৰ কঠোৰ বাৰ্তা, "আজি মই এনে এখন ঠাইৰ পৰা কথা কৈছো য'ত সন্ত্ৰাসৰ পৃষ্ঠপোষকসকলে মোৰ কথা পোনপটীয়াকৈ শুনিব পাৰে।" মই সন্ত্ৰাসৰ  পৃষ্ঠপোষকসকলক স্পষ্টকৈ ক’ব বিচাৰিছো যে আপোনালোকৰ ষড়যন্ত্ৰ কেতিয়াও সফল নহ’ব। ইয়াৰ বিপৰীতে আমাৰ সেনাই সকলো সন্ত্ৰাসবাদিক চেপি ধৰি উপযুক্ত উত্তৰ দিব।”
মন কৰিবলগীয়া যে যোৱা ডেৰ মাহত কাশ্মীৰত পাক সন্ত্ৰাসবাদীয়ে  কেইবাবাৰো সেনাবাহিনীক আক্ৰমণ কৰিছে। বহুকেইজন ভাৰতীয় জোৱান শ্বহীদ হৈছে ।  আনকি পাকিস্তান সেনাৰ অৱসৰপ্ৰাপ্ত জোৱানে সন্ত্ৰাসবাদীক  প্ৰশিক্ষণ দিয়াৰ খবৰো  প্ৰকাশ পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ