--°C
Loading...
Listen to Article
2 min read
80%

মোদীৰ আমোলত ম্লান হৈছে সহনশীল গণতন্ত্ৰৰ ভাবমূৰ্তি

ডিজিটেল ডেস্ক : ক্ৰমাৎ নিজৰ গণতান্ত্ৰিক চৰিত্ৰ হেৰুৱাবলৈ আৰম্ভ কৰিছে ভাৰতে। কেন্দ্ৰীয় চৰকাৰে বাৰম্বাৰ নতুন ভাৰত নিৰ্মাণৰ দাবী কৰি আহিছে যদিও এই নতুন ভাৰতৰ বিশ্বৰ সন্মুখত এটা অবাঞ্চিত পৰিচয় গঢ় ল’বলৈ আৰম্ভ কৰিছে। এই পৰিচয় হৈছে এখন স্বেচ্ছাচাৰী বা স্বৈৰতন্ত্ৰী ভাৰতৰ। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বৰ বিজেপি চৰকাৰৰ দিনত দেশৰ গণতান্ত্ৰিক পৰম্পৰা ব্যাহত হৈ পৰাৰ এই ছবিখন আন্তঃৰাষ্ট্ৰীয় মহলতো প্ৰকট হৈ পৰাটো দেশৰ অশুভ লক্ষণ বিবেচিত হৈছে। মন কৰিবলগীয়া যে, বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছতে ভালেমান দমনমূলক সিদ্ধান্ত গ্ৰহণ কৰি দেশৰ গণতান্ত্ৰিক পৰিকাঠামোত আঘাত হানিছিল। জম্মু-কাশ্মীৰৰ পৰা একপক্ষীয় সিদ্ধান্তৰে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ, ৰাজ্যখনৰ মৰ্যাদা হানি কৰা কেন্দ্ৰশাসিত প্ৰদেশলৈ পৰিৱৰ্তন, কাৰ দৰে বিতৰ্কিত আইন বলপূৰ্বভাৱে বলৱৎ কৰা, নাগৰিক সমাজৰ কণ্ঠৰোধ কৰিবলৈ দমনমূলক নীতি বলৱৎ কৰা তথা ইউএপিএৰ দৰে কঠোৰ আইনৰ অধীনত ষড়যন্ত্ৰমূলক গোচৰ জাপি দিয়া, বিভিন্ন ৰাজ্যৰ স্বাধীনতাত হস্তক্ষেপ আৰু বিতৰ্কিত কৃষি আইন গাৰ বলেৰে বলৱৎ কৰা আদিৰ দৰে পদক্ষেপে কেন্দ্ৰৰ দমনমূলক নীতি স্পষ্ট কৰি তুলিছিল। আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় মহলেও ভাৰতৰ নীতি তথা চৰিত্ৰগত এই পৰিৱৰ্তন লক্ষ্য কৰিছে। ভাৰতৰ নিৰ্বাচন বিশ্বজুৰি গণতন্ত্ৰৰ অৱস্থা সম্পৰ্কে ভি-ডেম ইনষ্টিটিউটৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতে এল ছালভাডৰ, তুৰস্ক আৰু হাংগেৰীৰ দৰে দেশৰ সৈতে বিশ্বৰ শীৰ্ষ ১০ খন স্বৈৰাচাৰী দেশৰ তালিকাত স্থান লাভ কৰিছে। যিয়ে এক অশুভ ইংগিত বহন কৰিছে আৰু দেশত গণতন্ত্ৰিক প্ৰমূল্য, গণতন্ত্ৰিক ব্যৱস্থাৰ প্ৰতি সন্মানবোধ হ্ৰাস পোৱাৰ ইংগিত দিছ। প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে, ‘বহুত্ববাদ বিৰোধী দলবোৰে অতি কমেও ছয়জন শীৰ্ষ স্বৈৰাচাৰী দেশত স্বৈৰাচাৰী শাসন চলাই আছে। সেই দেশকেইখন হৈছে ব্ৰাজিল, হাংগেৰী, ভাৰত, পোলেণ্ড, ছাৰ্বিয়া আৰু তুৰস্ক।" ভাৰতৰ নিৰ্বাচন বহুত্ববাদবিৰোধী দল আৰু তেওঁলোকৰ নেতাসকলৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি প্ৰতিশ্ৰুতিৰ অভাৱ, মৌলিক সংখ্যালঘু অধিকাৰক অসন্মান কৰা, ৰাজনৈতিক বিৰোধীসকলক দমন কৰাৰ চেষ্টা কৰা, আৰু ৰাজনৈতিক হিংসাক প্ৰশ্ৰয় দিয়াৰ দৰে দিশবোৰ বিবেচনা কৰি এই তালিকা প্ৰস্তুত কৰা হৈছে। এই শাসকীয় দলবোৰ জাতীয়তাবাদী-প্ৰতিক্ৰিয়াশীল হোৱাৰ প্ৰৱণতা আছে আৰু স্বৈৰাচাৰী কাৰ্যসূচীক আগুৱাই নিয়াৰ বাবে চৰকাৰী ক্ষমতা ব্যৱহাৰ কৰিছে, ‘প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে, ভাৰতৰ নিৰ্বাচনত স্বৈৰতান্ত্ৰিককতাৰ পৰম্পৰা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত আৰম্ভ হোৱাৰ কথা কোৱা হৈছে। দেশত হিন্দুবাদক অধিক প্ৰশ্ৰয় দিয়াৰ পৰম্পৰাই গণতান্ত্ৰিক পৰম্পৰা ব্যাহত কৰাৰ কথা যোৱা বছৰৰ প্ৰতিবেদনতো উল্লেখ কৰা হৈছিল। "নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ ২০১৪ চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক নিৰ্বাচনত জয়লাভ কৰাইছিল আৰু বেছিভাগ অৱনতি বিজেপিৰ বিজয় আৰু তেওঁলোকৰ হিন্দুত্ববাদী কাম-কাজ আৰু প্ৰচাৰৰ পিছত হৈছিল। ২০১৩ চনত  ভাৰতৰ উদাৰ গণতন্ত্ৰিক ব্যৱস্থাৰ সূচকাংক ০.৫৭ হোৱাৰ বিপৰীতে ২০২০ চনৰ শেষৰ ফালে ভাৰতৰ স্তৰ ০.৩৪ লৈ অৱনমিত হৈছিল। উল্লেখ্য যে, শূন্যৰ  পৰা ১ৰ ভিতৰত বিশ্বৰ দেশসমূহৰ  এলডিআই (লিবাৰেল ডেমক্ৰেচী ইণ্ডেক্স] স্কেলত এই হিচাপ কৰা হয়। যোৱা ১০ বছৰত বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতত এই সূচকাংকৰ আটাইতকৈ ব্যাপক পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে বুলি  ভি-ডেমৰ গণতন্ত্ৰ প্ৰতিবেদন ২০২১-ত উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য