--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘পুৰি প্ৰতিযোগিতাত আপোনাৰ বিজয় নিশ্চিত! পিছে আপুনি খাই শুই যাবনে, নে ওজন কমাব?’ - উত্তৰ প্ৰদেশ আৰক্ষী বুলিলেই সমগ্ৰ দেশতেই আছে এটি বিশেষ নাম। তেওঁলোকৰ কাৰ্য-কলাপৰ বাবে কেতিয়াবা তেওঁলোকক প্ৰশংসা কৰা হয় আৰু কেতিয়াবা তেওঁলোকক কোনো কাৰণত ট্ৰ’লো কৰা হয়। নিজৰ কাৰ্য-কলাপেৰে এইবাৰ আকৌ বাতৰিৰ শিৰোনাম দখল কৰিছে উত্তৰ-প্ৰদেশ আৰক্ষীয়ে। দৰাচলতে, ঘটনাটো জানিলে আপোনাৰ চকু কপালত উঠিব।

কল্পনা কৰক এজন মানুহে কিমান পুৰি খাব পাৰে। পাঁচখন, দহখন বা ততোধিক ২০খন পুৰি হয়টো আপুনি একেলগে খাব পাৰিব৷ শুনিলে আচৰিত হ’ব যে, উত্তৰ-প্ৰদেশ আৰক্ষী জোৱানে একেলগে ৬০খন পুৰি খাই এক অভিলেখ গঢ়িছে। হয়, যাৰ প্ৰমাণ হিচাপে আছে এখনি ভাইৰেল ফটো।

এতিয়া উত্তৰ-প্ৰদেশ আৰক্ষীয়ে পুৰিৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। তথ্য অনুসৰি, উত্তৰ-প্ৰদেশৰ আৰক্ষী জোৱানজনে ‘পুৰি খাওক’ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল৷ য’ত তেওঁ ৬০খন পুৰি খাই গঢ়িলে অভিলেখ৷

তথ্য অনুসৰি, গোণ্ডা আৰক্ষী ছাউনীত ‘পুৰি খাওক’ প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। প্ৰতিযোগিতাখনৰ নাম আছিল ‘বিগ ফুড’। য’ত হৃষীকেশ ৰায় নামৰ এজন আৰক্ষীয়ে নিজৰ ৫১খন পুৰি খোৱাৰ পুৰণি অভিলেখ ভংগ কৰি এক নতুন অভিলেখ গঢ়িছিল। এতিয়া পোষ্টটো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে৷

টুইটাৰত পোষ্ট কৰি গোণ্ডা আৰক্ষীয়ে লিখিছিল, খাদ্য প্ৰতিযোগিতাত ৬০খন পুৰি খাই প্ৰথমস্থান দখল কৰিছে ঋষিকেশ ৰায়ে। আৰু ৪৮খন পুৰিৰে দ্বিতীয় স্থান লাভ কৰিছে আৰক্ষী অমিত কুমাৰে৷ দুয়োকে এছপি সন্তোষ মিশ্ৰাই নগদ ধনেৰে পুৰস্কৃত কৰে। গোণ্ডা আৰক্ষীৰ এই টুইটটো সামাজিক মাধ্যমত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

এতিয়া ছ’চিয়েল মিডিয়াত ই এক আমোদজনক বিষয় হৈ পৰিছে৷ য’ত কিছুমানে লিখিছে, “এনে প্ৰতিযোগিতা সাধাৰণ লোকৰ বাবে মূল্যহীন! আৰক্ষীসকলে ৬০/৪৮খাই এতিয়া শুবনে নিজৰ ওজন কমাব? আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল- “পুৰি প্ৰতিযোগিতা চলি আছে নেকি ছাৰ? আমি নিশ্চিত আছিলোঁ যে আপুনি জিকিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ