--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়ুৰ্বেদৰ মতে বিশুদ্ধ দেশী ঘিউ সেৱনে আমাক বহুতো ৰোগৰ পৰা ৰক্ষা কৰে। দেশী ঘিউৰ উত্তম সুফল পাবলৈ ৰাতিপুৱা খালী পেটত সেৱন কৰিব পাৰে। দেশী ঘিউ খালে বহুতো উপকাৰিতা পোৱা যায়। দেশী ঘীয়ে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ইয়াত এনে বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে আমাক ৰোগৰ পৰা মুক্ত কৰি ৰাখে। দেশী ঘিউৰ বহুতো ঔষধি গুণো আছে। 

খালী পেটত দেশী ঘিউ খোৱাৰ উপকাৰিতাৰ বিষয়ে সদৰী কৰিছে প্ৰখ্যাত পুষ্টিবিদ অৱন্তী দেশপাণ্ডেই। অৱন্তীয়ে আয়ুৰ্বেদৰ দৃষ্টিকোণৰ পৰা দেশী ঘিউৰ উপকাৰিতাৰ কথা বুজাবলৈ চেষ্টা কৰিছে। আয়ুৰ্বেদ অনুসৰি দেশী ঘিউই ক্ষুদ্ৰান্ত্ৰৰ শোষণ ক্ষমতা বৃদ্ধি কৰে আৰু আমাৰ গেষ্ট্ৰাইটিছৰ এচিডিক পি এইচ কমায় বুলি অৱন্তীয়ে ব্যাখ্যা কৰিছে।

আজিকালি অধিকাংশ লোকেই শৰীৰত অধিক মাত্ৰাত চৰ্বি জমা হোৱাটো পছন্দ নকৰে। মেদবহুলতাৰ পৰা হাত সাৰি থাকিবৰ বাবে অধিকাংশ লোকেই সচেতন হোৱা দেখা গৈছে। সেয়ে আজিকালি বহু লোকে ঘিউ, ক্ৰীম, মাখনৰ দৰে দুগ্ধজাত চৰ্বি বৃদ্ধি কাৰক খাদ্য দ্ৰব্যৰ পৰা আঁতৰি থাকিব খোজে। কিন্তু খাদ্য বিশেষজ্ঞসকলৰ মতে গৰুৰ গাখীৰৰ পৰা তৈয়াৰী খাঁটি ঘিউ মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলিহে প্ৰমাণিত হৈছে।

জানো আহক ইয়াৰ উপকাৰিতা সমূহ

১) খালী পেটত দেশী ঘিউ সেৱন কৰিলে আপোনাৰ পাচনতন্ত্ৰ পৰিষ্কাৰ আৰু উন্নত কৰাত সহায়ক হয়।

২) খালী পেটত দেশী ঘিউ সেৱন কৰিলে ছালৰ উন্নতি হয় আৰু ছালৰ স্বাস্থ্য উন্নত হয়।

৩) যদি আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে বা শৌচত অসুবিধা হয়, তেন্তে দেশী ঘিউৱে সহজে চিকিৎসা কৰে।

৪) খালী পেটত দেশী ঘিউ সেৱন কৰিলে দীৰ্ঘ সময় ধৰি ভোক নিয়ন্ত্ৰণ কৰাত সহায়ক হয়। ই মেদবহুলতা বৃদ্ধি নকৰে।

৫) দেশী ঘীয়ে হাড় মজবুত কৰাৰ লগতে পেশীৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

৬) ইয়াৰ বাহিৰেও দেশী ঘিউৱে হৃদৰোগীৰ কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে, ই ভাল কলেষ্টেৰল বৃদ্ধি কৰে।

৭) ৰাতিপুৱা খালী পেটত দেশী ঘিউ খাবলৈ হ’লে প্ৰথমে পানী গৰম কৰি একাপ পানীত এচামুচ দেশী ঘিউ দি ভালদৰে মিহলাই খাব লাগে।

৮) ঘিউত এন্টি-অক্সিডেন্ট উপাদান উচ্চ মাত্ৰাত থাকে। সেয়ে ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু