--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অসমৰ চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সুকলমে অনুষ্ঠিত কৰিবলৈ যোৱা ২১ আগষ্টত কৰ্তন কৰা হৈছিল ২৪ খন জিলাৰ ইন্টাৰনেট সেৱা৷ দীৰ্ঘ সময়ৰ বাবে ইন্টাৰনেট কৰ্তন কৰাৰ ফলত বহু দুৰ্দশাৰ সন্মুখীন হৈছিল অসমবাসী৷ 

পুনৰ ২৮ আগষ্টত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা৷ আৰু  দ্বিতীয়বাৰৰ বাবে কৰ্তন কৰা হ’ব ইন্টাৰনেট সেৱা৷ এইবাৰ  ইন্টাৰনেট বন্ধ হ’বলগীয়া জিলাৰ সংখ্যা পূৰ্বতকৈ বেছি৷ চৰকাৰৰ ইন্টাৰনেট কৰ্তনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল ৰাজু প্ৰসাদ শৰ্মাই৷ দুদিন ধৰি এই সন্দৰ্ভত গুচৰীয়া আৰু চৰকাৰী পক্ষৰ যুক্তি শুনি উচ্চ ন্যায়ালয়ৰ সুমন শ্যামৰ এজনীয়া বিচাৰপীঠে গুচৰীয়াক অন্তৱৰ্তীকালীন সকাহ দিবলৈ অস্বীকাৰ কৰে৷ 

অসম চৰকাৰৰ সিদ্ধান্ত মতেই পুনৰ ২৬ আগষ্টতো বন্ধ থাকিব ইন্টাৰনেট৷ যিসময়ত ইন্টাৰনেট সেৱা লাভ কৰাটো নাগৰিকৰ মৌলিক অধিকাৰ , সেইসময়ত এটা সাধাৰণ পৰীক্ষাৰ বাবেই ইন্টাৰনেট কৰ্তন কৰি নাগৰিকক নগুৰ- নাগতি কৰিছে চৰকাৰে৷ পুনৰ ইন্টাৰনেট কৰ্তনৰ বাবে ক্ষতিগ্ৰস্ত হ’ব ৰাজ্যৰ অনলাইন ব্যৱসায়ী সকলো। 

ৰাজ্যৰ নাগৰিকৰ কথা চিন্তা নকৰাকৈয়ে একপক্ষীয় সিদ্ধান্তৰে  পূৰ্বতেও ইন্টাৰনেট কৰ্তন কৰিছে অসম চৰকাৰে৷ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ইন্টাৰনেট কৰ্তনৰ বিপৰীতে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল চৰকাৰে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজো ক্ষুব্ধ হৈ পৰিছে চৰকাৰৰ সিদ্ধান্তত৷ 

চৰকাৰৰ দক্ষতাক লৈয়ো বৰ্তমান প্ৰশ্নৰ উত্থাপন হৈছে৷ এটা তৃতীয় বৰ্গৰ পৰীক্ষাতেই ইন্টাৰনেট কৰ্তন কৰা চৰকাৰে কেনেকৈ উচ্চ স্তৰৰ পৰীক্ষা চম্ভালিব তাক লৈয়ো সন্দেহ প্ৰকাশ কৰিছে নাগৰিক সকলে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু