--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেমুপানী স্বাস্থ্যৰ বাবে অতি উপকাৰী। খালী পেটত নেমু পানী খালে বহু উপকাৰ পোৱা যায় বুলি বিশ্বাস কৰা হয়। ওজন হ্ৰাস কৰাৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰালৈকে, ই শৰীৰক বহুতো লাভালাভ প্ৰদান কৰে। কিন্তু যদি ইয়াক সঠিক পৰিমাণত খোৱা নহয়, তেনেহ'লে ইয়াৰ আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। বিশেষকৈ খালী পেটত বহুত বেছিকৈ নেমু পানী খোৱাটো স্বাস্থ্য পক্ষে অত্যন্ত বেয়া বুলি কোনো কোনো স্বাস্থ্য বিশেষজ্ঞই ক'ব বিচাৰে। খালী পেটত নেমু পানী খাওতে কেতিয়াও ঠাণ্ডা পানীত নাখাব। গৰম পানী বা কুহুমীয়া পানীতহে নেমু ৰস  মিহলাই খাব।


হাড়ৰ ক্ষতি 

ৰাতিপুৱা খালী পেটত নেমুপানী খালে হাড়ৰ ক্ষতি হয়। খালী পেটত খোৱা নেমু পানীয়ে হাড়ত থকা তেল হ্ৰাস কৰে। যাৰ ফলত হাড়বোৰ দুৰ্বল হৈ পৰে।

দাঁতৰ ক্ষতি 

খালী পেটত নেমু পানী খালে দাঁতৰ ক্ষতি হ'ব পাৰে। নেমুৰ এচিডিক গুণাগুণ আছে, যাৰ ফলত ই দাঁতৰ এনামেল ক্ষতিগ্ৰস্ত কৰিব পাৰে। নেমু পানী খোৱাৰ পাছতেই মুখখন যদি কুলকুলি কৰি দিয়ে তেন্তে দাঁত ৰক্ষা কৰিব পাৰি।

ডিহাইড্ৰেচন 

নেমু পানী ৰাতিপুৱা খোৱাৰ ফলত ডিহাইড্ৰেচনৰ সমস্যাও হ'ব পাৰে। নেমুত উচ্চ পৰিমাণত এস্কৰ্বিক এচিড পোৱা যায়, যিয়ে বৃক্কত প্ৰস্ৰাৱৰ উৎপাদন বৃদ্ধি কৰিবলৈ কাম কৰে। সেয়েহে ইয়াক সন্তুলিত পৰিমাণত ব্যৱহাৰ কৰিব লাগে। 

হজমৰ সমস্যা 

নেমুপানীয়ে হজম স্বাস্থ্যকৰ ৰখাত সহায় কৰে। কিন্তু ৰাতিপুৱা খালী পেটত সেৱন কৰিলে পাকস্থলীৰ এচিডৰ সমস্যা বৃদ্ধি হ'ব পাৰে। যাৰ ফলত আপুনি পাকস্থলীৰ সৈতে সম্পৰ্কিত সমস্যাবোৰৰ সন্মুখীন হ'ব পাৰে। 

প্ৰস্ৰাৱৰ সমস্যা 

খালী পেটত নেমু অত্যাধিক সেৱন কৰিলে প্ৰস্ৰাৱৰ সৈতে সম্পৰ্কিত সমস্যা হ'ব পাৰে।সেয়েহে অত্যাধিক নেমু খোৱাৰ পৰা বিৰত থাকিব লাগে।

মনত ৰাখিব যে নেমু পানী খোৱাৰ লগে লগে দৈ বা যিকোনো দুগ্ধজাত সামগ্ৰী আৰু অমিতা নাখাব। স্বাস্থ্যৰ বিষম ক্ষতি হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক