ডিজিটেল ডেস্ক: তথ্য পৰীক্ষক তথা জনপ্ৰিয় ৱেবছাইট অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক উত্তৰ প্ৰদেশৰ লখিমপুৰ আদালতে আজি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। লখিমপুৰ আৰক্ষীয়ে আদালতত সাংবাদিক গৰাকীক আৰক্ষীৰ জিম্মাত দিয়াৰ আহ্বান জনাই যদিও আদালতে আৰক্ষীৰ অনুৰোধ প্ৰত্যাখ্যান কৰে আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। উল্লেখ্য যে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰে সীতাপুৰত ৰুজু হোৱা গোচৰত সাংবাদিকগৰাকীয়ে উচ্চতম ন্যায়ালয়ত জামিন লাভ কৰিছিল। ইয়াৰ এদিন পিছতে যোৱা বৰ্ষৰে ছেপ্টেম্বৰত তেওঁৰ বিৰুদ্ধে লখিমপুৰত ৰুজু কৰা এটা গোচৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ আৰক্ষীয়ে জুবেইৰলৈ জাননী প্ৰেৰণ কৰিছিল।
২০২১ চনৰ ১৪ মে'ত জুবেইৰে কৰা এটা টুইটৰ বাবে সুদৰ্শন নিউজ নামৰ এটা সংবাদ প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীয়ে এই অভিযোগ দাখিল কৰিছিল। আশীষ কাটিয়াৰ নামৰ অভিযোগকাৰী গৰাকীয়ে অভিযোগ কৰিছিল যে জুবেইৰে তেওঁৰ টুইটৰ জৰিয়তে মানুহক বিপথে পৰিচালিত কৰিছিল। টুইটটোত জুবেইৰে সুদৰ্শন চেনেলৰ ইজৰাইল-পেলেষ্টাইন বিবাদৰ কভাৰেজৰ ভুৱা প্ৰচাৰ উন্মোচন কৰিছিল।
দিল্লীস্থিত সুদৰ্শন নিউজ নামৰ প্ৰতিষ্ঠানটোৱে ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ কভাৰেজৰ অংশ হিচাপে মুছলমানসকলৰ পবিত্ৰ চহৰ মদিনাৰ মছজিদৰ গ্ৰীণ ডোম আন-নাবাৱীত বোমা বিস্ফোৰণৰ এক গ্ৰাফিকেল চিত্ৰ প্ৰচাৰ কৰিছিল।
তথ্য পৰীক্ষক জুবেইৰে এই মিথ্যাচাৰিতা ফাদিল কৰি এটা টুইটযোগে লিখিছিল যে সোঁপন্থী প্ৰচাৰ মাধ্যম সুদৰ্শন নিউজ টিভিয়ে মদিনাৰ আল মছজিদ এন নাবাৱিৰ এখন ছবি ব্যৱহাৰ কৰি গাজাৰ এটা পুৰণি ছবিৰে সংযোগ কৰি গ্ৰাফিক্সৰ সহযোগত মছজিদত বোমা বিস্ফোৰণ কৰা দেখুৱাইছে। এইয়া প্ৰকৃততেই সাংবাদিকতাই নে হিংসা বিয়পোৱাৰ চেষ্টা বুলি প্ৰশ্ন কৰি জুবেইৰে উত্তৰ প্ৰদেশ আৰক্ষীক এই সন্দৰ্ভত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল। ইয়াৰ পিছতেই আশীষ কাটিয়াৰে জুবেইৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।
গোচৰটো সন্দৰ্ভত আজি লখিমপুৰ জিলা আদালতত শুনানি গ্ৰহণ কৰা হয়। আদালতৰ ৰায় অনুসৰি জুবেইৰ ২৫ জুলাইলৈকে সীতাপুৰ কাৰাগাৰত ন্যায়িক জিম্মাত থাকিব লাগিব। আদালতে ১৩ জুলাইত পুনৰ জুবেইৰৰ জামিনৰ আবেদনৰ শুনানি ল'ব বুলি লগতে ঘোষণা কৰিছে। আজি শুনানিৰ সময়ত সাংবাদিক গৰাকীক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হৈছিল।
উল্লেখ্য যে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ সীতাপুৰ গোচৰত জুবেইৰক পাঁচ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। সীতাপুৰ জিলাৰ তিনিগৰাকী হিন্দুত্ববাদী নেতাৰ বক্তব্যক তথ্য পৰীক্ষণৰ জৰিয়তে ভুল প্ৰমাণিত কৰি এক টুইট যোগে এই নেতাকেইজনক ঘৃণা সৃষ্টিকাৰী বুলি অভিহিত কৰিছিল জুবেইৰে।
ইয়াৰ পিছতেই হিন্দুত্ববাদী নেতা কেইজনে জুবেইৰৰ বিৰুদ্ধে সীতাপুৰত গোচৰ ৰুজু কৰিছিল। এই গোচৰ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে জুবেইৰৰ জামিন নাকচ কৰাৰ পিছত জুবেইৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু জুবেইৰৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই শীৰ্ষ আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল। অৱশ্যে জামিন পালেও তেওঁ দিল্লীৰ আন এটা গোচৰৰ বাবে কাৰাগাৰতে বন্দী হৈ থাকিবলগীয়া হৈছিল।
১৯৮৩ চনত মুক্তি প্ৰাপ্ত এখন হিন্দী চলচ্চিত্ৰৰ স্ক্ৰীণশ্বট চাৰি বছৰ পূৰ্বে এটা টুইট যোগে শ্বেয়াৰ কৰাৰ পিছত ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ২৭ জুনত মহম্মদ জুবেইৰক প্ৰথম গ্ৰেপ্তাৰ কৰিছিল। বিজেপি নেত্ৰী নুপুৰ শৰ্মাই এটা টিভি অনুষ্ঠানত পয়গম্বৰ মহম্মদৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যৰ ভিডিঅ' প্ৰকাশ কৰাৰ কেইদিনমান পিছতে জুবেইৰক এই পুৰণি গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছিল।
পিছে এইদৰে ইটোৰ পিছত সিটো গোচৰত সাঙুৰি জুবেইৰক বৰ্তমান কাৰাবন্দী কৰি ৰখাৰ সময়ত এই এবছৰ পুৰণি গোচৰটোৰ সন্দৰ্ভত জুবেইৰক পুনৰ লক্ষ্য কৰি লোৱা কাণ্ডই অন্য এক তাৎপৰ্য বহন কৰিছে। এনেদৰে বাৰে বাৰে পুৰণি গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰৰ সন্মুখীন হোৱাৰ পিছত সাংবাদিক গৰাকী শাসকীয় পক্ষৰ চক্ৰান্তৰ বলি হোৱাৰ স্পষ্ট অভিযোগ উঠিছে। মূলত: তথ্য পৰীক্ষণৰ জৰিয়তে শাসকপক্ষৰ ভুৱা প্ৰচাৰ আৰু নিকৃষ্ট ৰাজনীতিৰ ষড়যন্ত্ৰ ফাদিল কৰি অহাৰ বাবেই জুবেইৰক এইদৰে লক্ষ্য কৰি লোৱা হৈছে বুলি সন্দেহ ঘণীভূত হৈছে।