--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ বৰ্তমান প্ৰজন্মই বৃটিছৰ শাসন দেখা নাই৷ কিন্তু  এটাৰ পিছত আনটো অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ লগাই জনসাধাৰণক  বৃটিছ শাসনৰ অভিজ্ঞতা ঠিকেই প্ৰদান কৰিছে বিজেপি চৰকাৰে৷  ৰাজ্যত এফালে মূল্য বৃদ্ধি আনফালে কৰৰ বোজাত কোঙা জনতা৷ তাৰ মাজতে সংস্থাপন সৃষ্টিৰ  বিপৰীতে চৰকাৰে সৃষ্টি কৰিছে লাখ লাখ হিতাধিকাৰী৷ ক্ৰমান্বয়ে জীৱন ধাৰণৰ মানদণ্ডৰ অৱনতি ঘটিছে জনতাহ । বৰ্তমান পোহৰলৈ আহিছে ইয়াতকৈয়ো এক ভয়ংকৰ তথ্য৷ 

বিজেপি দলৰ বিধায়ক কিনা-বেছাৰ ৰাজনীতি বিধানসভাত উদঙালে কেজৰিৱালে৷ কেজৰিৱালৰ তথ্য অনুসৰি দেশৰ ২৭৭ জন বিধায়কক কিনিবলৈ বিজেপিয়ে ব্যয় কৰিছে প্ৰায় ৫,৫০০ কোটি টকা৷ প্ৰতিজন বিধায়কক আদায় দিয়া হৈছে ২০ কোটি টকা৷ দেশতকৈ দলীয় ৰাজনীতিক অধিক প্ৰাধান্য দি বিজেপিয়ে এনেদৰে ৰাজহুৱা ধনৰ অপব্যয় কৰাটো ভাৰতবৰ্ষৰ বাবে এক চিন্তনীয় বিষয়৷ তদুপৰি ভাৰতীয় গণতন্ত্ৰলৈয়ো প্ৰত্যাহ্বান কঢ়িয়াই আনিব এনে কাৰ্যই৷ 

বিধানসভাত কেজৰিৱালে মূল্যবৃদ্ধিৰ অন্যতম কাৰক -বিধায়ক কিনা -বেছা বুলিও অভিহিত কৰিছে৷ চৰকাৰে এফালে পুঁজিপতি সকলৰ ঋণ মাফ কৰিছে৷ আনফালে ঘাটি পূৰণ কৰিছে জি এছ টি আৰু মূল্যবৃদ্ধিৰ ধনেৰে৷ কেজৰিৱালৰ এই তথ্য ভাৰতৰ এক অশনি ভৱিষ্যতৰ প্ৰতিচ্ছবি দাঙি ধৰিছে৷ সময় থাকোঁতেই বিৰোধী সক্ৰিয় হ’বৰ হ’ল৷ বি জে পি দলৰ এনে স্বেচ্ছাচাৰী কাৰ্যৰ প্ৰতিৰোধ নকৰিলে অনাগত দিনত  চৰম দুৰ্ভোগ ভূগিব লাগিব দেশৰ জনতাই৷

ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰ  এখনত দলীয় স্বাৰ্থ পূৰাবলৈ ৰাজহুৱা ধনৰ এনেদৰে অপব্যয় কৰাটো এক দুৰ্ভাগ্যজনক কথা৷ ৰাইজৰ টকাৰ শৰাধ পাতি বিজেপিয়ে উন্নতি কৰাৰ বিপৰীতে এসাঁজ খাই আন এসাঁজলৈ চিন্তা কৰিব লগা হয় এই দেশৰ সাধাৰণ মানুহে৷ এতিয়া প্ৰশ্ন হয়, চৰকাৰখন কাৰ বাবে !

এটা কথা স্পষ্ট হৈ পৰিছে  যে দেশলৈ অৰ্থনৈতিক বিপৰ্যয় কঢ়িয়াই অনাৰ উপৰিও গণতন্ত্ৰলৈয়ো বিপদ কঢ়িয়াই আনিছে বিজেপি দলে৷ ৰাজনীতিৰ নামত বিধায়ক কিনা-বেছা কাৰ্যই উদঙাই দিছে ভাৰতীয় গণতন্ত্ৰৰ প্ৰকৃত প্ৰতিচ্ছবিখন৷ এনে কাৰ্য এতিয়াই প্ৰতিৰোধ নকৰিলে কিছু দিন পিছতেই এটা ৰাজনৈতিক দলৰ বাবেই সমগ্ৰ বিশ্বই আঙুলি টোৱাব ভাৰতীয় গণতন্ত্ৰৰ ওপৰত৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ