--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দিল্লী উচ্চ ন্যায়ালয়ে ফ্ৰিলান্স সাংবাদিক ৰাজীৱ শৰ্মাক প্ৰদান কৰিছে জামিন৷ সাংবাদিকগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছিল স্নুপিং আৰু দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ। ২০২০ চনৰ ১ জুলাইত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল৷

এনফৰ্চমেণ্ট ডাইৰক্টৰেট চমুকৈ ‘ইডি’-এ তেওঁৰ বিৰুদ্ধে আইপিচি আৰু অফিচিয়েল চিক্ৰেটছ আইনৰ অধীনত দাখিল কৰা এজাহাৰৰ আধাৰত তদন্ত আৰম্ভ কৰিছিল। এইটো অভিযোগ কৰা হৈছিল যে তেওঁ পাৰিশ্ৰমিকৰ বিনিময়ত চীনা বিষয়াসকলক গোপনীয় তথ্য যোগান ধৰিছিল। অনুসন্ধানকাৰী সংস্থাটোৱে কৈছিল যে ইয়াৰ অনুসন্ধানত পোৱা গৈছে যে ৬২ বছৰীয়া শৰ্মাই ‘চীনা চোৰাংচোৱা বিষয়াসকলক গোপনীয় আৰু সংবেদনশীল তথ্য যোগান ধৰিছিল, পাৰিশ্ৰমিকৰ বিনিময়ত। যাৰ ফলত ভাৰতৰ নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে আপোচ কৰা হৈছিল।’

ইয়াৰ পূৰ্বে, তেওঁক ২০২০ চনৰ ১৪ ছেপ্টেম্বৰত দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰিছিল৷ সাংবাদিকৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ নিয়োজন আৰু দেশৰ সীমান্ত ৰণনীতিৰ বিষয়ে চীনা চোৰাংচোৱাক তথ্য প্ৰদান কৰাৰ অভিযোগ আৰোপ কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ ৬০ দিনৰ ভিতৰত অভিযোগপত্ৰ দাখিল নকৰাৰ ভিত্তিত তেওঁ আইনী জামিন বিচৰাৰ পাছত ২০২০ চনৰ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন