--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেমুপানী স্বাস্থ্যৰ বাবে অতি উপকাৰী। খালী পেটত নেমু পানী খালে বহু উপকাৰ পোৱা যায় বুলি বিশ্বাস কৰা হয়। ওজন হ্ৰাস কৰাৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰালৈকে, ই শৰীৰক বহুতো লাভালাভ প্ৰদান কৰে। কিন্তু যদি ইয়াক সঠিক পৰিমাণত খোৱা নহয়, তেনেহ'লে ইয়াৰ আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। বিশেষকৈ খালী পেটত বহুত বেছিকৈ নেমু পানী খোৱাটো স্বাস্থ্য পক্ষে অত্যন্ত বেয়া বুলি কোনো কোনো স্বাস্থ্য বিশেষজ্ঞই ক'ব বিচাৰে। খালী পেটত নেমু পানী খাওতে কেতিয়াও ঠাণ্ডা পানীত নাখাব। গৰম পানী বা কুহুমীয়া পানীতহে নেমু ৰস  মিহলাই খাব।


হাড়ৰ ক্ষতি 

ৰাতিপুৱা খালী পেটত নেমুপানী খালে হাড়ৰ ক্ষতি হয়। খালী পেটত খোৱা নেমু পানীয়ে হাড়ত থকা তেল হ্ৰাস কৰে। যাৰ ফলত হাড়বোৰ দুৰ্বল হৈ পৰে।

দাঁতৰ ক্ষতি 

খালী পেটত নেমু পানী খালে দাঁতৰ ক্ষতি হ'ব পাৰে। নেমুৰ এচিডিক গুণাগুণ আছে, যাৰ ফলত ই দাঁতৰ এনামেল ক্ষতিগ্ৰস্ত কৰিব পাৰে। নেমু পানী খোৱাৰ পাছতেই মুখখন যদি কুলকুলি কৰি দিয়ে তেন্তে দাঁত ৰক্ষা কৰিব পাৰি।

ডিহাইড্ৰেচন 

নেমু পানী ৰাতিপুৱা খোৱাৰ ফলত ডিহাইড্ৰেচনৰ সমস্যাও হ'ব পাৰে। নেমুত উচ্চ পৰিমাণত এস্কৰ্বিক এচিড পোৱা যায়, যিয়ে বৃক্কত প্ৰস্ৰাৱৰ উৎপাদন বৃদ্ধি কৰিবলৈ কাম কৰে। সেয়েহে ইয়াক সন্তুলিত পৰিমাণত ব্যৱহাৰ কৰিব লাগে। 

হজমৰ সমস্যা 

নেমুপানীয়ে হজম স্বাস্থ্যকৰ ৰখাত সহায় কৰে। কিন্তু ৰাতিপুৱা খালী পেটত সেৱন কৰিলে পাকস্থলীৰ এচিডৰ সমস্যা বৃদ্ধি হ'ব পাৰে। যাৰ ফলত আপুনি পাকস্থলীৰ সৈতে সম্পৰ্কিত সমস্যাবোৰৰ সন্মুখীন হ'ব পাৰে। 

প্ৰস্ৰাৱৰ সমস্যা 

খালী পেটত নেমু অত্যাধিক সেৱন কৰিলে প্ৰস্ৰাৱৰ সৈতে সম্পৰ্কিত সমস্যা হ'ব পাৰে।সেয়েহে অত্যাধিক নেমু খোৱাৰ পৰা বিৰত থাকিব লাগে।

মনত ৰাখিব যে নেমু পানী খোৱাৰ লগে লগে দৈ বা যিকোনো দুগ্ধজাত সামগ্ৰী আৰু অমিতা নাখাব। স্বাস্থ্যৰ বিষম ক্ষতি হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ