--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘পুৰি প্ৰতিযোগিতাত আপোনাৰ বিজয় নিশ্চিত! পিছে আপুনি খাই শুই যাবনে, নে ওজন কমাব?’ - উত্তৰ প্ৰদেশ আৰক্ষী বুলিলেই সমগ্ৰ দেশতেই আছে এটি বিশেষ নাম। তেওঁলোকৰ কাৰ্য-কলাপৰ বাবে কেতিয়াবা তেওঁলোকক প্ৰশংসা কৰা হয় আৰু কেতিয়াবা তেওঁলোকক কোনো কাৰণত ট্ৰ’লো কৰা হয়। নিজৰ কাৰ্য-কলাপেৰে এইবাৰ আকৌ বাতৰিৰ শিৰোনাম দখল কৰিছে উত্তৰ-প্ৰদেশ আৰক্ষীয়ে। দৰাচলতে, ঘটনাটো জানিলে আপোনাৰ চকু কপালত উঠিব।

কল্পনা কৰক এজন মানুহে কিমান পুৰি খাব পাৰে। পাঁচখন, দহখন বা ততোধিক ২০খন পুৰি হয়টো আপুনি একেলগে খাব পাৰিব৷ শুনিলে আচৰিত হ’ব যে, উত্তৰ-প্ৰদেশ আৰক্ষী জোৱানে একেলগে ৬০খন পুৰি খাই এক অভিলেখ গঢ়িছে। হয়, যাৰ প্ৰমাণ হিচাপে আছে এখনি ভাইৰেল ফটো।

এতিয়া উত্তৰ-প্ৰদেশ আৰক্ষীয়ে পুৰিৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। তথ্য অনুসৰি, উত্তৰ-প্ৰদেশৰ আৰক্ষী জোৱানজনে ‘পুৰি খাওক’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ য’ত তেওঁ ৬০খন পুৰি খাই গঢ়িলে অভিলেখ৷

তথ্য অনুসৰি, গোণ্ডা আৰক্ষী ছাউনীত ‘পুৰি খাওক’ প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। প্ৰতিযোগিতাখনৰ নাম আছিল ‘বিগ ফুড’। য’ত হৃষীকেশ ৰায় নামৰ এজন আৰক্ষীয়ে নিজৰ ৫১খন পুৰি খোৱাৰ পুৰণি অভিলেখ ভংগ কৰি এক নতুন অভিলেখ গঢ়িছিল। এতিয়া পোষ্টটো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে৷

টুইটাৰত পোষ্ট কৰি গোণ্ডা আৰক্ষীয়ে লিখিছিল, খাদ্য প্ৰতিযোগিতাত ৬০খন পুৰি খাই প্ৰথমস্থান দখল কৰিছে ঋষিকেশ ৰায়ে। আৰু ৪৮খন পুৰিৰে দ্বিতীয় স্থান লাভ কৰিছে আৰক্ষী অমিত কুমাৰে৷ দুয়োকে এছপি সন্তোষ মিশ্ৰাই নগদ ধনেৰে পুৰস্কৃত কৰে। গোণ্ডা আৰক্ষীৰ এই টুইটটো সামাজিক মাধ্যমত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

এতিয়া ছ’চিয়েল মিডিয়াত ই এক আমোদজনক বিষয় হৈ পৰিছে৷ য’ত কিছুমানে লিখিছে, “এনে প্ৰতিযোগিতা সাধাৰণ লোকৰ বাবে মূল্যহীন! আৰক্ষীসকলে ৬০/৪৮খাই এতিয়া শুবনে নিজৰ ওজন কমাব? আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল- “পুৰি প্ৰতিযোগিতা চলি আছে নেকি ছাৰ? আমি নিশ্চিত আছিলোঁ যে আপুনি জিকিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ