--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই পুৱাই খালী পেটত  পানী খায়। পুৱাগৰম পানী খোৱাৰ অভ্যাসো বহুতৰে আছে৷ বহুতে  ভাবে যে গৰম পানী খালে ওজন হ্ৰাস হয়। কিন্তু বিশেষজ্ঞসকলে কি কয়?বহুলোকে সাৰ পোৱাৰ লগে লগে এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে।

শোৱাৰ সময়ত ৰাতি ৭-৮  ঘণ্টা পানী নোখোৱাৰ পিছত, এই অভ্যাসে কেৱল তৃষ্ণা পূৰণ কৰাত সহায় নকৰে। ই ওজন হ্ৰাস কৰা, হজম কৰাত সহায় কৰা, আৰু আনকি বৃক্কৰ কাৰ্য সুৰক্ষিত কৰাত সহায় কৰে।
বিশেষজ্ঞসকলৰ মতে পুৱা খালী পেটত গৰম পানী খোৱাৰ সঠিক নিয়মো আছে। দুকাপ পানী উতলাওক, ইয়াক একাপ বনাওক, তাৰ পিছতসামান্য গৰম থাকিলে পান কৰিব লাগে। যদি সম্ভৱ হয়, শুকান আদা সেই পানীত মিহলি কৰিব পাৰি। এই নিয়ম মানি গৰম পানী খালে  জন হ্ৰাস হোৱাত সহায়ক হয়।
 পুৱা গৰম পানী খালে  কোষ্ঠকাঠিন্যৰ দৰে সমস্যা বোৰ আঁতৰ কৰে। কিয়নো, গৰম গৰম পানীয়ে বৃহদান্ত্ৰৰ পেশীবোৰ শিথিল কৰে।

অৱশ্যে, এই ক্ষেত্ৰত কিছু সংখ্যক  পুষ্টিবিদ আৰু আয়ুৰ্বেদ বিশেষজ্ঞৰ মত  পৃথক। তেওঁলোকে বিশ্বাস কৰে যে শৰীৰৰ এই কাৰ্যবোৰৰ সৈতে পানীৰ উষ্ণতাৰ কোনো সম্পৰ্ক নাই। সাৰ পাই পানী খোৱা ভাল। পানী যিকোনো উষ্ণতাৰ হ'ব পাৰে।

কাৰণ, যেতিয়া পানী মুখ আৰু খাদ্যনলীৰ জৰিয়তে পাকস্থলীত উপস্থিত হয়, পানীৰ তাপমাত্ৰা শৰীৰৰ উষ্ণতাৰ সৈতে মিলি যায়। গৰম পানীৰ প্ৰভাৱ কিছু পৰিমাণে শ্বাসতন্ত্ৰৰ ওপৰত পৰে। কিন্তু শাৰীৰিক কামত ইয়াৰ বিশেষ প্ৰভাৱ পৰিব নোৱাৰে। গতিকে গৰম হওঁক বা ঠাণ্ডা হওঁক পুৱা সুৰক্ষিতভাৱে পানী খোৱা ভাল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো