--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়ুৰ্বেদৰ মতে বিশুদ্ধ দেশী ঘিউ সেৱনে আমাক বহুতো ৰোগৰ পৰা ৰক্ষা কৰে। দেশী ঘিউৰ উত্তম সুফল পাবলৈ ৰাতিপুৱা খালী পেটত সেৱন কৰিব পাৰে। দেশী ঘিউ খালে বহুতো উপকাৰিতা পোৱা যায়। দেশী ঘীয়ে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ইয়াত এনে বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে আমাক ৰোগৰ পৰা মুক্ত কৰি ৰাখে। দেশী ঘিউৰ বহুতো ঔষধি গুণো আছে। 

খালী পেটত দেশী ঘিউ খোৱাৰ উপকাৰিতাৰ বিষয়ে সদৰী কৰিছে প্ৰখ্যাত পুষ্টিবিদ অৱন্তী দেশপাণ্ডেই। অৱন্তীয়ে আয়ুৰ্বেদৰ দৃষ্টিকোণৰ পৰা দেশী ঘিউৰ উপকাৰিতাৰ কথা বুজাবলৈ চেষ্টা কৰিছে। আয়ুৰ্বেদ অনুসৰি দেশী ঘিউই ক্ষুদ্ৰান্ত্ৰৰ শোষণ ক্ষমতা বৃদ্ধি কৰে আৰু আমাৰ গেষ্ট্ৰাইটিছৰ এচিডিক পি এইচ কমায় বুলি অৱন্তীয়ে ব্যাখ্যা কৰিছে।

আজিকালি অধিকাংশ লোকেই শৰীৰত অধিক মাত্ৰাত চৰ্বি জমা হোৱাটো পছন্দ নকৰে। মেদবহুলতাৰ পৰা হাত সাৰি থাকিবৰ বাবে অধিকাংশ লোকেই সচেতন হোৱা দেখা গৈছে। সেয়ে আজিকালি বহু লোকে ঘিউ, ক্ৰীম, মাখনৰ দৰে দুগ্ধজাত চৰ্বি বৃদ্ধি কাৰক খাদ্য দ্ৰব্যৰ পৰা আঁতৰি থাকিব খোজে। কিন্তু খাদ্য বিশেষজ্ঞসকলৰ মতে গৰুৰ গাখীৰৰ পৰা তৈয়াৰী খাঁটি ঘিউ মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলিহে প্ৰমাণিত হৈছে।

জানো আহক ইয়াৰ উপকাৰিতা সমূহ

১) খালী পেটত দেশী ঘিউ সেৱন কৰিলে আপোনাৰ পাচনতন্ত্ৰ পৰিষ্কাৰ আৰু উন্নত কৰাত সহায়ক হয়।

২) খালী পেটত দেশী ঘিউ সেৱন কৰিলে ছালৰ উন্নতি হয় আৰু ছালৰ স্বাস্থ্য উন্নত হয়।

৩) যদি আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে বা শৌচত অসুবিধা হয়, তেন্তে দেশী ঘিউৱে সহজে চিকিৎসা কৰে।

৪) খালী পেটত দেশী ঘিউ সেৱন কৰিলে দীৰ্ঘ সময় ধৰি ভোক নিয়ন্ত্ৰণ কৰাত সহায়ক হয়। ই মেদবহুলতা বৃদ্ধি নকৰে।

৫) দেশী ঘীয়ে হাড় মজবুত কৰাৰ লগতে পেশীৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

৬) ইয়াৰ বাহিৰেও দেশী ঘিউৱে হৃদৰোগীৰ কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে, ই ভাল কলেষ্টেৰল বৃদ্ধি কৰে।

৭) ৰাতিপুৱা খালী পেটত দেশী ঘিউ খাবলৈ হ’লে প্ৰথমে পানী গৰম কৰি একাপ পানীত এচামুচ দেশী ঘিউ দি ভালদৰে মিহলাই খাব লাগে।

৮) ঘিউত এন্টি-অক্সিডেন্ট উপাদান উচ্চ মাত্ৰাত থাকে। সেয়ে ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ