--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অসমৰ চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সুকলমে অনুষ্ঠিত কৰিবলৈ যোৱা ২১ আগষ্টত কৰ্তন কৰা হৈছিল ২৪ খন জিলাৰ ইন্টাৰনেট সেৱা৷ দীৰ্ঘ সময়ৰ বাবে ইন্টাৰনেট কৰ্তন কৰাৰ ফলত বহু দুৰ্দশাৰ সন্মুখীন হৈছিল অসমবাসী৷ 

পুনৰ ২৮ আগষ্টত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা৷ আৰু  দ্বিতীয়বাৰৰ বাবে কৰ্তন কৰা হ’ব ইন্টাৰনেট সেৱা৷ এইবাৰ  ইন্টাৰনেট বন্ধ হ’বলগীয়া জিলাৰ সংখ্যা পূৰ্বতকৈ বেছি৷ চৰকাৰৰ ইন্টাৰনেট কৰ্তনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল ৰাজু প্ৰসাদ শৰ্মাই৷ দুদিন ধৰি এই সন্দৰ্ভত গুচৰীয়া আৰু চৰকাৰী পক্ষৰ যুক্তি শুনি উচ্চ ন্যায়ালয়ৰ সুমন শ্যামৰ এজনীয়া বিচাৰপীঠে গুচৰীয়াক অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰে৷ 

অসম চৰকাৰৰ সিদ্ধান্ত মতেই পুনৰ ২৬ আগষ্টতো বন্ধ থাকিব ইন্টাৰনেট৷ যিসময়ত ইন্টাৰনেট সেৱা লাভ কৰাটো নাগৰিকৰ মৌলিক অধিকাৰ , সেইসময়ত এটা সাধাৰণ পৰীক্ষাৰ বাবেই ইন্টাৰনেট কৰ্তন কৰি নাগৰিকক নগুৰ- নাগতি কৰিছে চৰকাৰে৷ পুনৰ ইন্টাৰনেট কৰ্তনৰ বাবে ক্ষতিগ্ৰস্ত হ’ব ৰাজ্যৰ অনলাইন ব্যৱসায়ী সকলো। 

ৰাজ্যৰ নাগৰিকৰ কথা চিন্তা নকৰাকৈয়ে একপক্ষীয় সিদ্ধান্তৰে  পূৰ্বতেও ইন্টাৰনেট কৰ্তন কৰিছে অসম চৰকাৰে৷ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ইন্টাৰনেট কৰ্তনৰ বিপৰীতে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল চৰকাৰে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজো ক্ষুব্ধ হৈ পৰিছে চৰকাৰৰ সিদ্ধান্তত৷ 

চৰকাৰৰ দক্ষতাক লৈয়ো বৰ্তমান প্ৰশ্নৰ উত্থাপন হৈছে৷ এটা তৃতীয় বৰ্গৰ পৰীক্ষাতেই ইন্টাৰনেট কৰ্তন কৰা চৰকাৰে কেনেকৈ উচ্চ স্তৰৰ পৰীক্ষা চম্ভালিব তাক লৈয়ো সন্দেহ প্ৰকাশ কৰিছে নাগৰিক সকলে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী