--°C
Loading...
Listen to Article
2 min read
80%

মোদীৰ আমোলত ম্লান হৈছে সহনশীল গণতন্ত্ৰৰ ভাবমূৰ্তি

ডিজিটেল ডেস্ক : ক্ৰমাৎ নিজৰ গণতান্ত্ৰিক চৰিত্ৰ হেৰুৱাবলৈ আৰম্ভ কৰিছে ভাৰতে। কেন্দ্ৰীয় চৰকাৰে বাৰম্বাৰ নতুন ভাৰত নিৰ্মাণৰ দাবী কৰি আহিছে যদিও এই নতুন ভাৰতৰ বিশ্বৰ সন্মুখত এটা অবাঞ্চিত পৰিচয় গঢ় ল’বলৈ আৰম্ভ কৰিছে। এই পৰিচয় হৈছে এখন স্বেচ্ছাচাৰী বা স্বৈৰতন্ত্ৰী ভাৰতৰ। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বৰ বিজেপি চৰকাৰৰ দিনত দেশৰ গণতান্ত্ৰিক পৰম্পৰা ব্যাহত হৈ পৰাৰ এই ছবিখন আন্তঃৰাষ্ট্ৰীয় মহলতো প্ৰকট হৈ পৰাটো দেশৰ অশুভ লক্ষণ বিবেচিত হৈছে। মন কৰিবলগীয়া যে, বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছতে ভালেমান দমনমূলক সিদ্ধান্ত গ্ৰহণ কৰি দেশৰ গণতান্ত্ৰিক পৰিকাঠামোত আঘাত হানিছিল। জম্মু-কাশ্মীৰৰ পৰা একপক্ষীয় সিদ্ধান্তৰে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ, ৰাজ্যখনৰ মৰ্যাদা হানি কৰা কেন্দ্ৰশাসিত প্ৰদেশলৈ পৰিৱৰ্তন, কাৰ দৰে বিতৰ্কিত আইন বলপূৰ্বভাৱে বলৱৎ কৰা, নাগৰিক সমাজৰ কণ্ঠৰোধ কৰিবলৈ দমনমূলক নীতি বলৱৎ কৰা তথা ইউএপিএৰ দৰে কঠোৰ আইনৰ অধীনত ষড়যন্ত্ৰমূলক গোচৰ জাপি দিয়া, বিভিন্ন ৰাজ্যৰ স্বাধীনতাত হস্তক্ষেপ আৰু বিতৰ্কিত কৃষি আইন গাৰ বলেৰে বলৱৎ কৰা আদিৰ দৰে পদক্ষেপে কেন্দ্ৰৰ দমনমূলক নীতি স্পষ্ট কৰি তুলিছিল। আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় মহলেও ভাৰতৰ নীতি তথা চৰিত্ৰগত এই পৰিৱৰ্তন লক্ষ্য কৰিছে। ভাৰতৰ নিৰ্বাচন বিশ্বজুৰি গণতন্ত্ৰৰ অৱস্থা সম্পৰ্কে ভি-ডেম ইনষ্টিটিউটৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতে এল ছালভাডৰ, তুৰস্ক আৰু হাংগেৰীৰ দৰে দেশৰ সৈতে বিশ্বৰ শীৰ্ষ ১০ খন স্বৈৰাচাৰী দেশৰ তালিকাত স্থান লাভ কৰিছে। যিয়ে এক অশুভ ইংগিত বহন কৰিছে আৰু দেশত গণতন্ত্ৰিক প্ৰমূল্য, গণতন্ত্ৰিক ব্যৱস্থাৰ প্ৰতি সন্মানবোধ হ্ৰাস পোৱাৰ ইংগিত দিছ। প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে, ‘বহুত্ববাদ বিৰোধী দলবোৰে অতি কমেও ছয়জন শীৰ্ষ স্বৈৰাচাৰী দেশত স্বৈৰাচাৰী শাসন চলাই আছে। সেই দেশকেইখন হৈছে ব্ৰাজিল, হাংগেৰী, ভাৰত, পোলেণ্ড, ছাৰ্বিয়া আৰু তুৰস্ক।" ভাৰতৰ নিৰ্বাচন বহুত্ববাদবিৰোধী দল আৰু তেওঁলোকৰ নেতাসকলৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি প্ৰতিশ্ৰুতিৰ অভাৱ, মৌলিক সংখ্যালঘু অধিকাৰক অসন্মান কৰা, ৰাজনৈতিক বিৰোধীসকলক দমন কৰাৰ চেষ্টা কৰা, আৰু ৰাজনৈতিক হিংসাক প্ৰশ্ৰয় দিয়াৰ দৰে দিশবোৰ বিবেচনা কৰি এই তালিকা প্ৰস্তুত কৰা হৈছে। এই শাসকীয় দলবোৰ জাতীয়তাবাদী-প্ৰতিক্ৰিয়াশীল হোৱাৰ প্ৰৱণতা আছে আৰু স্বৈৰাচাৰী কাৰ্যসূচীক আগুৱাই নিয়াৰ বাবে চৰকাৰী ক্ষমতা ব্যৱহাৰ কৰিছে, ‘প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে, ভাৰতৰ নিৰ্বাচনত স্বৈৰতান্ত্ৰিককতাৰ পৰম্পৰা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত আৰম্ভ হোৱাৰ কথা কোৱা হৈছে। দেশত হিন্দুবাদক অধিক প্ৰশ্ৰয় দিয়াৰ পৰম্পৰাই গণতান্ত্ৰিক পৰম্পৰা ব্যাহত কৰাৰ কথা যোৱা বছৰৰ প্ৰতিবেদনতো উল্লেখ কৰা হৈছিল। "নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ ২০১৪ চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক নিৰ্বাচনত জয়লাভ কৰাইছিল আৰু বেছিভাগ অৱনতি বিজেপিৰ বিজয় আৰু তেওঁলোকৰ হিন্দুত্ববাদী কাম-কাজ আৰু প্ৰচাৰৰ পিছত হৈছিল। ২০১৩ চনত  ভাৰতৰ উদাৰ গণতন্ত্ৰিক ব্যৱস্থাৰ সূচকাংক ০.৫৭ হোৱাৰ বিপৰীতে ২০২০ চনৰ শেষৰ ফালে ভাৰতৰ স্তৰ ০.৩৪ লৈ অৱনমিত হৈছিল। উল্লেখ্য যে, শূন্যৰ  পৰা ১ৰ ভিতৰত বিশ্বৰ দেশসমূহৰ  এলডিআই (লিবাৰেল ডেমক্ৰেচী ইণ্ডেক্স] স্কেলত এই হিচাপ কৰা হয়। যোৱা ১০ বছৰত বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতত এই সূচকাংকৰ আটাইতকৈ ব্যাপক পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে বুলি  ভি-ডেমৰ গণতন্ত্ৰ প্ৰতিবেদন ২০২১-ত উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক