--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহনীয়া কুকুৰটো কাষত বহুৱাই যুৱকজনে গাড়ী চলাই আছিল। নিচাগ্ৰস্ত অৱস্থাত থকা যুৱকজনে অতিমাত্ৰা গতিৰে গাড়ী চলাব ধৰিলে। সেয়ে কৰ্তব্যৰত আৰক্ষীয়ে দূৰৰ পৰা গাড়ীখন ৰখাবলৈ ইংগিত দিলে। গ্ৰেপ্তাৰৰ আশংকাত তেওঁ আৰক্ষী বিষয়াজনৰ ইংগিত অমান্য কৰি তীব্ৰগতিত গুছি যায়। কিন্তু তথাপিও পুলিচে তেওঁৰ পিচা ল’ব ধৰিলে। পৰিস্থিতি বিষম দেখি কাষত থকা পোহনীয়া কুকুৰটোকে গাড়ীৰ চালকৰ আসনত বহুৱাই দিলে যুৱকজনে। অৰ্থাৎ বুজাব বিচাৰিলে যে তীব্ৰ গতিত গাড়ীখন কুকুৰটোৱেহে চলাইছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’লৰাডোৰ স্প্ৰিংফিল্ড নামৰ এখন সৰু চহৰত সংঘটিত হৈছে এই ঘটনা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। শনিবাৰে নিশা যুৱকজনে সংঘটিত কৰিছিল এই কাণ্ড। গাড়ীখন যেতিয়া আটক কৰিবলৈ সক্ষম হয়, তেতিয়া আৰক্ষীয়ে গাড়ীৰ ষ্টিয়াৰিংডাল এটা কুকুৰে ধৰি থকা দেখিলে। পিছত অৱশ্যে আৰক্ষীৰ জেৰাৰ সময়ত যুৱকজনে নিজৰ অপৰাধ স্বীকাৰ কৰে। শাৰীৰিক পৰীক্ষাৰ অন্তত চিকিৎসকে যুৱকজনৰ শৰীৰত নিচাজাতীয় পদাৰ্থ উদ্ধাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ