--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ্গিল বিজয় দিৱসৰ ২৫ বছৰীয়া জয়ন্তীত পাকিস্তানক পোনপটীয়াকৈ সকীয়নি  দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ড্ৰাছত পাকিস্তানক সকিয়াই মোদীয়ে কয়-  সন্ত্ৰাসৰ পৃষ্ঠপোষকসকলক সকিয়াই দিব বিচাৰিছো  যে তেওঁলোকৰ জঘন্য ষড়যন্ত্ৰ কেতিয়াও সফল নহ’ব। আমাৰ সেনাই সন্ত্ৰাসবাদীক চেপি ধৰিব। শত্ৰুক  যোগ্য উত্তৰ দিব। উল্লেখযোগ্য যে কাৰ্গিলত শ্বহীদ হোৱা জোৱানক শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰধানমন্ত্ৰীয়ে ড্ৰাছত থকা যুদ্ধ স্মৃতিসৌধলৈ গৈ নিহত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি  জ্ঞাপন কৰে। 

বিজয় দিৱসৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে কাৰ্গিলৰ ড্ৰাছ  ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আজিৰ পৰা ২৫ বছৰ পূৰ্বে  ভাৰতে কেৱল যুদ্ধতেই জয়ী হোৱা নাছিল। লগতে সত্য, প্ৰতিৰোধ আৰু শক্তিৰ এক অসাধাৰণ উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছিল। এই পবিত্ৰ ভূমি লাডাখত আজি কাৰ্গিল বিজয় দিৱসৰ ২৫ বছৰ সম্পূৰ্ণ হ'ল। দেশৰ বাবে প্ৰাণ আহুতি দিয়া সকলে আজি আমাক সোঁৱৰাই দিয়ে যে দেশৰ ইতিহাসে তেওঁলোকক অমৰ কৰি ৰাখিব।"
ভাষণত পাকিস্তানক পোনপটীয়াকৈ আক্ৰমণ কৰি মোদীয়ে কয় যে তেওঁলোকে এতিয়াও  ছাঁয়া যুদ্ধ অব্যাহত ৰাখিছে। ইতিহাসৰ পৰা শিকিব পৰা নাই পাকিস্তানে।  মোদীৰ কঠোৰ বাৰ্তা, "আজি মই এনে এখন ঠাইৰ পৰা কথা কৈছো য'ত সন্ত্ৰাসৰ পৃষ্ঠপোষকসকলে মোৰ কথা পোনপটীয়াকৈ শুনিব পাৰে।" মই সন্ত্ৰাসৰ  পৃষ্ঠপোষকসকলক স্পষ্টকৈ ক’ব বিচাৰিছো যে আপোনালোকৰ ষড়যন্ত্ৰ কেতিয়াও সফল নহ’ব। ইয়াৰ বিপৰীতে আমাৰ সেনাই সকলো সন্ত্ৰাসবাদিক চেপি ধৰি উপযুক্ত উত্তৰ দিব।”
মন কৰিবলগীয়া যে যোৱা ডেৰ মাহত কাশ্মীৰত পাক সন্ত্ৰাসবাদীয়ে  কেইবাবাৰো সেনাবাহিনীক আক্ৰমণ কৰিছে। বহুকেইজন ভাৰতীয় জোৱান শ্বহীদ হৈছে ।  আনকি পাকিস্তান সেনাৰ অৱসৰপ্ৰাপ্ত জোৱানে সন্ত্ৰাসবাদীক  প্ৰশিক্ষণ দিয়াৰ খবৰো  প্ৰকাশ পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু