ডিজিটেল ডেস্ক: আহক উভতি যাওঁ ২০১১লৈ৷ তেতিয়া কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰ৷ প্ৰধানমন্ত্ৰী মনমোহন সিং৷ আৰু সেই ইউ.পি.এ. চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈছিল গান্ধীবাদী নেতা আন্না হাজাৰে৷ আৰম্ভ কৰিছিল এণ্টি-কৰাপশ্যন মুভমেণ্ট৷ আৰু আন্নাৰ সেই দুৰ্নীতি বিৰোধী আন্দোলনৰ নিকট সংগী আছিল যোগগুৰু বাবা ৰামদেৱ৷ দেশজুৰি বিয়পি পৰা আন্নাৰ এই আন্দোলনৰ সম্পূৰ্ণ সুযোগ গ্ৰহণত সফল হৈছিল ৰামদেৱ নামৰ যোগগুৰুগৰাকী৷
আন্নাৰ দুৰ্নীতিবিৰোধী আন্দোলনৰ জনপ্ৰিয়তাৰ গইনাৰে দেশজুৰি ৰামদেৱে বিস্তাৰ কৰিছিল নিজৰ ব্যৱসায়িক সাম্ৰাজ্য৷ পতঞ্জলিৰ ব্যৱসায়িক বিস্তৃতিৰ বাবে নিজকে সমৰ্পিত কৰিছিল ৰামদেৱে৷ আৰু বহুলাংশে সফলো হৈছিল ৰামদেৱ৷
সময় বাগৰিল৷ কেন্দ্ৰত চৰকাৰ সলনি হ’ল৷ তাৰ পাছত অৱধাৰিতভাৱেই কেন্দ্ৰৰ বিজেপি চৰকাৰৰ পক্ষত অৱস্থান কৰিলে ৰামদেৱে৷ আৰু পুঁজিবাদপ্ৰিয় চৰকাৰখনৰো নয়নৰ মণি হৈ পৰিল ৰামদেৱ৷ প্ৰধানমন্ত্ৰী মোদীৰ অতি ঘনিষ্ঠ হৈ পৰিল বাবা ৰামদেৱ৷ আৰু ২০১৪ৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী মোদীৰে থকা সুসম্পৰ্কৰ দোহাই দি ৰামদেৱে প্ৰসাৰিত কৰি গ’ল নিজৰ ব্যৱসায়িক ক্ষেত্ৰ৷
যিমানেই ৰামদেৱৰ ব্যৱসায়ে গতি ল’বলৈ আৰম্ভ কৰিলে, সিমানে বিতৰ্কৰ আৱৰ্ততো সোমাবলৈ ল’লে বাবা ৰামদেৱ৷ চন ২০১২৷
বাবা ৰামদেৱৰ পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে নিৰ্মাণ কৰা আধা ডজন খাদ্য সামগ্ৰী ৰাজ্য চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগৰ পৰীক্ষাত বিফল প্ৰমাণিত হয়। জিলা খাদ্য সুৰক্ষা আৰু মানক বিভাগে ২০১২ৰ ১৬ আগষ্টত হৰিদ্বাৰত অৱস্থিত ৰামদেৱ নিৰ্মাণ গোটত অভিযান চলাইছিল আৰু বহুতো সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰিছিল। চৰকাৰী বিভাগে পতঞ্জলি আয়ুৰ্বেদ লিমিটেডক ভুল ব্ৰেণ্ডিং আৰু বিভ্ৰান্তিকৰ বুলি অভিযোগ কৰিছিল।
২০১৬ চন৷ নেষ্টলে ইণ্ডিয়াৰ সৈতেও সংঘাত হৈছিল পতঞ্জলিৰ৷ সেইসময়ত নেষ্টলে ইণ্ডিয়াই কৈছিল, আমি ১০৪ বছৰ ধৰি ভাৰতত আছোঁ৷ আমাৰ কোম্পানীৰ ৯৯.৯% ভাৰতীয়৷ এই দেশত আমাৰ এই ঐতিহ্যৰ বাবে আমি গৌৰৱান্বিত৷ বিভিন্ন বিজ্ঞাপনৰ জৰিয়তে পতঞ্জলিৰ অভিযোগক কোম্পানীটোৱে কেনেদৰে চায় সেই সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত নেষ্টলে ইণ্ডিয়াৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সুৰেশ নাৰায়ণনে কৈছিল, যিদৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আমাক লুণ্ঠন কৰিছিল৷ বহুজাতিক কোম্পানীবোৰে এতিয়াও চাবোন, চেম্পু, টুথপেষ্ট, ক্ৰীম, পাউডাৰ আৰু একেধৰণৰ দৈনন্দিন সামগ্ৰী অত্যধিক মূল্যত বিক্ৰী কৰি একেটা কামকে কৰি আছে।
আৰু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে যোগগুৰু বাবা ৰাম দেৱৰ পতঞ্জলিক এলোপেথিক ঔষধৰ ওপৰত বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে তীব্ৰ ভৰ্ৎসনা কৰিছে। ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে পতঞ্জলিলৈ জাননী জাৰি কৰি কয়, যদি তেওঁলোকৰ সামগ্ৰীৰ বিষয়ে একেধৰণৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ প্ৰচাৰ অব্যাহত থাকে তেন্তে তেওঁলোকে ১ কোটি টকাৰ জৰিমনা ভৰিব পাৰে।
ইয়াৰ লগতে ন্যায়ালয়ে পতঞ্জলি আয়ুৰ্বেদক অনাগত দিনত এনেধৰণৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। সৰ্বোচ্চ ন্যায়ালয়ে কয়, পতঞ্জলিয়ে নিশ্চিত কৰিব লাগে যে সংবাদ মাধ্যমত এনেধৰণৰ বিজ্ঞাপন দিয়াৰ পৰা যাতে প্ৰতিষ্ঠানটো বিৰত থাকে।
আদালতে নিৰ্দেশ দি কয় যে পতঞ্জলি আয়ুৰ্বেদে অনাগত দিনত এনেধৰণৰ কোনো বিজ্ঞাপন প্ৰকাশ নকৰিব আৰু লগতে নিশ্চিত কৰিব যে সংবাদ মাধ্যমত এনেধৰণৰ নৈমিত্তিক বিজ্ঞাপন প্ৰচাৰ নকৰিব৷ ইয়াৰ লগতে, এই বিষয়টোক লৈ ‘এলোপেথি বনাম আয়ুৰ্বেদ’ জাতীয় বিতৰ্ক নকৰিবলৈও কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷
কিয় বাৰে-বাৰে বিতৰ্কত সোমাই পৰে ৰামদেৱ? স্বদেশপ্ৰেমৰ মাৰ্কেটিং কৰি নিজৰ ব্যৱসায়িক সাম্ৰাজ্যৰ বিস্তাৰ ঘটোৱা ৰামদেৱক উচ্চতম ন্যায়ালয়ে কৰা ভৰ্ৎসনাই বহু দিশ উন্মোচন কৰিছে৷ বিজেপিশাসিত ৰাজ্যত অতি কৌশলেৰে ভূমি অধিগ্ৰহণৰো অভিযোগ আছে ৰামদেৱৰ বিৰুদ্ধে৷ শেহতীয়াকৈ অসমত পাম খেতিৰ বাবে ভূমি দিয়া হৈছে ৰামদেৱক৷ আৰু অতি শেহতীয়াকৈ অসমৰ চাহৰো মাৰ্কেটিং কৰিবলৈ দিয়া হৈছে পতঞ্জলিক৷ যিটো বিষয়ে ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত৷