--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। উপত্যকাটোত বিগত কেইবামাহ ধৰি নিৰাপত্তাৰক্ষী বাহিনীয়ে সন্ত্ৰাসবাদ মুক্ত কৰাৰ উদ্দেশ্যে তীব্ৰ গতিত অভিযান চলাই আহিছে। সোমবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাতো নিৰাপত্তাৰক্ষীয়ে এনে এক সন্ত্ৰাসবাদী বিৰোধী অভিযান চলায়। এই অভিযানৰ সময়ত দুয়োপক্ষৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী সদস্য নিহত হয়। নিহত সন্ত্ৰাসবাদী দুজনক জৈশ-ই-মহম্মদৰ সদস্য বুলি চিনাক্ত কৰা হৈছে।

কাশ্মীৰ আৰক্ষীৰ ভাষ্য অনুসৰি নিহত সদস্য দুজনৰ ভিতৰত জৈশ-ই-মহম্মদৰ শীৰ্ষ সন্ত্ৰাসবাদী কাইজাৰ কোকাও আছে। নিহত সন্ত্ৰাসবাদী কোকাক কেইবাটাও সন্ত্ৰাসবাদ-সম্পৰ্কীয় ঘটনাত জড়িত থকাৰ অভিযোগত বিচাৰি থকা হৈছিল বুলি আৰক্ষীৰ শীৰ্ষ বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে।

আৰক্ষী বিষয়া গৰাকীয়ে অভিযান সম্পৰ্কে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত নিৰাপত্তাৰক্ষী দলটোৱে তালাচী অভিযান আৰম্ভ কৰে আৰু ইয়াৰ পিছত অৱন্তীপোৰা অঞ্চলৰ ৱাণ্ডাকপোৰাত সংঘৰ্ষটো সংঘটিত হয়।

কাশ্মীৰ আৰক্ষীৰ এজন মুখপাত্ৰই এক টুইট যোগে সন্ত্ৰাসবাদী কাইজাৰ কোকাইক হত্যা কৰা হৈছে বুলি উল্লেখ কৰে। নিহত হোৱা দ্বিতীয়জন সন্ত্ৰাসবাদীৰ চিনাক্তকৰণ নিশ্চিত কৰা হৈছে বুলিও তেওঁ সদৰি কৰে। আনহাতে নিহত দুই সন্ত্ৰাসবাদীৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত ১ টা এম-৪ কাৰ্বাইন ৰাইফল, ১ টা পিষ্টল আৰু আন কিছু বিস্ফোৰক সামগ্ৰী আৰু মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি টুইটটোত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত পূৰ্ণোদ্যমে চলি থকা ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযানত ২০২২ বৰ্ষৰ আৰম্ভণিৰ পৰা শতাধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে। কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে ১৩ জুনত প্ৰকাশ কৰা এক বিবৃতি অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ১২ জুনৰ ভিতৰত উপত্যকাটোত ১০০ গৰাকী সন্ত্ৰাসবাদী সদস্য ভাৰতীয় সেনা আৰু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত হৈছিল।

এই ১০০ সন্ত্ৰাসবাদীৰ ভিতৰত ২৯ গৰাকী বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী সদস্য আৰু আন ৭১ গৰাকী দেশৰ ভিতৰৰে সদস্য বুলি তেওঁ জানিবলৈ দিছিল। আৰক্ষী বিষয়া গৰাকীৰ তথ্য অনুসৰি নিৰাপত্তাৰক্ষীৰ এই অভিযানৰ সময়ত পাকিস্তানমূলৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবাৰ সৰ্বাধিক ৬৩ জন সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ বিপৰীতে জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হৈছিল। তাৰ পিছতো উপত্যকাটোত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত কেইবাবাৰো সংঘৰ্ঘ সংঘটিত হৈছে আৰু বহুকেইজন সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ