--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধুৰ সম্পৰ্ক এটা সমাপ্ত কৰাটো মানৱ জীৱনৰ আটাইতকৈ বেদনাদায়ক পৰ্যায়বোৰৰ ভিতৰৰে এটা, আনকি সম্পৰ্কটোৱে কোনো উপকাৰ নাসাধিলেও তেনে সম্পৰ্ক বিঘ্নিত হ’লে বহুতেই মনোকষ্ট পায়। মানুহে তেওঁলোকৰ সম্পৰ্ক শেষ কৰাৰ এটা কাৰণ হ'ল যেতিয়া তেওঁলোকৰ সঙ্গীসকলে তেওঁলোকৰ প্ৰতি আৰু আগ্ৰহী হৈ থকা যেন নালাগে।

ঈশা ফাউণ্ডেচনৰ  প্ৰতিষ্ঠাপক সদ্গুৰুৰ এজন অনুগামীয়ে সুধিছিল - তেওঁ এনে পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব? তেওঁ  সুধিছিল, "মোৰ জীৱনসংগীয়ে আধ্যাত্মিক পথত ভৰি দিয়াৰ পিছত মোৰ প্ৰতি পিঠি দিয়া যেন লাগিছে। এই পৰিস্থিতিটো মই কেনেদৰে মোকাবিলা কৰিম?"
"মই নিশ্চিতভাৱে নকওঁ, তেওঁক এৰি দিয়ক আৰু পৰৱৰ্তী ল'ৰাজনক বাছনি কৰক। এই চিন্তা আধ্যাত্মিক নহয়, কিন্তু বহুতো বস্তুগত কাৰণত  ইয়াৰ মাজত লুকাই থাকিব  পাৰে। যেতিয়া আপুনি কোনো মানুহক কেৱল অৱলম্বন  বুলি ভাবিবলৈ আৰম্ভ কৰে, আপুনি তেতিয়াই জীৱনৰ অৰ্থ  হেৰুৱায়। ইয়াৰ এটা মূল্য আছে। প্ৰতিটো কাৰ্য্যৰ এটা পৰিণাম আছে," সদ্গুৰুৱে কয়।

সদ্গুৰুৱে লগতে কয়  যে যদি সম্পৰ্কটো তিক্ত হৈ পৰিছে আৰু ইয়াক পুনৰুজ্জীৱিত  কৰাৰ সকলো প্ৰচেষ্টা বিফল হৈছে , তেন্তে এজন ব্যক্তিয়ে তেনে সম্পৰ্ক এৰাই চলাৰ   সকলো অধিকাৰ আছে।

সদ্গুৰুৱেকয়  যে কোনেও ঈৰ্ষা আৰু তেওঁলোকে বিচৰা খিনি নোপোৱাৰ বেদনাৰ পৰা মুক্ত হ'ব নোৱাৰে। তেওঁ কয়  যে আমি আমাৰ জীৱনত বহুতো লোকক প্ৰত্যাখ্যান কৰোঁ। যেতিয়া কোনোবাই আমাক বাদ দিয়ে বা আমাৰ কথা কমকৈ ভাবে তেতিয়া অৱশ্যে  আমি এই কথা  সহ্য কৰিব নোৱাৰো। মানুহে বিবাহ ব্যৱস্থাৰ জডড়িয়তে  এটা নিয়মৰ মাজত  থাকিবলৈ সন্মত হৈছে। তেওঁ কয় যে বিভিন্ন সমাজে তেওঁলোকৰ পৰম্পৰা অনুসৰি ইয়াক গঢ় দিছে,  কিন্তু ইয়াৰ মৌলিক গাঁথনি একেই আছে। এই গাঁথনিত দায়িত্ব লোৱা, বিশ্বাস কৰা আৰু স্থিৰ হোৱাৰ বিষয়বোৰ  অন্তৰ্ভুক্ত থাকে। তেওঁ কয়  যে দুজন মানুহৰ মাজত বিশ্বাসৰ পৰিবেশ থাকিব লাগে। সদ্গুৰুৱে কয়  যে বিশ্বাস অবিহনে সৃষ্টি হোৱা সম্পৰ্কবোৰে ব্যক্তিৰ  ক্ষতি কৰিব পাৰে আৰু লগতে সামাজিক অস্থিৰতাৰো সৃষ্টি কৰিব পাৰে।

সদ্গুৰুৱে এই বিষয়ত  গুৰুত্ব আৰোপ কৰে যে মানুহে ভাঙি যোৱা  সম্পৰ্কৰ পৰা ওলাই আহিবলৈ কিছু সময় উলিয়াব লাগে। তেওঁৰ মতে, "ভঙা সম্পৰ্কত যি ভুল হৈছিল, আপুনি ইয়াৰ বাবে ৫০ শতাংশ দায়ী। সেয়েহে, সেই ৫০ শতাংশ  ঠিক কৰিবলৈ কমেও ছমাহ বা এবছৰ সময় লাগিব পাৰে। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল