--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহনীয়া কুকুৰটো কাষত বহুৱাই যুৱকজনে গাড়ী চলাই আছিল। নিচাগ্ৰস্ত অৱস্থাত থকা যুৱকজনে অতিমাত্ৰা গতিৰে গাড়ী চলাব ধৰিলে। সেয়ে কৰ্তব্যৰত আৰক্ষীয়ে দূৰৰ পৰা গাড়ীখন ৰখাবলৈ ইংগিত দিলে। গ্ৰেপ্তাৰৰ আশংকাত তেওঁ আৰক্ষী বিষয়াজনৰ ইংগিত অমান্য কৰি তীব্ৰগতিত গুছি যায়। কিন্তু তথাপিও পুলিচে তেওঁৰ পিচা ল’ব ধৰিলে। পৰিস্থিতি বিষম দেখি কাষত থকা পোহনীয়া কুকুৰটোকে গাড়ীৰ চালকৰ আসনত বহুৱাই দিলে যুৱকজনে। অৰ্থাৎ বুজাব বিচাৰিলে যে তীব্ৰ গতিত গাড়ীখন কুকুৰটোৱেহে চলাইছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’লৰাডোৰ স্প্ৰিংফিল্ড নামৰ এখন সৰু চহৰত সংঘটিত হৈছে এই ঘটনা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। শনিবাৰে নিশা যুৱকজনে সংঘটিত কৰিছিল এই কাণ্ড। গাড়ীখন যেতিয়া আটক কৰিবলৈ সক্ষম হয়, তেতিয়া আৰক্ষীয়ে গাড়ীৰ ষ্টিয়াৰিংডাল এটা কুকুৰে ধৰি থকা দেখিলে। পিছত অৱশ্যে আৰক্ষীৰ জেৰাৰ সময়ত যুৱকজনে নিজৰ অপৰাধ স্বীকাৰ কৰে। শাৰীৰিক পৰীক্ষাৰ অন্তত চিকিৎসকে যুৱকজনৰ শৰীৰত নিচাজাতীয় পদাৰ্থ উদ্ধাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ