--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধুৰ সম্পৰ্ক এটা সমাপ্ত কৰাটো মানৱ জীৱনৰ আটাইতকৈ বেদনাদায়ক পৰ্যায়বোৰৰ ভিতৰৰে এটা, আনকি সম্পৰ্কটোৱে কোনো উপকাৰ নাসাধিলেও তেনে সম্পৰ্ক বিঘ্নিত হ’লে বহুতেই মনোকষ্ট পায়। মানুহে তেওঁলোকৰ সম্পৰ্ক শেষ কৰাৰ এটা কাৰণ হ'ল যেতিয়া তেওঁলোকৰ সঙ্গীসকলে তেওঁলোকৰ প্ৰতি আৰু আগ্ৰহী হৈ থকা যেন নালাগে।

ঈশা ফাউণ্ডেচনৰ  প্ৰতিষ্ঠাপক সদ্গুৰুৰ এজন অনুগামীয়ে সুধিছিল - তেওঁ এনে পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব? তেওঁ  সুধিছিল, "মোৰ জীৱনসংগীয়ে আধ্যাত্মিক পথত ভৰি দিয়াৰ পিছত মোৰ প্ৰতি পিঠি দিয়া যেন লাগিছে। এই পৰিস্থিতিটো মই কেনেদৰে মোকাবিলা কৰিম?"
"মই নিশ্চিতভাৱে নকওঁ, তেওঁক এৰি দিয়ক আৰু পৰৱৰ্তী ল'ৰাজনক বাছনি কৰক। এই চিন্তা আধ্যাত্মিক নহয়, কিন্তু বহুতো বস্তুগত কাৰণত  ইয়াৰ মাজত লুকাই থাকিব  পাৰে। যেতিয়া আপুনি কোনো মানুহক কেৱল অৱলম্বন  বুলি ভাবিবলৈ আৰম্ভ কৰে, আপুনি তেতিয়াই জীৱনৰ অৰ্থ  হেৰুৱায়। ইয়াৰ এটা মূল্য আছে। প্ৰতিটো কাৰ্য্যৰ এটা পৰিণাম আছে," সদ্গুৰুৱে কয়।

সদ্গুৰুৱে লগতে কয়  যে যদি সম্পৰ্কটো তিক্ত হৈ পৰিছে আৰু ইয়াক পুনৰুজ্জীৱিত  কৰাৰ সকলো প্ৰচেষ্টা বিফল হৈছে , তেন্তে এজন ব্যক্তিয়ে তেনে সম্পৰ্ক এৰাই চলাৰ   সকলো অধিকাৰ আছে।

সদ্গুৰুৱেকয়  যে কোনেও ঈৰ্ষা আৰু তেওঁলোকে বিচৰা খিনি নোপোৱাৰ বেদনাৰ পৰা মুক্ত হ'ব নোৱাৰে। তেওঁ কয়  যে আমি আমাৰ জীৱনত বহুতো লোকক প্ৰত্যাখ্যান কৰোঁ। যেতিয়া কোনোবাই আমাক বাদ দিয়ে বা আমাৰ কথা কমকৈ ভাবে তেতিয়া অৱশ্যে  আমি এই কথা  সহ্য কৰিব নোৱাৰো। মানুহে বিবাহ ব্যৱস্থাৰ জডড়িয়তে  এটা নিয়মৰ মাজত  থাকিবলৈ সন্মত হৈছে। তেওঁ কয় যে বিভিন্ন সমাজে তেওঁলোকৰ পৰম্পৰা অনুসৰি ইয়াক গঢ় দিছে,  কিন্তু ইয়াৰ মৌলিক গাঁথনি একেই আছে। এই গাঁথনিত দায়িত্ব লোৱা, বিশ্বাস কৰা আৰু স্থিৰ হোৱাৰ বিষয়বোৰ  অন্তৰ্ভুক্ত থাকে। তেওঁ কয়  যে দুজন মানুহৰ মাজত বিশ্বাসৰ পৰিবেশ থাকিব লাগে। সদ্গুৰুৱে কয়  যে বিশ্বাস অবিহনে সৃষ্টি হোৱা সম্পৰ্কবোৰে ব্যক্তিৰ  ক্ষতি কৰিব পাৰে আৰু লগতে সামাজিক অস্থিৰতাৰো সৃষ্টি কৰিব পাৰে।

সদ্গুৰুৱে এই বিষয়ত  গুৰুত্ব আৰোপ কৰে যে মানুহে ভাঙি যোৱা  সম্পৰ্কৰ পৰা ওলাই আহিবলৈ কিছু সময় উলিয়াব লাগে। তেওঁৰ মতে, "ভঙা সম্পৰ্কত যি ভুল হৈছিল, আপুনি ইয়াৰ বাবে ৫০ শতাংশ দায়ী। সেয়েহে, সেই ৫০ শতাংশ  ঠিক কৰিবলৈ কমেও ছমাহ বা এবছৰ সময় লাগিব পাৰে। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা