--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু গুণৰ অধিকাৰী নহসিংহ পাত, সেয়েহে আয়ুৰ্বেদত ইয়াক মহৌষধ বুলিও কোৱা হয়, ইয়াত ভিটামিন-চি, মেগনেছিয়াম, আইৰণ, কপাৰ, কেলচিয়াম, ফছফৰাছ, ফাইবাৰ আৰু কাৰ্বহাইড্ৰেট আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায়। দক্ষিণ ভাৰতৰ খাদ্যত ইয়াক অধিক পৰিমাণে ব্যৱহাৰ কৰা দেখা যায়। কেৱল ৰুচিগত দিশৰ পৰাই নহয় স্বাস্থ্যৰ ক্ষেত্ৰতো নৰসিংহ পাত অতি উপকাৰী। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে প্ৰতিদিনে পুৱা খালী পেটত খাওক ৪ৰ পৰা ৫টা নৰসিংহৰ পাত, নোহোৱা হ’ব পেট আৰু ছালৰ সকলো ধৰণৰ সমস্যা।

নৰসিংহ পাতৰ উপকাৰিতা-

১. ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে-ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে পুৱা খালী পেটত নৰসিংহ পাত চোবাই খাব পাৰে। ইয়াৰ ফলত তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। ইয়াৰ উপৰি এই পাত ৰ’দত শুকুৱাই গুড়ি কৰি বহুদিনলৈ সংৰক্ষণ কৰিও ৰাখিব পাৰি।

২. হ্ৰাস কৰে মেদবহুলতা-যিসকলৰ ওজন বৃদ্ধিৰ বাবে সমস্যাত ভুগিছে তেওঁলোকৰ বাবে নৰসিংহ পাত অতি উপকাৰী। পুৱা খালী পেটত এই পাত চোবাই খালে শৰীৰৰ বিষমুক্ত হোৱাই নহয় বিপাকীয় ক্ৰিয়াও উন্নত হয়। ফলত লাহে লাহে ওজন হ্ৰাস হ’বলৈ আৰম্ভ কৰে।

৩. দূৰ হয় ছালৰ যিকোনো সমস্যা-নৰসিংহ পাত সেৱন কৰিলে দূৰ হয় ছালৰ যিকোনো সমস্যা। এই পাত চোবাই খালে ছালত হোৱা ফোঁহা বা পিম্পল দূৰ হোৱা দেখা যায় আৰু আক্ৰান্ত ঠাইতো লগাব পাৰে।

 ৪. পেটৰ বিষৰ মুক্তি দিয়ে-পেটৰ বিষৰ সমস্যা থকাসকলে এই পাত উতলাই পানী আধালৈ কমি গ’লে চেকি কুহুমীয়া হ’লে খাওক। দেখিব লাহে লাহে আপুনি পেটৰ বিষৰ সমস্যাৰ পৰা উপশম পাব ধৰিছে।

৫. চুলিৰ বাবে উপকাৰী-যিসকল লোকৰ চুলি সৰা বা অন্যান্য চুলিৰ সমস্যাৰ আছে তেওঁলোকে নৰসিংহ পাত খাব পাৰে। ইয়াৰ ফলত চুলি মজবুত হয় আৰু চুলি সৰা বন্ধ হয়। ইয়াৰ বাহিৰেও যদি আপুনি বিচাৰে তেন্তে ইয়াক পিহি চুলিত লগাব পাৰে, এই মাস্ক চুলিৰ বাবে অতি উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement