--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ বৰ্তমান প্ৰজন্মই বৃটিছৰ শাসন দেখা নাই৷ কিন্তু  এটাৰ পিছত আনটো অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ লগাই জনসাধাৰণক  বৃটিছ শাসনৰ অভিজ্ঞতা ঠিকেই প্ৰদান কৰিছে বিজেপি চৰকাৰে৷  ৰাজ্যত এফালে মূল্য বৃদ্ধি আনফালে কৰৰ বোজাত কোঙা জনতা৷ তাৰ মাজতে সংস্থাপন সৃষ্টিৰ  বিপৰীতে চৰকাৰে সৃষ্টি কৰিছে লাখ লাখ হিতাধিকাৰী৷ ক্ৰমান্বয়ে জীৱন ধাৰণৰ মানদণ্ডৰ অৱনতি ঘটিছে জনতাহ । বৰ্তমান পোহৰলৈ আহিছে ইয়াতকৈয়ো এক ভয়ংকৰ তথ্য৷ 

বিজেপি দলৰ বিধায়ক কিনা-বেছাৰ ৰাজনীতি বিধানসভাত উদঙালে কেজৰিৱালে৷ কেজৰিৱালৰ তথ্য অনুসৰি দেশৰ ২৭৭ জন বিধায়কক কিনিবলৈ বিজেপিয়ে ব্যয় কৰিছে প্ৰায় ৫,৫০০ কোটি টকা৷ প্ৰতিজন বিধায়কক আদায় দিয়া হৈছে ২০ কোটি টকা৷ দেশতকৈ দলীয় ৰাজনীতিক অধিক প্ৰাধান্য দি বিজেপিয়ে এনেদৰে ৰাজহুৱা ধনৰ অপব্যয় কৰাটো ভাৰতবৰ্ষৰ বাবে এক চিন্তনীয় বিষয়৷ তদুপৰি ভাৰতীয় গণতন্ত্ৰলৈয়ো প্ৰত্যাহ্বান কঢ়িয়াই আনিব এনে কাৰ্যই৷ 

বিধানসভাত কেজৰিৱালে মূল্যবৃদ্ধিৰ অন্যতম কাৰক -বিধায়ক কিনা -বেছা বুলিও অভিহিত কৰিছে৷ চৰকাৰে এফালে পুঁজিপতি সকলৰ ঋণ মাফ কৰিছে৷ আনফালে ঘাটি পূৰণ কৰিছে জি এছ টি আৰু মূল্যবৃদ্ধিৰ ধনেৰে৷ কেজৰিৱালৰ এই তথ্য ভাৰতৰ এক অশনি ভৱিষ্যতৰ প্ৰতিচ্ছবি দাঙি ধৰিছে৷ সময় থাকোঁতেই বিৰোধী সক্ৰিয় হ’বৰ হ’ল৷ বি জে পি দলৰ এনে স্বেচ্ছাচাৰী কাৰ্যৰ প্ৰতিৰোধ নকৰিলে অনাগত দিনত  চৰম দুৰ্ভোগ ভূগিব লাগিব দেশৰ জনতাই৷

ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰ  এখনত দলীয় স্বাৰ্থ পূৰাবলৈ ৰাজহুৱা ধনৰ এনেদৰে অপব্যয় কৰাটো এক দুৰ্ভাগ্যজনক কথা৷ ৰাইজৰ টকাৰ শৰাধ পাতি বিজেপিয়ে উন্নতি কৰাৰ বিপৰীতে এসাঁজ খাই আন এসাঁজলৈ চিন্তা কৰিব লগা হয় এই দেশৰ সাধাৰণ মানুহে৷ এতিয়া প্ৰশ্ন হয়, চৰকাৰখন কাৰ বাবে !

এটা কথা স্পষ্ট হৈ পৰিছে  যে দেশলৈ অৰ্থনৈতিক বিপৰ্যয় কঢ়িয়াই অনাৰ উপৰিও গণতন্ত্ৰলৈয়ো বিপদ কঢ়িয়াই আনিছে বিজেপি দলে৷ ৰাজনীতিৰ নামত বিধায়ক কিনা-বেছা কাৰ্যই উদঙাই দিছে ভাৰতীয় গণতন্ত্ৰৰ প্ৰকৃত প্ৰতিচ্ছবিখন৷ এনে কাৰ্য এতিয়াই প্ৰতিৰোধ নকৰিলে কিছু দিন পিছতেই এটা ৰাজনৈতিক দলৰ বাবেই সমগ্ৰ বিশ্বই আঙুলি টোৱাব ভাৰতীয় গণতন্ত্ৰৰ ওপৰত৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু