--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ মুজাফ্ফৰপুৰত দেখা গ’ল এগৰাকী বিশেষভাৱে সক্ষম ভগ্নীৰ ভাতৃৰ প্ৰতি থকা অদম্য মৰম। ইয়াত বাস কৰা ১০ বছৰীয়া ৰাজ নন্দিনীয়ে ভাতৃৰ সুৰক্ষা আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে এনে এক কাম কৰিলে, যি এতিয়া চৰ্চিত হৈ পৰিছে। ৰাজ নন্দিনীৰ আছে মাত্ৰ এখন ভৰি। এই এখন ভৰিৰেই ৮৫ কিলোমিটাৰ যাত্ৰা কৰি বাবা গৰিবনাথৰ আশ্ৰমত উপস্থিত হ’ল ৰাজ নন্দিনী। 

এই ভগ্নীৰ ককায়েকৰ প্ৰতি থকা আৱেগ, সাহস আৰু অদম্য মৰম দেখি সকলোৱে অভিভূত হৈ পৰিছে। এই ছোৱালীজনীক মানুহে উচ্চ  প্ৰশংসাৰে উপচাই পেলাইছে। ৰাজ নন্দিনী হাজীপুৰৰ বাসিন্দা। এই যাত্ৰাত তেওঁৰ পিতৃ সুভাষ সিঙেও তেওঁৰ লগত সংগ দিছিল। পিতৃ সুভাষ সিঙে কয় যে নন্দিনীয়ে নিজৰ ককায়েকক বহুত ভাল পায়। নন্দিনীৰ ককায়েকৰ সপোন আইএএছ অফিচাৰ হোৱা।

সুভাষ সিঙে কয় যে নন্দিনীয়ে এইবাৰ ৰাখী উৎসৱত ককায়েকৰ বাবে বেলেগ কিবা এটা কৰিব বুলি সংকল্প লৈছে। দেওবাৰে গভীৰ নিশা সোণপুৰৰ বাবা গৰিবনাথত উপস্থিত হয় ৰাজ নন্দিনী আৰু পিতৃ। ইয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক চাবলৈ মানুহৰ ভিৰ জমা হয়। সোমবাৰে পুৱা ৰাজ নন্দিনীয়ে পাহলেজা ঘাটৰ পৰা গংগা পানী লৈ গৰিবনাথত জলাভিষেক কৰে। তাৰ পিছত ককায়েকৰ বাবে সেৱা আৰু প্ৰাৰ্থনা কৰিলে।

ছ’চিয়েল মিডিয়াতো এতিয়া ভাইৰেল হৈ পৰিছে ৰাজ নন্দিনীৰ ফটো আৰু ভিডিঅ’। পিতৃ সুভাষ সিঙে কয় যে ''গৰমৰ মাজতো ৰাজ নন্দিনীয়ে এখন ভৰিৰে জপিয়াই জপিয়াই খোজ কাঢ়ি গৈ থাকিল। তাই ভাগৰুৱা হৈ পৰিছিল। কিন্তু তথাপিও তাই সাহস হেৰুৱা নাছিল। ৰাজ নন্দিনী মাঁথো আগবাঢ়ি গ’ল। মন্দিৰ পোৱাৰ লগে লগে তাইৰ মুখত এক অদ্ভুত সুখানুভূতি ফুটি উঠিছিল। তাইৰ সপোন বাস্তৱায়িত হোৱাত আনন্দৰ হাঁহি বিয়পি পৰিছিল। এনে এগৰাকী কন্যা সন্তান পাই আমি ধন্য হৈছো।''









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস