--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই পুৱাই খালী পেটত  পানী খায়। পুৱাগৰম পানী খোৱাৰ অভ্যাসো বহুতৰে আছে৷ বহুতে  ভাবে যে গৰম পানী খালে ওজন হ্ৰাস হয়। কিন্তু বিশেষজ্ঞসকলে কি কয়?বহুলোকে সাৰ পোৱাৰ লগে লগে এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে।

শোৱাৰ সময়ত ৰাতি ৭-৮  ঘণ্টা পানী নোখোৱাৰ পিছত, এই অভ্যাসে কেৱল তৃষ্ণা পূৰণ কৰাত সহায় নকৰে। ই ওজন হ্ৰাস কৰা, হজম কৰাত সহায় কৰা, আৰু আনকি বৃক্কৰ কাৰ্য সুৰক্ষিত কৰাত সহায় কৰে।
বিশেষজ্ঞসকলৰ মতে পুৱা খালী পেটত গৰম পানী খোৱাৰ সঠিক নিয়মো আছে। দুকাপ পানী উতলাওক, ইয়াক একাপ বনাওক, তাৰ পিছতসামান্য গৰম থাকিলে পান কৰিব লাগে। যদি সম্ভৱ হয়, শুকান আদা সেই পানীত মিহলি কৰিব পাৰি। এই নিয়ম মানি গৰম পানী খালে  জন হ্ৰাস হোৱাত সহায়ক হয়।
 পুৱা গৰম পানী খালে  কোষ্ঠকাঠিন্যৰ দৰে সমস্যা বোৰ আঁতৰ কৰে। কিয়নো, গৰম গৰম পানীয়ে বৃহদান্ত্ৰৰ পেশীবোৰ শিথিল কৰে।

অৱশ্যে, এই ক্ষেত্ৰত কিছু সংখ্যক  পুষ্টিবিদ আৰু আয়ুৰ্বেদ বিশেষজ্ঞৰ মত  পৃথক। তেওঁলোকে বিশ্বাস কৰে যে শৰীৰৰ এই কাৰ্যবোৰৰ সৈতে পানীৰ উষ্ণতাৰ কোনো সম্পৰ্ক নাই। সাৰ পাই পানী খোৱা ভাল। পানী যিকোনো উষ্ণতাৰ হ'ব পাৰে।

কাৰণ, যেতিয়া পানী মুখ আৰু খাদ্যনলীৰ জৰিয়তে পাকস্থলীত উপস্থিত হয়, পানীৰ তাপমাত্ৰা শৰীৰৰ উষ্ণতাৰ সৈতে মিলি যায়। গৰম পানীৰ প্ৰভাৱ কিছু পৰিমাণে শ্বাসতন্ত্ৰৰ ওপৰত পৰে। কিন্তু শাৰীৰিক কামত ইয়াৰ বিশেষ প্ৰভাৱ পৰিব নোৱাৰে। গতিকে গৰম হওঁক বা ঠাণ্ডা হওঁক পুৱা সুৰক্ষিতভাৱে পানী খোৱা ভাল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ