--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ মুজাফ্ফৰপুৰত দেখা গ’ল এগৰাকী বিশেষভাৱে সক্ষম ভগ্নীৰ ভাতৃৰ প্ৰতি থকা অদম্য মৰম। ইয়াত বাস কৰা ১০ বছৰীয়া ৰাজ নন্দিনীয়ে ভাতৃৰ সুৰক্ষা আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে এনে এক কাম কৰিলে, যি এতিয়া চৰ্চিত হৈ পৰিছে। ৰাজ নন্দিনীৰ আছে মাত্ৰ এখন ভৰি। এই এখন ভৰিৰেই ৮৫ কিলোমিটাৰ যাত্ৰা কৰি বাবা গৰিবনাথৰ আশ্ৰমত উপস্থিত হ’ল ৰাজ নন্দিনী। 

এই ভগ্নীৰ ককায়েকৰ প্ৰতি থকা আৱেগ, সাহস আৰু অদম্য মৰম দেখি সকলোৱে অভিভূত হৈ পৰিছে। এই ছোৱালীজনীক মানুহে উচ্চ  প্ৰশংসাৰে উপচাই পেলাইছে। ৰাজ নন্দিনী হাজীপুৰৰ বাসিন্দা। এই যাত্ৰাত তেওঁৰ পিতৃ সুভাষ সিঙেও তেওঁৰ লগত সংগ দিছিল। পিতৃ সুভাষ সিঙে কয় যে নন্দিনীয়ে নিজৰ ককায়েকক বহুত ভাল পায়। নন্দিনীৰ ককায়েকৰ সপোন আইএএছ অফিচাৰ হোৱা।

সুভাষ সিঙে কয় যে নন্দিনীয়ে এইবাৰ ৰাখী উৎসৱত ককায়েকৰ বাবে বেলেগ কিবা এটা কৰিব বুলি সংকল্প লৈছে। দেওবাৰে গভীৰ নিশা সোণপুৰৰ বাবা গৰিবনাথত উপস্থিত হয় ৰাজ নন্দিনী আৰু পিতৃ। ইয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক চাবলৈ মানুহৰ ভিৰ জমা হয়। সোমবাৰে পুৱা ৰাজ নন্দিনীয়ে পাহলেজা ঘাটৰ পৰা গংগা পানী লৈ গৰিবনাথত জলাভিষেক কৰে। তাৰ পিছত ককায়েকৰ বাবে সেৱা আৰু প্ৰাৰ্থনা কৰিলে।

ছ’চিয়েল মিডিয়াতো এতিয়া ভাইৰেল হৈ পৰিছে ৰাজ নন্দিনীৰ ফটো আৰু ভিডিঅ’। পিতৃ সুভাষ সিঙে কয় যে ''গৰমৰ মাজতো ৰাজ নন্দিনীয়ে এখন ভৰিৰে জপিয়াই জপিয়াই খোজ কাঢ়ি গৈ থাকিল। তাই ভাগৰুৱা হৈ পৰিছিল। কিন্তু তথাপিও তাই সাহস হেৰুৱা নাছিল। ৰাজ নন্দিনী মাঁথো আগবাঢ়ি গ’ল। মন্দিৰ পোৱাৰ লগে লগে তাইৰ মুখত এক অদ্ভুত সুখানুভূতি ফুটি উঠিছিল। তাইৰ সপোন বাস্তৱায়িত হোৱাত আনন্দৰ হাঁহি বিয়পি পৰিছিল। এনে এগৰাকী কন্যা সন্তান পাই আমি ধন্য হৈছো।''









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ