--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূ্ৰ্ণ ৰাজ্য উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন শেষ পৰ্যায়ত উপনীত হৈছে। অহা সাত মাৰ্চত সমাপ্ত হ’ব ৰাজ্যখনৰ নিৰ্বাচন। তাৰ তিনিদিনৰ পাছতে অৰ্থাৎ ১০ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব। স্বাভাৱিকতে এই নিৰ্বাচনৰ ফলাফলৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। ২০২৪চনৰ লোকসভা নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে চিহ্নিত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভিতৰত উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ফলাফল বিজেপিৰ বাবে হ’ব সবোতোকৈ গুৰুত্বপূৰ্ণ। কিন্তু দলতকৈও এই নিৰ্বাচন বেছি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাবে। কিয়নো এই নিৰ্বাচনত পৰাজয়ে যোগীৰ ৰাজনৈতিক কেৰিয়াৰত ইতিৰেখা টানিব পাৰে। আনহাতে বিজয়ী হ’লেই তেওঁৰ ৰাজনীতিৰ পৰিসৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰসাৰিত হোৱাৰ সম্ভাৱনা আছে।

যোগীয়ে এই নিৰ্বাচনীত প্ৰায় ২০০টা ৰেলী আৰু ৰোড শ্ব' সম্পূৰ্ণ কৰিব

আজি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজমগড়ৰ আট্ৰাউলিয়াত এক ৰেলীৰে তেওঁৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিছে। এই আসনখনত ভাৰতীয় জনতা পাৰ্টী কেতিয়াও বিজয়ী হ’ব পৰা নাই। প্ৰচাৰৰ অন্তিম দিনটোত পাঁচখন ৰাজহুৱা সভা কৰি মুখ্যমন্ত্ৰী যোগীয়ে এই নিৰ্বাচনীত প্ৰায় ২০০টা ৰেলী আৰু ৰোড শ্ব' সম্পূৰ্ণ কৰিব। যোগীয়ে এই নিৰ্বাচনত প্ৰায় প্ৰতিটো বিধানসভা সমষ্টি ভ্ৰমণ কৰিছে। কিছুমান সমষ্টি এই বছৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাপ আগেয়েই পৰিদৰ্শন কৰিছিল। এইটো যিকোনো মুখ্যমন্ত্ৰীৰ দ্বাৰা কৰা আটাইতকৈ বিস্তৃত প্ৰচাৰ। দলটোৱে এইবাৰ প্ৰচাৰত কেতিয়াও জয়ী নোহোৱা বা অতি কম ব্যৱধানত পৰাজিত হোৱা সমষ্টিবোৰত বিশেষ গুৰু্ত্ব দিছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এজন জ্যেষ্ঠ কৰ্মীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে সমষ্টিসমূহৰ প্ৰাৰ্থী চূড়ান্ত হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে জানুৱাৰীৰ শেষ সপ্তাহৰ পৰা দৈনিক প্ৰায় ৩-৪ টা ৰেলী আৰু ৰোড শ্ব' কৰিছিল। পশ্চিম উত্তৰ প্ৰদেশত কৰা তেওঁৰ "৮০শতাংশ বনাম ২০শতাংশ’ৰ বিভাজনকামী মন্তব্য, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ ওপৰত আক্ৰমণ আৰু মাফিয়াৰ বিৰুদ্ধে "বুলডোজাৰ অভিযান"ৰ উল্লেখৰ জৰিয়তে এই প্ৰচাৰ অভিযানক বিশেষ মাত্ৰা দিব বিচৰা হৈছিল। পূব উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰৰ শেষৰ ফালে, যোগীৰ বাৰ্তা শক্তিশালী ৰূপত উপস্থাপন কৰিবলৈ যোগীৰ ৰেলীৰ স্থানত বুলডজাৰ ৰখাই থোৱাও হৈছিল।

"পৰ আয়েংগে তো যোগী হী...

সমগ্ৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰিছিল যে তেওঁৰ দলে পুনৰ ৩০০ খন আসন অতিক্ৰম কৰিব। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে দলৰ সকলো নেতাৰ মুখতে এই আত্মবিশ্বাস দেখিবলৈ পোৱা হোৱা নাই। কিছুসংখ্যক নেতাই ব্যক্তিগত অভিমত ব্যক্ত কৰি কয় যে বিজেপিয়ে পৰৱৰ্তী চৰকাৰ গঠন কৰিব যদিও সম্ভৱতঃ ২৩০ ৰ পৰা ২৫০ ৰ ভিতৰতে আসনৰ সংখ্যা সীমিত থাকিব। নেচনেল ডেমক্ৰেটিক এলায়েন্সে ২০১৭ চনৰ নিৰ্বাচনত মুঠ ৪০৩ খন আসনৰ ভিতৰত ৩২৫ খন আসন লাভ কৰিছিল আৰু একাধিক বিজেপি নেতাই এইবাপ সেই সংখ্যা হ্ৰাস হ'ব বুলি নিশ্চিত হৈছে। কিন্তু "পৰ আয়েংগে তো যোগী হী... অৰ্থাৎ যোগীয়েই পুনৰ ক্ষমতালৈ ঘূৰি আহিব বুলি তেওঁলোক আশ্বস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে, যোৱা তিনিটা দশকত উত্তৰ প্ৰদেশৰ কোনো শক্তিশালী মুখ্যমন্ত্ৰীয়ে - সেয়া কল্যাণ সিং, ৰাজনাথ সিং, মুলায়ম সিং যাদৱ বা আনকি অখিলেশ যাদৱেই নহওক লাগিলে তেওঁলোকৰ চৰকাৰ দুটা কাৰ্যকালৰ বাবে শাসনত অধিষ্ঠিত কৰি ৰাখিবলৈ সক্ষম হোৱা নাই। যদি যোগী আদিত্যনাথে ব্যতিক্ৰম সাধিবলৈ সক্ষম হয়, তেন্তে ই এক ডাঙৰ কৃতিত্ব হিচাপে চিহ্নিত হ'ব।প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সপ্তাহত এখন নিৰ্বাচনী সভাত এই দিশটো উনুকিয়াই কৈছিল যে যোৱা ৩০-৪০ বছৰত কোনো চৰকাৰে উত্তৰ প্ৰদেশত একেৰাহে দ্বিতীয়বাৰৰ বাবে শাসনত অধিষ্ঠিত হোৱা নাই কিন্তু বিজেপিয়ে সেয়া কৰিবলৈ সাজু হৈছে। বিজেপি নেতৃবৃন্দৰ এই দাবী কিমান সত্য প্ৰমাণিত হয় সেয়া ১০ মাৰ্চত নিশ্চিত হ’ব। কিন্তু যদিবে বিজেপি এইবাৰ ক্ষমতা দখলৰ পৰা বিচ্যুত হয় তেন্তে যোগীৰ ৰাজনৈতিক জীৱন অনিশ্চিত হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক