--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুদিন পূৰ্বে ভাৰত মহাসাগৰত ডুব গৈছিল চীনৰ এখন মাছমৰীয়া জাহাজ। জাহাজখনত প্ৰায় ৩৯ জন লোক আছিল। তাৰপিছতে চীনে ভাৰতকে ধৰি আন বহু দেশৰ পৰা সহায় বিচাৰিছিল। এইক্ষেত্ৰত ভাৰতে সহাৰি জনাইছে।

এই অভিযানৰ বাবে ভাৰতে নিজৰ P8I যুদ্ধবিমান (এয়াৰক্ৰাফ্ট) প্ৰেৰণ কৰিছে। এই চীনৰ জাহাজ লু পেং ইউয়ান ইউ ০২৮ (Lu Peng Yuan Yu 028) মঙলবাৰে ভাৰত মহাসাগৰৰ মাজত ডুবি যায়। জাহাজখনত থকা ৩৯ জন লোকৰ ভিতৰত ১৭ জন চীনা, ১৭ জন ইণ্ডোনেছিয়ান আৰু ৫ জন ফিলিপাইনছৰ নাগৰিক।

ভাৰতীয় নৌসেনাই জনোৱা মতে, চীনৰ অনুৰোধত ১৭ মে’ত ভাৰতৰ পৰা প্ৰায় ৯০০ সামুদ্ৰিক মাইল দূৰত থকা ভাৰত মহাসাগৰত ভাৰতে P8I যুদ্ধবিমান নিয়োগ কৰিছে। উদ্ধাৰ অভিযানৰ সময়ত জাহাজখনৰ সৈতে জড়িত বহু বিষয়ৰ কথা পৰে।

চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে চীনৰ জাহাজখনৰ পৰা দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সংবাদ সংস্থা ছিনহুয়াৰ প্ৰতিবেদন অনুসৰি চীনৰ জাহাজখন ডুব যোৱাৰ পিছত চলি থকা উদ্ধাৰ অভিযানত দুজন নিহত লোকৰ অৱশিষ্ট উদ্ধাৰ কৰা হৈছে। কিন্তু মৃতদেহ দুটা চীন, ইণ্ডোনেছিয়া নে ফিলিপাইনছৰ নাগৰিক সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য দিয়া হোৱা নাই।



















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস